Every question from the Assamese Literature Optional papers of UPSC Mains 2025, placed in its syllabus unit and checked against all questions asked from 2013 to 2024. See what was familiar, what came back and what was new.
Other years:
What stood out in 2025
- More marks than usual: অসমীয়া সাহিত্যৰ ইতিহাস (145 marks, against an average of 114); খণ্ড খ: আধুনিক সাহিত্য (210 marks, against an average of 199).
- Fewer marks than usual: সাহিত্য-সমালোচনা আৰু সাহিত্যৰ ৰূপ (55 marks, against an average of 83); খণ্ড ক: প্ৰাচীন আৰু বৈষ্ণৱ সাহিত্য (190 marks, against an average of 201).
- 18 questions were close repeats of an earlier paper: Q1a (Paper II), first seen in 2017; Q1b (Paper II), first seen in 2014; Q1c (Paper II), first seen in 2017; Q1d (Paper II), first seen in 2017; Q1e (Paper II), first seen in 2017; Q2b (Paper II), first seen in 2017; Q2c (Paper II), first seen in 2017; Q4b (Paper II), first seen in 2017; Q5a (Paper II), first seen in 2017; Q5b (Paper II), first seen in 2016; Q5c (Paper II), first seen in 2017; Q5e (Paper II), first seen in 2017; Q6b (Paper II), first seen in 2017; Q6c (Paper II), first seen in 2017; Q7a (Paper II), first seen in 2017; Q7b (Paper II), first seen in 2020; Q8b (Paper II), first seen in 2017; Q8c (Paper II), first seen in 2018.
- 3 questions came from topics that were new or had not been asked for six years or more.
Which units got the marks in 2025
Marks asked from each unit in 2025 (dark bar) against its average for 2013–2024 (grey bar).
Paper I
| Unit | 2025 | Average 2013–24 |
|---|---|---|
| ভাষা | 200 | 203 |
| সাহিত্য-সমালোচনা আৰু সাহিত্যৰ ৰূপ | 55 | 83 |
| অসমীয়া সাহিত্যৰ ইতিহাস | 145 | 114 |
Paper II
| Unit | 2025 | Average 2013–24 |
|---|---|---|
| খণ্ড ক: প্ৰাচীন আৰু বৈষ্ণৱ সাহিত্য | 190 | 201 |
| খণ্ড খ: আধুনিক সাহিত্য | 210 | 199 |
A question that fits two units is split equally between them.
Paper I
Q1a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: মূল ইণ্ডো-য়ুৰোপীয় ভাষা-পৰিয়ালৰ পৰা কিদৰে অসমীয়া ভাষাৰ উদ্ভৱ হৈছিল, আলোচনা কৰাঁ । (10 marks)
Q1b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: মান্য অসমীয়া হিচাপে স্বীকৃত ভাষাটোৰ লগত কামৰূপী উপভাষাৰ শব্দসম্ভাৰ আৰু বাক্যগঠনৰ দিশ সামৰি এটি আলচ যুগুতোৱাঁ । (10 marks)
Q1c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: অসমীয়া ভাষাত অনাৰ্যমূলীয় শব্দৰ প্ৰভাৱ তথা প্ৰয়োগৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰাঁ । (10 marks)
