Here are all 203 questions on খণ্ড খ: আধুনিক সাহিত্য asked in UPSC Assamese Literature Optional Paper II (2009–2026), arranged under the 10 topics of this unit. Within each topic the latest questions come first.
Each question ends with a code such as [2024/15m/3b] – the year, the marks, the word limit (where UPSC set one) and the question number in the paper.

2.1] লক্ষ্মীনাথ বেজবৰুৱা – ‘মোৰ জীৱন সোঁৱৰণ’
18 questions
তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: ‘মোৰ জীৱন সোঁৱৰণ’ৰ আধাৰত বেজবৰুৱাৰ জন্মস্থান আৰু জন্ম তাৰিখ সম্বন্ধে আলোচনা কৰাঁ । [2026/10m/5a]
তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ: বেজবৰুৱাই ‘মোৰ জীৱন সোঁৱৰণ’ত বৰপেটাৰ কোনকেইটা স্মৃতিৰ বিষয়ে লিপিবদ্ধ কৰিছে, তোমাৰ ভাষাৰে লিখাঁ । [2025/10m/5a]
তলত দিয়া প্ৰশ্নবোৰৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ: লক্ষ্মীনাথ বেজবৰুৱাই তেওঁৰ আত্মজীৱনী ‘মোৰ জীৱন সোঁৱৰণ’ত নিজকে ‘ভূমিষ্ঠ নহৈ নৌকাস্থ হোৱা’ বুলি উল্লেখ কৰি নিজৰ জন্মৰ সময়চোৱা বৰ্ণনা কৰিছে । এই সময়চোৱাৰ কথাখিনি তোমাৰ নিজৰ ভাষাত বৰ্ণনা কৰাঁ । [2024/10m/5a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: ‘মোৰ জীৱন সোঁৱৰণ’ৰ প্ৰথম ভাগৰ প্ৰথম অধ্যায়ত তদানীন্তন সমাজৰ বাস্তৱ ছবি কিদৰে প্ৰকাশ পাইছে, আলোচনা কৰাঁ । [2022/10m/5a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: আত্মজীৱনীৰ মূল বৈশিষ্ট্যসমূহ কি কি? আত্মজীৱনী হিচাপে লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মোৰ জীৱন সোঁৱৰণ’ৰ সাৰ্থকতা বিচাৰ কৰাঁ । [2022/20m/6a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত হ’ব লাগিব: ‘মোৰ জীৱন সোঁৱৰণ’ৰ আধাৰত বেজবৰুৱাই পিতৃৰ সৈতে নামনিৰ পৰা উজনিলৈ কৰা নৌকাযাত্ৰাৰ অভিজ্ঞতাৰ বৰ্ণনা কৰাঁ। [2020/10m/5a]
তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখা: বেজবৰুৱাই ‘মোৰ জীৱন সোঁৱৰণ’ত লখীমপুৰৰ স্মৃতি বৰ্ণনা কৰোঁতে সিদ্ধেশ্বৰ সোণাৰি আৰু দুৰ্গেশ্বৰ শৰ্মাৰ বিষয়ে উল্লেখ কৰা কথাখিনিৰ আভাস দিয়া। [2019/10m/5a]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা: বেজবৰুৱাই ‘মোৰ জীৱন সোঁৱৰণ’ত তেজপুৰৰ কি চাৰিটা কথা মনত থকা বুলি উল্লেখ কৰিছে দাঙি ধৰা আৰু তেওঁলোকে ভাত খাওঁতে মজিয়াত অনুষ্ঠিত সভাখনৰ বৰ্ণনা দিয়া। [2019/20m/8a]
তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ: লক্ষ্মীনাথ বেজবৰুৱাক ভূমিষ্ঠ নহৈ কিয় নৌকাস্থ হোৱা বুলি কোৱা হয়, ব্যাখ্যা কৰাঁ। লগতে তেওঁৰ নামটো কিয় লক্ষ্মীনাথ হ’ল তাৰ কাৰণটোও লিখাঁ। [2018/10m/5c]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: আত্মজীৱনীৰ বৈশিষ্ট্যসমূহ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মোৰ জীৱন সোঁৱৰণ’ত কিমানখিনি প্ৰতিফলিত হৈছে, বিচাৰ কৰাঁ। [2018/15m/6b]
তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখা: বেজবৰুৱাই ‘মোৰ জীৱন সোঁৱৰণ’ত বৰপেটাৰ কোনকেইটা স্মৃতিৰ বিষয়ে লিপিবদ্ধ কৰিছে, তোমাৰ ভাষাৰে লিখা। [2017/10m/5a]
তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিব: বেজবৰুৱাৰ ‘মোৰ জীৱন সোঁৱৰণ’ ত তেওঁ শৈশৱ জীৱনৰ কথা কিদৰে বৰ্ণাইছে আলোচনা কৰাঁ । [2016/10m/5a]
তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিব: লক্ষ্মীনাথ বেজবৰুৱাই গুৱাহাটীৰ পৰা শিৱসাগৰলৈ নৌকাৰে যোৱাৰ সময়ত লাভ কৰা অভিজ্ঞতাৰ আভাস দিয়া। [2015/10m/5a]
তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘মোৰ জীৱন সোঁৱৰণ’ত বেজবৰুৱাৰ জন্ম-বিৱৰণ কিদৰে উপস্থাপিত হৈছে, তোমাৰ ভাষাত লিখাঁ। [2014/10m/5a]
