Every question from the Assamese Literature Optional papers of UPSC Mains 2024, placed in its syllabus unit and checked against all questions asked from 2013 to 2023. See what was familiar, what came back and what was new.
Other years:
What stood out in 2024
- More marks than usual: সাহিত্য-সমালোচনা আৰু সাহিত্যৰ ৰূপ (135 marks, against an average of 77).
- Fewer marks than usual: অসমীয়া সাহিত্যৰ ইতিহাস (65 marks, against an average of 120).
- One question was a close repeat of an earlier paper: Q8c (Paper I), first seen in 2019.
- Every question came from a topic UPSC had asked recently.
Which units got the marks in 2024
Marks asked from each unit in 2024 (dark bar) against its average for 2013–2023 (grey bar).
Paper I
| Unit | 2024 | Average 2013–23 |
|---|---|---|
| ভাষা | 200 | 203 |
| সাহিত্য-সমালোচনা আৰু সাহিত্যৰ ৰূপ | 135 | 77 |
| অসমীয়া সাহিত্যৰ ইতিহাস | 65 | 120 |
Paper II
| Unit | 2024 | Average 2013–23 |
|---|---|---|
| খণ্ড ক: প্ৰাচীন আৰু বৈষ্ণৱ সাহিত্য | 200 | 201 |
| খণ্ড খ: আধুনিক সাহিত্য | 200 | 199 |
A question that fits two units is split equally between them.
Paper I
Q1a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: ভাৰতীয় আৰ্যভাষাত অসমীয়া ভাষাৰ স্থান নিৰ্ধাৰণ কৰাঁ । (10 marks)
Q1b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: অসমীয়া শব্দসম্ভাৰত বিদেশীমূলীয় শব্দসম্ভাৰৰ স্থান উদাহৰণসহ নিৰ্ণয় কৰাঁ । (10 marks)
Q1c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: বুৰঞ্জীৰ গদ্য সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰাঁ । (10 marks)
Q1d. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: কামৰূপীয়া উপভাষাৰ ধ্বনিগত বৈশিষ্ট্যসমূহৰ বিষয়ে এটি আলোচনা যুগুতোৱাঁ । (10 marks)
Q1e. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: গড়গঞা, বামুণীয়া আৰু কাইথেলী লিপিৰ বিষয়ে একোটাকৈ চমু টোকা প্ৰস্তুত কৰাঁ । (10 marks)
Q2a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া ভাষাৰ বিকাশত পালি, প্ৰাকৃত, অপভ্ৰংশ স্তৰসমূহৰ বিস্তৃতভাৱে আলোচনা কৰাঁ । (20 marks)
Q2b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া গদ্য-সাহিত্যৰ জনক হিচাপে ভট্টদেৱৰ গদ্যৰ বিশ্লেষণ কৰাঁ । (15 marks)
Q2c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া লিপিৰ সৈতে ব্ৰাহ্মী আৰু কুটিল লিপিৰ সম্পৰ্ক বিচাৰ কৰাঁ । (15 marks)
Q3a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া ভাষাত বিশিষ্ট ব্যঞ্জনধ্বনি কেইটা? উচ্চাৰণৰ স্থান আৰু ধৰণ অনুযায়ী ব্যঞ্জনধ্বনিসমূহৰ এখন তালিকা প্ৰস্তুত কৰি সিহঁতৰ প্ৰয়োগ উদাহৰণসহ দেখুওৱাঁ । (20 marks)
Q3b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: কামৰূপীয়া উপভাষাৰ মান্য অসমীয়া ভাষাৰ লগত থকা মিল-অমিলসমূহ উদাহৰণসহ আলোচনা কৰাঁ । (15 marks)
Q3c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: নিৰ্দিষ্টতাবাচক প্ৰত্যয় আৰু বহুবচনাত্মক প্ৰত্যয় বুলিলে কি বুজা? অসমীয়া ভাষাত এই দুয়ো ধৰণৰ প্ৰত্যয়ৰ প্ৰয়োগ সম্পৰ্কে উদাহৰণসহ বুজাই লিখাঁ । (15 marks)