Q1d. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: অসমীয়া ভাষাৰ স্বৰধ্বনিসমূহৰ বৈশিষ্ট্য আৰু ব্যৱহাৰ সন্দৰ্ভত এটি নিবন্ধ যুগুতোৱাঁ । (10 marks)
Q1e. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: ত্ৰয়োদশ শতিকাৰ পৰা ঊনবিংশ শতিকালৈ অসমীয়া লিপিৰ বিকাশৰ বুৰঞ্জী বিচাৰ কৰাঁ । (10 marks)
Q2a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: চৰ্যাপদৰ সময়ৰ পৰা শংকৰদেৱৰ সময়লৈকে অসমীয়া ভাষাৰ বিকাশৰ ধাৰাটো আলোচনা কৰাঁ । (20 marks)
Q2b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অঞ্চলভেদে অসমীয়া ভাষাৰ প্ৰধান ৰূপসমূহৰ বিষয়ে লিখাঁ । (15 marks)
Q2c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘কথা-গীতা’ আৰু ‘কথা-ভাগৱত’ৰ আধাৰত ৰচোঁতাৰ গদ্যৰীতিৰ বিচাৰ কৰাঁ । (15 marks)
Q3a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া ভাষাৰ ৰূপতাত্ত্বিক দিশৰ প্ৰধান বৈশিষ্ট্যসমূহ উপযুক্ত উদাহৰণেৰে সৈতে আলোচনা কৰাঁ । (20 marks)
Q3b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: বুৰঞ্জী আৰু চৰিতপুথিৰ গদ্যশৈলীৰ এটি তুলনামূলক নিবন্ধ যুগুত কৰাঁ । (15 marks)
Q3c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া ব্যঞ্জনবৰ্ণসমূহৰ বিষয়ে এটি পৰিচয়মূলক টোকা লিখি তাৰে যি কোনো পাঁচোটা বৰ্ণৰ শব্দৰ আদি, মধ্য আৰু অন্ত্য স্থানত হোৱা প্ৰয়োগ দেখুওৱাঁ । (15 marks)
Q4a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: কিছুমান সংস্কৃত শব্দ কোনো পৰিৱৰ্তন নোহোৱাকৈ অসমীয়া ভাষাত ব্যৱহৃত হয় আৰু কিছুমান পালি-প্ৰাকৃত-অপভ্ৰংশৰ স্তৰবোৰৰ মাজেৰে আহি পৰিৱৰ্তিত ৰূপত অসমীয়া ভাষাত ব্যৱহৃত হয় । এনে ধৰণৰ শব্দবোৰৰ বিষয়ে খৰচি মাৰি আলোচনা কৰাঁ । (20 marks)
Q4b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া ভাষাত নিৰ্দিষ্টতাবাচক প্ৰত্যয় আৰু স্ত্ৰী প্ৰত্যয়ৰ প্ৰয়োগ কৰি কিধৰণে শব্দৰ গঠন কৰা হয়, বিশদভাৱে লিখাঁ । (15 marks)
Q4c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: “অসমীয়া লিপিৰ উৎপত্তি আৰু বিকাশৰ লগত ভাৰতীয় লিপিৰ ইতিহাস ঘনিষ্ঠভাৱে জড়িত ।” এই উক্তিটোৰ সত্যাসত্য নিৰূপণ কৰাঁ । (15 marks)
Q5a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: অসমীয়া সাহিত্যৰ যুগবিভাজন কেনেদৰে কৰিব পৰা যায়, আনুমানিক সময়সীমাৰ উল্লিখনসহ আলোচনা কৰাঁ । (10 marks)
Q5b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: অসমীয়া সাহিত্যৰ সমালোচনাৰ ধাৰাটোৰ বিষয়ে লিখাঁ । (10 marks)
Q5c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: অংকীয়া নাট আৰু ঝুমুৰাৰ বিষয়ে এটি তুলনাত্মক আলচ যুগুত কৰাঁ । (10 marks)