তলৰ প্ৰশ্ন দুটাৰ চমু কিন্তু মূল বিষয় নিৰ্দেশ কৰি উত্তৰ লিখাঁ: শিৱসাগৰ আৰু কলিকতাত পাৰ কৰা বেজবৰুৱাৰ শিক্ষা জীৱনৰ বিষয়ে ‘মোৰ জীৱন সোঁৱৰণ’ৰ আলমত বৰ্ণনা কৰাঁ । [2013/25m/7a]
তলৰ পাঁচোটা প্ৰশ্নৰ উত্তৰ সংক্ষেপে লিখা । প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত হ’ব লাগিব: লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মোৰ জীৱন সোঁৱৰণ’ত বৰ্ণিত তেওঁৰ শৈশৱৰ দৈনিক ঘৰুৱা কাৰ্যসূচীৰ পৰিচয় দিয়া । [2012/12m/5a]
তলৰ প্ৰশ্ন দুটাৰ চমু কিন্তু যথাযোগ্য উত্তৰ লিখা: লক্ষ্মীনাথ বেজবৰুৱাৰ ‘মোৰ জীৱন সোঁৱৰণ’ত ‘জোনাকী’ত তেওঁৰ সাহিত্য-জীৱন কেনেকৈ আৰম্ভ হৈছিল আৰু বিকশিত হৈছিল, সেই বিষয়ে এটি টোকা প্ৰস্তুত কৰা । [2012/30m/8b]
তলৰ যি কোনো তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 200 (দুশ) শব্দৰ ভিতৰত লিখিবাঁ: বেজবৰুৱাৰ ‘মোৰ জীৱন সোঁৱৰণ’ৰ আধাৰত দীননাথ বেজবৰুৱাৰ দিনত থকা পৰিয়ালৰ দৈনিক জীৱন-যাত্ৰাৰ পৰিচয় দাঙি ধৰাঁ । [2010/20m/5a]
2.2] লক্ষ্মীনাথ বেজবৰুৱা – ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’
16 questions
তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ শীৰ্ষক সংকলনটোৰ মূল বিশেষত্ব কি কি সেই বিষয়ে এটি বিশ্লেষণাত্মক ব্যাখ্যা আগবঢ়োৱাঁ । [2026/10m/5b]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া সমাজ-জীৱন আৰু মানুহৰ বিভিন্ন দিশৰ নিৰ্মোহ সমালোচনা ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ৰ জৰিয়তে কিদৰে প্ৰকাশ পাইছে, বিচাৰ কৰাঁ । [2026/15m/8c]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ত বিমল হাস্যৰস আৰু তীব্ৰ ব্যঙ্গই কেনেদৰে সহাৱস্থান কৰিছে, বুজাই লিখাঁ । [2025/15m/6c]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: লক্ষ্মীনাথ বেজবৰুৱাৰ কৃপাবৰী ৰচনাসমূহৰ অন্তৰ্নিহিত উদ্দেশ্য আৰু তাৎপৰ্য বিশ্লেষণ কৰাঁ । [2025/15m/7b]
তলত দিয়া প্ৰশ্নবোৰৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ: লক্ষ্মীনাথ বেজবৰুৱাই কৃপাবৰ বৰুৱা ছদ্মনামেৰে লিখা ব্যংগাত্মক ৰচনাসমূহৰ বিষয়ে এটি পৰিচয়মূলক টোকা লিখাঁ । [2024/10m/5d]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: “বেজবৰুৱাই তেওঁৰ ব্যংগাত্মক নিবন্ধসমূহৰ মাজেৰে অসমীয়া জাতি আৰু সমাজখনলৈ কিছুমান দৰকাৰী উপদেশ আৰু পৰামৰ্শ আগবঢ়াইছিল ।” এই উপদেশ আৰু পৰামৰ্শসমূহ কেনেধৰণৰ আছিল, ‘কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা’ৰ আধাৰত বিশ্লেষণ কৰাঁ । [2022/15m/7b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ৰ কোনটো কাহিনীয়ে তোমাক মোহিত কৰিছে আৰু কিয়? [2020/15m/6c]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা: বেজবৰুৱাৰ ‘কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা’ গ্ৰন্থখনক হাস্য-ব্যঙ্গ সাহিত্য হিচাপে বিচাৰ কৰি এটি নিবন্ধ যুগুত কৰা। [2019/15m/6b]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: বেজবৰুৱাই ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ৰ যোগেদি অসমীয়া মানুহ আৰু অসমীয়া সমাজৰ দোষ-ত্ৰুটীবোৰ কেনেদৰে উদঙাই দিছে, উদাহৰণসহ দেখুৱাই দিয়াঁ। [2018/15m/7b]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ কৰা: ‘কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা’ত বিমল হাস্যৰস আৰু তীব্ৰ ব্যঙ্গই কেনেদৰে সহাৱস্থান কৰিছে, বুজাই লিখা। [2017/15m/7b]
তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা’ ত ফুটি উঠা হাস্য-ব্যঙ্গৰ ছৱিখন বিৱৰি লিখাঁ । [2016/10m/5b]