Q4a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: “অসমীয়া ভাষাৰ শব্দ-ভাণ্ডাৰ বুলিলে এক ব্যাপক ক্ষেত্ৰ বুজায় ।” এই কথাষাৰৰ প্ৰাসংগিকতা উদাহৰণসহ বিশ্লেষণ কৰাঁ । (20 marks)
Q4b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: শব্দ-বিভক্তিৰ বিষয়ে এটি পৰিচয়মূলক টোকা লিখাঁ । (15 marks)
Q4c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া ধ্বনি বিজ্ঞানত দ্বিস্বৰ আৰু শ্ৰুতিধ্বনিৰ ভূমিকা নিৰূপণ কৰাঁ । (15 marks)
Q5a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: “সাহিত্য সমালোচনাৰ এটি উল্লেখনীয় দিশ হৈছে পঢ়ুৱৈৰ ৰুচিবোধৰ সংস্কাৰসাধন বা এই ক্ষেত্ৰত নতুন উপলব্ধি বা ধাৰণাৰ উদ্ৰেককৰণ ।” কথাষাৰ ব্যাখ্যা কৰাঁ । (10 marks)
Q5b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: চৰ্যাপদৰ বিষয়বস্তু সম্পৰ্কে এটি আভাস দিয়াঁ । (10 marks)
Q5c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: নাটকৰ সংলাপ-বিষয়ক এটি টোকা যুগুতোৱাঁ । (10 marks)
Q5d. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: প্ৰকৃতিক বিষয়বস্তু হিচাপে লৈ কাব্যচৰ্চা কৰা যি কোনো এগৰাকী ৰোমাণ্টিক কবিৰ কাব্য-কৃতিৰ বিষয়ে আলোচনা কৰাঁ । (10 marks)
Q5e. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: পুৰণি অসমীয়া সাহিত্যৰ সমালোচক হিচাপে বাণীকান্ত কাকতিৰ অৱদান-বিষয়ক এটি নিবন্ধ প্ৰস্তুত কৰাঁ । (10 marks)
Q6a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া উপন্যাসৰ বিকাশৰ বিভিন্ন স্তৰসমূহৰ এটি পৰ্যালোচনা দাঙি ধৰাঁ । (20 marks)
Q6b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: আধুনিক অসমীয়া ভাষা-সাহিত্যলৈ খৃষ্টান মিশ্যনেৰীসকলৰ অৱদান সম্পৰ্কে আলোচনা কৰাঁ । (15 marks)
Q6c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: জীৱনী-সাহিত্যৰ বিষয়ে এটি পৰ্যালোচনা আগবঢ়োৱাঁ । (15 marks)
Q7a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া নাট্য-সাহিত্যৰ সমালোচনাত সমালোচক সত্যেন্দ্ৰ নাথ শৰ্মাৰ স্থান নিৰ্ধাৰণ কৰাঁ । (20 marks)
Q7b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: “সমালোচকসকলে সাহিত্য কৰ্মক নিজৰ মনৰ মাজত পুনৰ-নিৰ্মাণ কৰে ।” কথাষাৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰাঁ । (15 marks)
Q7c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: আধুনিক অসমীয়া কাব্য-সাহিত্যত পাশ্চাত্য প্ৰভাৱ সম্পৰ্কে এটি নিবন্ধ লিখাঁ । (15 marks)
Q8a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: চুটিগল্পৰ সংজ্ঞা নিৰূপণ কৰি ইয়াৰ বৈশিষ্ট্যসমূহ বহলাই আলোচনা কৰাঁ । (20 marks)
Q8b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: মাধৱদেৱে ৰচনা কৰা গীতসমূহৰ সাহিত্যিক সৌন্দৰ্য বিচাৰ কৰাঁ। (15 marks)
Q8c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: আৱাহন যুগৰ চুটিগল্পৰ বৈশিষ্ট্যসমূহ নিৰূপণ কৰাঁ । (15 marks)
Paper II
Q1a. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ: ‘পাৰিজাত হৰণ’ নাটখনৰ কাহিনীভাগৰ মূল উৎস কি? উৎস গ্ৰহণ কৰি ৰচনা কৰিলেও নাটখনত নাট্যকাৰ শংকৰদেৱে কেনেদৰে মৌলিক চিন্তা তথা সৃজনী-প্ৰতিভাৰ ৰহণ সানিছিল? (10 marks)