Q5d. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: অসমীয়া ৰোমাণ্টিক কবিতাৰ অংকুৰণ ক’ত, কেনেদৰে ঘটিছিল সেই বিষয়ে লিখাঁ । (10 marks)
Q5e. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: চৰ্যাপদসমূহ কোনে, কেতিয়া, কেনেকৈ, ক’ৰ পৰা উদ্ধাৰ কৰি আনি প্ৰকাশ কৰিছিল? এই পদসমূহৰ বিশেষত্বৰ বিষয়ে লিখাঁ । (10 marks)
Q6a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া উপন্যাস, কবিতা, ভ্ৰমণকাহিনী, অনুবাদ আদি সাহিত্যৰ বিভিন্ন দিশত আধুনিকতাৰ আধাৰশিলা স্থাপন কৰাত ‘অৰুণোদই’-ৰ ভূমিকা বিচাৰ কৰাঁ । (20 marks)
Q6b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ গ্ৰন্থ হিচাপে মহেশ্বৰ নেওগৰ ‘অসমীয়া সাহিত্যৰ ৰূপৰেখা’ৰ বিষয়ে এটি সমালোচনাত্মক নিবন্ধ যুগুত কৰাঁ । (15 marks)
Q6c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলিলে কাক কাক বুজোৱা হয়? অসমীয়া সাহিত্যলৈ এই ত্ৰিমূৰ্তিৰ অৱদানৰ বিষয়ে লিখাঁ । (15 marks)
Q7a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জীত আলোচনীভিত্তিক প্ৰধান যুগকেইটাৰ বিষয়ে এটি নিবন্ধ প্ৰস্তুত কৰাঁ । (20 marks)
Q7b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া সাহিত্যত সমালোচক হিচাপে সত্যেন্দ্ৰনাথ শৰ্মাৰ স্থান নিৰূপণ কৰাঁ । (15 marks)
Q7c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া নাটকৰ ইতিহাসৰ মাইলৰ খুঁটিস্বৰূপ নাটকৰ উদাহৰণ দাঙি ধৰি নাটকৰ বিষয়ে এটি আলোচনা আগবঢ়োৱাঁ । (15 marks)
Q8a. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘শংকৰ-পূৰ্ব যুগৰ অসমীয়া সাহিত্য’ শীৰ্ষক এটি প্ৰবন্ধ প্ৰস্তুত কৰাঁ । (20 marks)
Q8b. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: আৱাহন যুগৰ প্ৰধান গল্পকাৰকেইজনৰ গল্পৰ আধাৰত সেই যুগৰ গল্পৰ বিষয়বস্তু আৰু আংগিক বিশ্লেষণ কৰাঁ । (15 marks)
Q8c. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া উপন্যাসৰ আদিৰে পৰা বৰ্তমানলৈকে নাৰী চৰিত্ৰ কিদৰে উপস্থাপন কৰা হৈছে সেই সন্দৰ্ভত আলোচনা কৰাঁ । (15 marks)
Paper II
Q1a. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ: মাধৱ কন্দলিৰ ‘ৰামায়ণ’ৰ ‘অযোধ্যা কাণ্ড’ত ৰামৰ অভিষেকৰ বতৰা পোৱাৰ পিছত মন্থৰাই কৈকেয়ীক কেনেদৰে কুমন্ত্ৰণা দিছিল, বিৱৰি লিখাঁ । (10 marks)
Q1b. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ: “ ‘পাৰিজাত হৰণ’ নাটত ৰুক্মিণীক এগৰাকী সৰ্বগুণসম্পন্না নাৰীৰূপে চিত্ৰিত কৰা হৈছে ।” এই কথাষাৰৰ যথাৰ্থতা বিচাৰ কৰাঁ । (10 marks)
Q1c. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ: “শৃঙ্গাৰ ৰসে যাৰ আছে ৰতি ।
আকে শুনি হোক নিৰ্ম্মল মতি॥”
‘কীৰ্ত্তন-ঘোষা’ৰ ‘ৰাসক্ৰীড়া’ অধ্যায়ত শ্ৰীমন্ত শংকৰদেৱে উক্ত পদ দুফাঁকি সন্নিৱিষ্ট কৰাৰ কাৰণসমূহ বিশ্লেষণ কৰাঁ । (10 marks)
