Every question from the Assamese Literature Optional papers of UPSC Mains 2022, placed in its syllabus unit and checked against all questions asked from 2013 to 2021. See what was familiar, what came back and what was new.
Other years:
What stood out in 2022
- More marks than usual: সাহিত্য-সমালোচনা আৰু সাহিত্যৰ ৰূপ (90 marks, against an average of 76).
- Fewer marks than usual: অসমীয়া সাহিত্যৰ ইতিহাস (102 marks, against an average of 122).
- One question came from topics that were new or had not been asked for six years or more.
Which units got the marks in 2022
Marks asked from each unit in 2022 (dark bar) against its average for 2013–2021 (grey bar).
Paper I
| Unit | 2022 | Average 2013–21 |
|---|---|---|
| ভাষা | 208 | 202 |
| সাহিত্য-সমালোচনা আৰু সাহিত্যৰ ৰূপ | 90 | 76 |
| অসমীয়া সাহিত্যৰ ইতিহাস | 102 | 122 |
Paper II
| Unit | 2022 | Average 2013–21 |
|---|---|---|
| খণ্ড ক: প্ৰাচীন আৰু বৈষ্ণৱ সাহিত্য | 200 | 201 |
| খণ্ড খ: আধুনিক সাহিত্য | 200 | 199 |
A question that fits two units is split equally between them.
Paper I
Q1a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: অসমীয়া ভাষাৰ উদ্ভৱৰ কাল নিৰ্ণয় কৰি ইয়াৰ বিকাশৰ গতিধাৰা সম্পৰ্কে বিৱৰি লিখাঁ । (10 marks)
Q1b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: চৰিত পুথিৰ গদ্য সম্পৰ্কে এটি আলোচনা আগবঢ়োৱাঁ । (10 marks)
Q1c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: অসমীয়া ভাষাৰ স্বৰধ্বনি (Vowel phonemes) কেইটা আৰু কি কি? উচ্চাৰণৰ স্থান আৰু উচ্চাৰণৰ ধৰণ অনুযায়ী স্বৰধ্বনিসমূহৰ তালিকা প্ৰস্তুত কৰি দেখুওৱাঁ । (10 marks)
Q1d. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: অসমীয়া ভাষাৰ প্ৰধান উপভাষা কেইটা আৰু কি কি? ড০ বাণীকান্ত কাকতিয়ে উল্লেখ কৰা অনুসৰি ইয়াৰ সংক্ষিপ্ত বিৱৰণ দাঙি ধৰাঁ । (10 marks)
Q1e. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: অসমীয়া লিপিৰ ইতিহাসৰ এক ৰূপৰেখা দাঙি ধৰাঁ । (10 marks)
Q2a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: কামৰূপী উপভাষা আৰু গোৱালপৰীয়া উপভাষাৰ ভৌগোলিক ক্ষেত্ৰ নিৰূপণ কৰি প্ৰত্যেকৰে পাঁচোটাকৈ ভাষাগত বৈশিষ্ট্য নিৰূপণ কৰাঁ । (20 marks)
Q2b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া ভাষাৰ ক্ৰিয়ামূল (Verb root) বা ধাতুৰ উৎস বিচাৰ কৰি এটি প্ৰবন্ধ যুগুত কৰাঁ । (15 marks)
Q2c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া শব্দ-সম্ভাৰৰ অন্তৰ্গত তৎসম, অৰ্ধতৎসম আৰু তদ্ভৱ শব্দৰ প্ৰয়োগ উদাহৰণৰ সৈতে লিখাঁ । (15 marks)
Q3a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া গদ্যৰ ইতিহাসত শঙ্কৰোত্তৰ কালৰ গদ্যৰ অৱদানৰ বিষয়ে বিৱৰি লিখাঁ । (20 marks)
Q3b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ সূত্ৰ নিৰ্ণয় কৰি যি কোনো দহটা প্ৰত্যয়ৰ প্ৰয়োগ দেখুওৱাঁ । (15 marks)
Q3c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া ব্যঞ্জনধ্বনি (Consonant phonemes) কেইটা আৰু কি কি? যি কোনো পাঁচোটাৰ আদি আৰু মধ্য স্থানত হোৱা প্ৰয়োগ দেখুওৱাঁ । (15 marks)