Q1b. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ: ‘অযোধ্যাকাণ্ড’ৰ আধাৰত মাধৱ কন্দলিৰ অনুবাদৰীতিৰ বিষয়ে আলোচনা কৰাঁ । (10 marks)
Q1c. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ: ‘গুৰু-চৰিত-কথা’ত মানৱ শংকৰদেৱৰ চৰিত্ৰত কেনেদৰে দৈৱত্ব আৰোপ কৰা হৈছে, উদাহৰণসহ আলোচনা কৰাঁ । (10 marks)
Q1d. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ: মাধৱদেৱৰ লীলাপ্ৰধান বৰগীতসমূহত কৃষ্ণৰ চৰিত্ৰটো কেনেদৰে উপস্থাপন কৰা হৈছে? (10 marks)
Q1e. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ: “ ‘কথা-ভাগৱত’ৰ শব্দসম্ভাৰত সংস্কৃতীয়া শব্দৰ প্ৰয়োগেই অধিক”–কথাষাৰৰ সত্যাসত্য নিৰূপণ কৰি এটি প্ৰৱন্ধ যুগুত কৰাঁ । (10 marks)
Q2a. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতৰ আধাৰত বৰগীতৰ প্ৰধান বৈশিষ্ট্যসমূহ বিশ্লেষণ কৰি এটা নিৱন্ধ যুগুত কৰাঁ । (20 marks)
Q2b. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ৰাজসূয় যজ্ঞ কোনে, ক’ত আয়োজন কৰিছিল? এই যজ্ঞৰ নিমন্ত্ৰণ পাই দ্বাৰকাধিপতি কৃষ্ণই সগোত্ৰে-সবান্ধৱে কেনেদৰে যাত্ৰা কৰিছিল? (15 marks)
Q2c. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: কন্দলিৰ ৰামায়ণৰ ‘অযোধ্যাকাণ্ড’ৰ আলমত সীতা আৰু লক্ষ্মণ সহিতে ৰাম বনবাসলৈ যোৱাৰ সময়খিনি বৰ্ণনা কৰাঁ । (15 marks)
Q3a. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: অংকীয়া নাটৰ বৈশিষ্ট্যসমূহ ‘পাৰিজাত হৰণ’ নাটখনত কেনেদৰে প্ৰকাশ পাইছে, উপযুক্ত উদাহৰণসহ আলোচনা কৰাঁ । (20 marks)
Q3b. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘কীৰ্ত্তন-ঘোষা’ৰ ‘ৰাসক্ৰীড়া’ অধ্যায়ত শৃংগাৰ ৰস আৰু ভক্তিৰস কেনেদৰে সংপৃক্ত হৈ আৰু অৱশেষত ভক্তিৰসে কেনেদৰে আধিপত্য বিস্তাৰ কৰিছে, বিচাৰ কৰাঁ । (15 marks)
Q3c. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: মাধৱদেৱৰ ‘ৰাজসূয় কাব্য’ৰ ভাষাৰ লালিত্যৰ বিষয়ে কাব্যখনৰ পৰা উদ্ধৃতি দাঙি ধৰি লিখাঁ । (15 marks)
Q4a. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘কথা-ভাগৱত’ৰ প্ৰথম দুটা স্কন্ধৰ আধাৰত বৈকুণ্ঠনাথ ভট্টাচাৰ্যৰ গদ্যৰীতি বিষয়ে এটি আলচ যুগুত কৰাঁ । (20 marks)
Q4b. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: বৃন্দাবনৰ যমুনাতটত কৃষ্ণ আৰু গোপীসকলৰ মাজত ‘ৰাসক্ৰীড়া’ সংঘটিত হোৱা পূৰ্ণচন্দ্ৰৰ নিশাটো বৰ্ণনা কৰাঁ । (15 marks)
Q4c. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: মধ্যযুগীয় অসমীয়া সাহিত্যৰ অন্যতম সম্পদ চৰিত পুথিবোৰৰ কিছুমান আছিল ছন্দোবদ্ধ আৰু কিছুমান আছিল গদ্যত ৰচিত । গদ্যত ৰচিত ‘গুৰু-চৰিত-কথা’ৰ আধাৰত চৰিত পুথিৰ গদ্যৰ সাধাৰণ বৈশিষ্ট্যসমূহ আলোচনা কৰাঁ । (15 marks)
Q5a. তলত দিয়া প্ৰশ্নবোৰৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ: লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ আত্মজীৱনী ‘মোৰ জীৱন সোঁৱৰণ’ত নিজকে ‘ভূমিষ্ঠ নহৈ নৌকাস্থ হোৱা’ বুলি উল্লেখ কৰি নিজৰ জন্মৰ সময়চোৱা বৰ্ণনা কৰিছে । এই সময়চোৱাৰ কথাখিনি তোমাৰ নিজৰ ভাষাত বৰ্ণনা কৰাঁ । (10 marks)
Q5b. তলত দিয়া প্ৰশ্নবোৰৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ: চন্দ্ৰকুমাৰ আগৰৱালাৰ কাব্যপুথি ‘প্ৰতিমা’ৰ বিষয়ে বেজবৰুৱাই “প্ৰতিমাখনি সৰু, কিন্তু নিভাঁজ সোণৰ” বুলি কৰা মন্তব্যটোৰ তাৎপৰ্য বিচাৰ কৰাঁ । (10 marks)