Q1d. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ: “বাৎসল্য প্ৰেম মাধৱদেৱৰ ভক্ত জীৱনৰ সৰ্বহ ।” মাধৱদেৱৰ বৰগীতৰ আধাৰত এই কথাষাৰৰ তাৎপৰ্য বিশ্লেষণ কৰাঁ । (10 marks)
Q1e. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ: ‘কথা-ভাগৱত’ৰ আধাৰত কবিৰত্ন বৈকুণ্ঠনাথ ভট্টাচাৰ্য্যৰ গদ্যৰীতিৰ প্ৰধান বিশেষত্বসমূহ চমুকৈ লিখাঁ । (10 marks)
Q2a. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘গুৰুচৰিত-কথা’ত সমকালীন অসমৰ ধৰ্মীয় জীৱনৰ চিত্ৰ কেনেদৰে প্ৰতিফলিত হৈছে, সেই বিষয়ে মহাপুৰুষ শংকৰদেৱৰ জীৱন-বৃত্তৰ আধাৰত বিশ্লেষণ কৰাঁ । (20 marks)
Q2b. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘ৰাজসূয়’ কাব্যখনৰ মাজেৰে মাধৱদেৱৰ কবিত্ব শক্তিৰ পৰিচয় কেনেদৰে ফুটি ওলাইছে, আলোচনা কৰাঁ । (15 marks)
Q2c. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: মাতৃ কৌশল্যাৰ বুজনি যুক্তিৰে খণ্ডন কৰি ৰামে বনলৈ যাবলৈ প্ৰস্তুত হোৱাৰ সময়ত কৌশল্যাই কিৰূপে পুত্ৰক আশীৰ্বাদ দিছিল, ‘অযোধ্যা কাণ্ড’ৰ আলমত বৰ্ণনা কৰাঁ । (15 marks)
Q3a. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: “বৰগীতবোৰ ওখ নৈতিক আৰু আধ্যাত্মিক ভাৱৰ ওপৰত প্ৰতিষ্ঠিত ।” বাণীকান্ত কাকতিয়ে উত্থাপন কৰা উক্ত কথাষাৰৰ আলমত বৰগীতৰ বিষয়বস্তু সম্পৰ্কে আলোচনা কৰাঁ । (20 marks)
Q3b. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘কথা-ভাগৱত’ৰ দ্বিতীয় স্কন্ধত হৰিভক্তিৰ মহিমা কিদৰে অভিব্যক্ত হৈছে, তোমাৰ ভাষাৰে বৰ্ণনা কৰাঁ। (15 marks)
Q3c. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘কীৰ্ত্তন-ঘোষা’ৰ ‘ৰাসক্ৰীড়া’ অধ্যায়ত বৰ্ণিত গোপীসকলৰ কৃষ্ণপ্ৰেমৰ তাৎপৰ্য বিচাৰ কৰাঁ । (15 marks)
Q4a. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘পাৰিজাত ফুল’ক কেন্দ্ৰ কৰি শংকৰদেৱৰ ‘পাৰিজাত হৰণ’ নাটখনৰ বিষয়বস্তুৱে কেনেদৰে বিকাশ লাভ কৰিছে, আলোচনা কৰাঁ । (20 marks)
Q4b. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘ৰাজসূয়’ কাব্যত ক’ত, কেনেদৰে একশৰণ ভক্তিৰ প্ৰকাশ ঘটিছে, উদাহৰণসহ আলোচনা কৰাঁ । (15 marks)
Q4c. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘চৰিত তোলা প্ৰথা’ৰ সংজ্ঞা দাঙি ধৰি মধ্যযুগত চৰিত-সাহিত্যৰ বিস্তৃতিৰ ক্ষেত্ৰত বিভিন্ন সত্ৰ অনুষ্ঠানৰ ভূমিকা সম্পৰ্কে বৰ্ণনা কৰাঁ । (15 marks)
Q5a. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ: বেজবৰুৱাই ‘মোৰ জীৱন সোঁৱৰণ’ত বৰপেটাৰ কোনকেইটা স্মৃতিৰ বিষয়ে লিপিবদ্ধ কৰিছে, তোমাৰ ভাষাৰে লিখাঁ । (10 marks)
Q5b. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ: ‘প্ৰতিমা’ কাব্যপুথিৰ মাজেৰে কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিপ্ৰতিভা কেনেদৰে ফুটি উঠিছে, লিখাঁ । (10 marks)