Q4a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া ব্ৰজাৱলী বা ব্ৰজবুলি ভাষাৰ বৈশিষ্ট্যসমূহ নিৰ্ণয় কৰি ইয়াৰ ৰচনাৰ কাল সম্পৰ্কে আলোচনা কৰাঁ । (20 marks)
Q4b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: বুৰঞ্জী সাহিত্যৰ ৰচনাকাল নিৰ্ণয় কৰি ইয়াৰ গদ্যৰ এক চমু আলোচনা আগবঢ়োৱাঁ । (15 marks)
Q4c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: আহোম যুগৰ অসমীয়া লিপি সম্পৰ্কে বিৱৰি লিখাঁ । (15 marks)
Q5a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: অসমীয়া সমালোচনা সাহিত্যৰ এক সংক্ষিপ্ত বিৱৰণ দাঙি ধৰাঁ । (10 marks)
Q5b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: অসমীয়া সমালোচনা সাহিত্যৰ ইতিহাসত বাণীকান্ত কাকতিৰ স্থান নিৰ্ণয় কৰি চমু আলোচনা আগবঢ়োৱাঁ । (10 marks)
Q5c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: প্ৰাক্-শঙ্কৰী যুগৰ যি কোনো এজন কবিৰ কাব্য-প্ৰতিভাৰ আভাস দাঙি ধৰাঁ । (10 marks)
Q5d. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: আধুনিক অসমীয়া কাব্য-সাহিত্যৰ যি কোনো এজন কবিৰ কাব্যকৃতিৰ পৰ্যালোচনা কৰাঁ । (10 marks)
Q5e. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: নাটকৰ পঞ্চসন্ধি বুলিলে কি বুজা, বিৱৰি লিখাঁ । (10 marks)
Q6a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অঙ্কীয়া নাটৰ প্ৰধান বৈশিষ্ট্যকেইটা কি কি, উদাহৰণৰ সৈতে লিখাঁ । (20 marks)
Q6b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘চৰ্যাপদ’ৰ ৰচনাকাল সম্পৰ্কে উল্লেখ কৰি ইয়াৰ ভাষাৰ বৈশিষ্ট্য নিৰূপণ কৰাঁ । (15 marks)
Q6c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘আৱাহন যুগ’ৰ তিনিজন গল্পকাৰৰ গল্পৰ চমু আলোচনা আগবঢ়োৱাঁ । (15 marks)
Q7a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: শঙ্কৰোত্তৰ যুগৰ ব্যৱহাৰিক জ্ঞানশাস্ত্ৰমূলক সাহিত্যৰ বিষয়ে ফঁহিয়াই আলোচনা কৰাঁ । (20 marks)
Q7b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘সমালোচনা সাহিত্যৰ তত্ত্ব আৰু প্ৰয়োগৰ ক্ষেত্ৰত পশ্চিমীয়া সাহিত্যৰ প্ৰভাৱ’–এই বিষয়ে এক আলোচনা যুগুত কৰাঁ । (15 marks)
Q7c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘অসমীয়া শিশুসাহিত্যলৈ বেজবৰুৱাৰ অৱদান’–এই বিষয়ে এক আলোচনা দাঙি ধৰাঁ । (15 marks)
Q8a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া উপন্যাসৰ ইতিহাস বিচাৰ কৰি এটি আলোচনা যুগুত কৰাঁ । (20 marks)
Q8b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: সমালোচনা সাহিত্যৰ উদ্দেশ্য আৰু স্বৰূপ সম্পৰ্কে আলোচনা কৰাঁ । (15 marks)
Q8c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘অৰুণোদয় যুগ’ৰ অসমীয়া সাহিত্যই কেনেধৰণৰ পৰিৱৰ্তন আৰু নতুনত্ব কঢ়িয়াই আনিলে, বিৱৰি লিখাঁ । (15 marks)
Paper II
Q1a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: মাধৱ কন্দলিৰ ৰামায়ণৰ ‘অযোধ্যাকাণ্ড’ৰ আধাৰত ৰামচন্দ্ৰৰ অভিষেকৰ বাবে সজাই তোলা অযোধ্যাৰ বৰ্ণনা কৰি এটা টোকা লিখাঁ । (10 marks)