Q5c. তলত দিয়া প্ৰশ্নবোৰৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ: ৰজনীকান্ত বৰদলৈৰ ‘মনোমতী’ উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰটো বিশ্লেষণ কৰাঁ । (10 marks)
Q5d. তলত দিয়া প্ৰশ্নবোৰৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ: লক্ষ্মীনাথ বেজবৰুৱাই কৃপাবৰ বৰুৱা ছদ্মনামেৰে লিখা ব্যংগাত্মক ৰচনাসমূহৰ বিষয়ে এটি পৰিচয়মূলক টোকা লিখাঁ । (10 marks)
Q5e. তলত দিয়া প্ৰশ্নবোৰৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ: পদ্মনাথ গোহাঞিবৰুৱাৰ ‘গাঁওবুঢ়া’ নাটকখনৰ চৰিত্ৰসমূহৰ মুখত দিয়া সংলাপৰ বিষয়ে আলোচনা কৰাঁ । (10 marks)
Q6a. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘সম্ৰাট’ কবিতাটোত উল্লেখ থকা ‘জৰদ্গৱ অন্ধ সম্ৰাট’জন কোন? কবিতাটোত এই সম্ৰাটজনৰ মনস্তত্ত্ব কেনেকৈ প্ৰকাশ পাইছে? (20 marks)
Q6b. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘কাৰেঙৰ লিগিৰী’ নাটকখনৰ মূল পুৰুষ চৰিত্ৰকেইটা বিশ্লেষণ কৰাঁ । (15 marks)
Q6c. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: বাণীকান্ত কাকতিৰ ‘পুৰণি অসমীয়া সাহিত্য’ৰ অন্তৰ্গত প্ৰৱন্ধৰাজিৰ অন্তৰ্গত বধকাব্য শীৰ্ষক প্ৰৱন্ধটোত কাকতিয়ে অসমীয়া সাহিত্যৰ অনুপম সম্পদ বধকাব্যসমূহৰ বিশ্লেষণ কেনেদৰে উপস্থাপন কৰিছে, বিৱৰি লিখাঁ । (15 marks)
Q7a. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: “কেঁচা বৰলক জোকাই ল’লে গা সাৰিবলৈ টান”–‘মৃত্যুঞ্জয়’ উপন্যাসৰ আৰম্ভণিৰ এই প্ৰথম বাক্যটো কোনে, কাক কৈছিল? এই বাক্যটোৰ পটভূমিৰ ৰাজনৈতিক পৰিৱেশটো উপন্যাসখনত কেনেদৰে বৰ্ণিত হৈছে, আলোচনা কৰাঁ । (20 marks)
Q7b. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘জীৱনৰ বাটত’ উপন্যাসত ঔপন্যাসিক বীণা বৰুৱাই প্ৰয়োগ কৰা ভাষাৰীতি সম্পৰ্কে এটি আলচ প্ৰস্তুত কৰাঁ । (15 marks)
Q7c. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: “চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘প্ৰতিমা’ আৰু নৱকান্ত বৰুৱাৰ ‘সম্ৰাট’ কবিতাই ৰোমাণ্টিক আৰু আধুনিক কবিতাক প্ৰতিনিধিত্ব কৰে ।” কথাষাৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰি এটি তুলনামূলক আলোচনা আগবঢ়োৱাঁ । (15 marks)
Q8a. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: “ৰজনীকান্ত বৰদলৈৰ ‘মনোমতী’ উপন্যাসৰ পটভূমি ঐতিহাসিক হ’লেও সামাজিক জীৱন প্ৰৱাহৰ চিত্ৰ তাত সুন্দৰকৈ চিত্ৰিত হোৱা দেখা যায় ।” কথাষাৰ বিশ্লেষণ কৰাঁ । (20 marks)
Q8b. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘মৃত্যুঞ্জয়’ উপন্যাসৰ যি কোনো দুটা মুখ্য চৰিত্ৰ বিশ্লেষণ কৰি এটি নিৱন্ধ যুগুত কৰাঁ । (15 marks)
Q8c. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: বায়নৰ ল’ৰা ভোগমনে গাঁওবুঢ়াৰ পদবী পোৱাৰ পাছত ঘৰে-বাহিৰে যি দুৰ্দশাৰ সন্মুখীন হৈছিল সেয়া পদ্মনাথ গোহাঞিবৰুৱাই কেনেদৰে বৰ্ণনা কৰিছে সেয়া তোমাৰ ভাষাত লিখাঁ । (15 marks)
Spotted something wrong?
If a question is in the wrong unit or a match looks wrong, please report an error.
Related: Overall Assamese Literature PYQ analysis · Year-wise question papers · Topic-wise PYQs