Q5c. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ: জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘কাৰেঙৰ লিগিৰী’ নাটকৰ সুন্দৰ কোঁৱৰ চৰিত্ৰটিৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ বিচাৰ কৰাঁ । (10 marks)
Q5d. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ: ‘মৃত্যুঞ্জয়’ উপন্যাসৰ মাজেৰে সমকালীন অসমীয়া সমাজ-জীৱনৰ প্ৰতিচ্ছবি কেনেদৰে পৰিস্ফুট হৈছে, আলোচনা কৰাঁ । (10 marks)
Q5e. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ: নৱকান্ত বৰুৱাৰ ‘সম্ৰাট’ কবিতাটিত দৃষ্টিহীন সম্ৰাটৰ মানসিক গ্লানিৰ চিত্ৰ কেনেদৰে ফুটি উঠিছে, বিশ্লেষণ কৰাঁ । (10 marks)
Q6a. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘জীৱনৰ বাটত’ উপন্যাসখনত অসমীয়া নিম্ন মধ্যবিত্ত শ্ৰেণীৰ ৰূপায়ণৰ লগতে পাৰিবাৰিক জীৱনৰ প্ৰাত্যহিক চিত্ৰাঙ্কনত ঔপন্যাসিকৰ দক্ষতা কেনেদৰে প্ৰকাশ পাইছে, আলোচনা কৰাঁ । (20 marks)
Q6b. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘গাঁওবুঢ়া’ নাটকত ভোগমন গাঁওবুঢ়াৰ জীৱনৰ কাৰুণ্য আৰু দুৰ্দশাৰ ছবি কেনেদৰে ৰূপায়িত হৈছে, বিৱৰি লিখাঁ । (15 marks)
Q6c. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ত বিমল হাস্যৰস আৰু তীব্ৰ ব্যঙ্গই কেনেদৰে সহাৱস্থান কৰিছে, বুজাই লিখাঁ । (15 marks)
Q7a. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘মনোমতী’ উপন্যাসত মানৰ আক্ৰমণৰ চিত্ৰ কেনেদৰে প্ৰতিফলিত হৈছে, আলোচনা কৰাঁ । (20 marks)
Q7b. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: লক্ষ্মীনাথ বেজবৰুৱাৰ কৃপাবৰী ৰচনাসমূহৰ অন্তৰ্নিহিত উদ্দেশ্য আৰু তাৎপৰ্য বিশ্লেষণ কৰাঁ । (15 marks)
Q7c. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: নৱকান্ত বৰুৱাৰ কবিতাত আধুনিক কবিতাৰ কি কি বৈশিষ্ট্য প্ৰকাশ পাইছে, তোমাৰ পাঠ্যৰ আধাৰত বিচাৰ কৰাঁ । (15 marks)
Q8a. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: “নামঘোষাত প্ৰধানতঃ তিনিটা ভাবৰ ধাৰা মিহলি হৈ বিশাল আনন্দ সাগৰৰ ফালে প্ৰৱাহমান হৈছে পুণ্য-শ্লোক শঙ্কৰ-স্মৃতি, মাধৱদেৱৰ আত্ম-লঘিমা আৰু কৃষ্ণ-ভক্তি-মাহাত্ম্য ।” বাণীকান্ত কাকতিৰ পুৰণি অসমীয়া সাহিত্যৰ অন্তৰ্গত ‘নামঘোষা’ প্ৰবন্ধৰ আলমত উক্ত কথাফাঁকি বিচাৰ কৰাঁ । (20 marks)
Q8b. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘কাৰেঙৰ লিগিৰী’ নাটকৰ শেৱালি চৰিত্ৰটিৰ আত্মত্যাগৰ মাজেদি প্ৰেমৰ মহত্ত্ব কেনেদৰে প্ৰকাশ পাইছে, বিচাৰ কৰাঁ । (15 marks)
Q8c. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ ‘মৃত্যুঞ্জয়’ উপন্যাসৰ নাৰী চৰিত্ৰকেইটিৰ বিষয়ে এটি বিশ্লেষণ আগবঢ়োৱাঁ । (15 marks)
Spotted something wrong?
If a question is in the wrong unit or a match looks wrong, please report an error.
Related: Overall Assamese Literature PYQ analysis · Year-wise question papers · Topic-wise PYQs