Q1b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: ‘কীৰ্ত্তন-ঘোষা’ৰ ‘ৰাসক্ৰীড়া’ অধ্যায়ত কি কি ৰসৰ সমাৱেশ হৈছে, উদাহৰণসহ আলোচনা কৰাঁ । (10 marks)
Q1c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: মাধৱদেৱৰ বৰগীতত বাৎসল্য প্ৰেম সম্পৰ্কে এটি নিবন্ধ লিখাঁ । (10 marks)
Q1d. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: ‘কথা-ভাগৱত’ৰ তোমাৰ নিৰ্বাচিত পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ মাহাত্ম্য কিদৰে ফুটি উঠিছে, নিজৰ ভাষাত বৰ্ণনা কৰাঁ । (10 marks)
Q1e. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: ‘গুৰু-চৰিত-কথা’ত শংকৰদেৱৰ জন্ম আৰু বাল্যকালছোৱা কিদৰে অংকন কৰা হৈছে, এটি আলোচনা যুগুতোৱাঁ । (10 marks)
Q2a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: শ্ৰীমন্ত শংকৰদেৱৰ ‘পাৰিজাত হৰণ’ নাটৰ মুখ্য নাৰী চৰিত্ৰসমূহৰ মাজত কিদৰে স্বভাৱৰ বৈপৰীত্য আৰু সমধৰ্মিতা প্ৰকাশ পাইছে, আলোচনা কৰাঁ । (20 marks)
Q2b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: “ৰাজসূয়ৰ ভাষা প্ৰাঞ্জল অসমীয়া আৰু সংস্কৃতিৰ পৰিচায়ক । পদৰ লালিত্য, অলংকাৰৰ মাধুৰ্য্য, ভাৱৰ গাম্ভীৰ্য্য, চিত্ৰৰ সৌন্দৰ্য্য আৰু ভক্তিৰ প্ৰাচুৰ্য্যই ইয়াক বাস্তৱিকতে মনোৰম কৰিছে ।” উক্তিষাৰৰ তাৎপৰ্য বিচাৰ কৰাঁ । (15 marks)
Q2c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘গুৰু-চৰিত-কথা’ৰ গদ্য-ৰীতিৰ বৈশিষ্ট্যসমূহৰ এটি সম্যক আভাস দিয়াঁ । (15 marks)
Q3a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: “ধাতু মুদ্ৰা এটিৰ এফালে ৰজাৰ চাব আৰু আনফালে মুদ্ৰাটিৰ বেচফেৰীৰ উল্লেখ থকাৰ দৰে গীতবোৰতো এফালে পৰমপুৰুষৰ মানৱী লীলাৰ ব্যক্তিত্বৰ চাব আৰু ভক্তৰ ভাষাত সেই চাবখিনিৰ মূল্যৰ ইংগিত আছে ।” মাধৱদেৱৰ বৰগীতৰ প্ৰসংগত কথাষাৰৰ যথাৰ্থতা নিৰূপণ কৰাঁ । (20 marks)
Q3b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: মাধৱ কন্দলিৰ ‘অযোধ্যাকাণ্ড’ত প্ৰতিফলিত হোৱা তদানীন্তন অসমীয়া সমাজ-জীৱনৰ এটি আভাস দিয়াঁ । (15 marks)
Q3c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘পাৰিজাত হৰণ’ নাটৰ নাৰদ চৰিত্ৰটো অৱতাৰণা কৰাত শংকৰদেৱৰ নাট্য-প্ৰতিভা কিদৰে পৰিস্ফুট হৈছে, ব্যাখ্যা কৰাঁ । (15 marks)
Q4a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: “দৈনন্দিন কথ্যভাষাক ভট্টদেৱে গ্ৰহণ কৰা নাই । কথ্যভাষাৰে এটা সাধু আৰু গম্ভীৰ ৰূপ গদ্যত ব্যৱহাৰ কৰিছে ।” এই উক্তিৰ আধাৰত ভট্টদেৱৰ গদ্যৰীতি সম্পৰ্কে এটি নিবন্ধ লিখাঁ । (20 marks)
Q4b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘ৰাসক্ৰীড়া’ অধ্যায়ৰ কাব্যিক সৌন্দৰ্য বিশ্লেষণ কৰাঁ । (15 marks)
Q4c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: মাধৱদেৱৰ ‘ৰাজসূয়’ কাব্যখনৰ বিষয়বস্তু কি? কাব্যখনত ভক্তিৰস কিদৰে প্ৰতিফলিত হৈছে, বিচাৰ কৰাঁ । (15 marks)
Q5a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: ‘মোৰ জীৱন সোঁৱৰণ’ৰ প্ৰথম ভাগৰ প্ৰথম অধ্যায়ত তদানীন্তন সমাজৰ বাস্তৱ ছবি কিদৰে প্ৰকাশ পাইছে, আলোচনা কৰাঁ । (10 marks)
Q5b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: “ ‘জীৱনৰ বাটত’ উপন্যাসৰ পুৰুষ চৰিত্ৰৰ তুলনাত নাৰী চৰিত্ৰবোৰ অধিক উজ্জ্বল, অধিক গতিশীল আৰু প্ৰাণস্পন্দনশীল ।” মন্তব্যটিৰ আধাৰত উপন্যাসখনত তগৰৰ স্থান নিৰূপণ কৰাঁ । (10 marks)
Q5c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: ‘সম্ৰাট’ কবিতাত আধুনিকতাবাদী ধাৰণা কিদৰে প্ৰতিফলিত হৈছে, বিশ্লেষণ কৰাঁ । (10 marks)
Q5d. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: ‘কাৰেঙৰ লিগিৰী’ নাটকৰ সংলাপ সম্পৰ্কে এটি টোকা লিখাঁ । (10 marks)
Q5e. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ অহিংস আৰু সশস্ত্ৰ স্বৰূপ দুটি ‘মৃত্যুঞ্জয়’ উপন্যাসৰ মাজেৰে কিদৰে ফুটি উঠিছে, এটি আভাস দিয়াঁ । (10 marks)
Q6a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: আত্মজীৱনীৰ মূল বৈশিষ্ট্যসমূহ কি কি? আত্মজীৱনী হিচাপে লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মোৰ জীৱন সোঁৱৰণ’ৰ সাৰ্থকতা বিচাৰ কৰাঁ । (20 marks)
Q6b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া ৰমণ্যাসিক কবিতাৰ ধাৰাত চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘প্ৰতিমা’ৰ স্থান নিৰূপণ কৰাঁ । (15 marks)
Q6c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: পদ্মনাথ গোহাঞিবৰুৱাই ‘গাঁওবুঢ়া’ নাটকত কিদৰে গাঁৱলীয়া জীৱনৰ নিখুঁত পৰিবেশ ৰচনাত দক্ষতা দেখুৱাইছে, এটি আলোচনা আগবঢ়োৱাঁ । (15 marks)
Q7a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘জীৱনৰ বাটত’ উপন্যাসখনৰ মাজেৰে প্ৰকাশ পোৱা অসমৰ লোক-সংস্কৃতি সম্পৰ্কে এটি নিবন্ধ যুগুতোৱাঁ । (20 marks)
Q7b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: “বেজবৰুৱাই তেওঁৰ ব্যংগাত্মক নিবন্ধসমূহৰ মাজেৰে অসমীয়া জাতি আৰু সমাজখনলৈ কিছুমান দৰকাৰী উপদেশ আৰু পৰামৰ্শ আগবঢ়াইছিল ।” এই উপদেশ আৰু পৰামৰ্শসমূহ কেনেধৰণৰ আছিল, ‘কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা’ৰ আধাৰত বিশ্লেষণ কৰাঁ । (15 marks)
Q7c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ৰজনীকান্ত বৰদলৈয়ে উপন্যাস ৰচনাৰ ক্ষেত্ৰত বুৰঞ্জী-প্ৰসিদ্ধ ঘটনাৱলীক পটভূমি হিচাপে লোৱাৰ মূল কাৰণ কি কি আছিল বুলি তুমি ভাবা? বুৰঞ্জীমূলক উপন্যাস হিচাপে ‘মনোমতী’ৰ এটি আলোচনা যুগুত কৰাঁ । (15 marks)
Q8a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: নৱকান্ত বৰুৱাৰ কবিতাৰ বিশেষত্বসমূহ উল্লেখ কৰি ‘সম্ৰাট’ কবিতাটোৰ বিষয়বস্তু তোমাৰ ভাষাত বহলাই লিখাঁ । (20 marks)
Q8b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: “ ‘কাৰেঙৰ লিগিৰী’ নাটকখনৰ কাহিনী বিকাশত সংঘাতে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ।” মন্তব্যটোৰ আধাৰত নাটকখনৰ মাজেৰে প্ৰতিফলিত হোৱা সংঘাতৰ বিভিন্ন স্বৰূপৰ বিশ্লেষণ কৰাঁ । (15 marks)
Q8c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘পুৰণি অসমীয়া সাহিত্য’ পুথিখনৰ অন্তৰ্গত ‘বধ-কাব্য’ শীৰ্ষক নিবন্ধত বধ-কাব্যসমূহক য়ুৰোপীয় সাহিত্যৰ ৰোমাঞ্চ কাব্যবোৰৰ দৰে সাম্যভাব প্ৰৱৰ্তনৰ চেষ্টাৰ পৰা উদ্ভূত বুলি কিয় কোৱা হৈছে, আলোচনা কৰাঁ । (15 marks)
Spotted something wrong?
If a question is in the wrong unit or a match looks wrong, please report an error.
Related: Overall Assamese Literature PYQ analysis · Year-wise question papers · Topic-wise PYQs