তলৰ তিনিটা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: কৃপাবৰ বৰুৱাৰ ‘কাকতৰ টোপোলা’ৰ কোনটো কাহিনীয়ে তোমাক বিশেষভাৱে আকৰ্ষিত কৰিছে, লিখা। [2015/20m/6a]
তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ত ব্যঙ্গৰ মাজেৰে অসমীয়া সমাজ-সংস্কাৰৰ কোনবোৰ দিশত আলোকপাত কৰিছিল, লিখাঁ। [2014/10m/5b]
তলৰ প্ৰশ্ন দুটাৰ চমু কিন্তু মূল বিষয়-নিৰ্দেশক উত্তৰ লিখাঁ: ‘কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা’ৰ ‘সামাজিক’ নামৰ ৰচনাখনিৰ মূল ভাব বিশ্লেষণ কৰাঁ । [2013/25m/6b]
তলৰ চাৰিটা প্ৰশ্নৰ উত্তৰ সংক্ষেপে লিখা । প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত হ’ব লাগিব: কৃপাবৰ বৰুৱাই কাক প্ৰতিনিধিত্ব কৰিছে যেন লাগে? ‘কৃপাবৰী’ ব্যঙ্গৰ বিষয়ে চমুকৈ লিখা । [2011/15m/5a]
তলৰ যি কোনো তিনিটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 200 (দুইশ) শব্দৰ ভিতৰত লিখিবাঁ: কৃপাবৰ বৰুৱাই ‘কাকতৰ টোপোলা’ত কিদৰে হাস্যৰস সৃষ্টি কৰিছে, উদাহৰণসহ বুজাই লিখাঁ । [2009/20m/5c]
2.3] চন্দ্ৰকুমাৰ আগৰৱালা – ‘প্ৰতিমা’
17 questions
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: “ ‘প্ৰতিমা’ৰ প্ৰায় সকলোবোৰ কবিতাৰ মাজেদি এক মানৱীয়বাদৰ স্পষ্ট ধ্বনি শুনা যায় ।” উক্তিষাৰৰ যথাৰ্থতা ব্যাখ্যা কৰাঁ । [2026/15m/6c]
তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ: ‘প্ৰতিমা’ কাব্যপুথিৰ মাজেৰে কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিপ্ৰতিভা কেনেদৰে ফুটি উঠিছে, লিখাঁ । [2025/10m/5b]
তলত দিয়া প্ৰশ্নবোৰৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ: চন্দ্ৰকুমাৰ আগৰৱালাৰ কাব্যপুথি ‘প্ৰতিমা’ৰ বিষয়ে বেজবৰুৱাই “প্ৰতিমাখনি সৰু, কিন্তু নিভাঁজ সোণৰ” বুলি কৰা মন্তব্যটোৰ তাৎপৰ্য বিচাৰ কৰাঁ । [2024/10m/5b]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: “চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘প্ৰতিমা’ আৰু নৱকান্ত বৰুৱাৰ ‘সম্ৰাট’ কবিতাই ৰোমাণ্টিক আৰু আধুনিক কবিতাক প্ৰতিনিধিত্ব কৰে ।” কথাষাৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰি এটি তুলনামূলক আলোচনা আগবঢ়োৱাঁ । [2024/15m/7c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া ৰমণ্যাসিক কবিতাৰ ধাৰাত চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘প্ৰতিমা’ৰ স্থান নিৰূপণ কৰাঁ । [2022/15m/6b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘প্ৰতিমা’ কবিতাটিৰ বৈশিষ্ট্যৰ বিষয়ে আলোচনা কৰাঁ। [2020/15m/7b]
তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখা: ৰোমাণ্টিক কবিতাৰ পটভূমিত চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাৰ বিষয়ে এটি নিবন্ধ যুগুত কৰা। [2019/10m/5d]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘প্ৰতিমা’ নামৰ কবিতাপুথিত ৰোমাণ্টিক ভাবাদৰ্শ কিদৰে ফুটি উঠিছে, লিখাঁ। [2018/15m/6c]
তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখা: চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘প্ৰতিমা’ত ৰোমাণ্টিক কবিতাৰ কি কি বৈশিষ্ট্য প্ৰকাশ পাইছে, আলোচনা কৰা। [2017/10m/5b]
তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘প্ৰতিমা’ কাব্যপুথিৰ মাজেৰে কবি চন্দ্ৰকুমাৰৰ কবিপ্ৰতিভা কেনেদৰে ফুটি উঠিছে লিখাঁ । [2016/10m/5c]
তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিব: “ ‘প্ৰতিমা’ চন্দ্ৰকুমাৰ আগৰৱালাৰ অনুপম ৰচনা ।” কথাষাৰৰ যথাৰ্থতা প্ৰমাণ কৰি এক আলোচনা যুগুত কৰা। [2015/10m/5b]
তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিব: চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘প্ৰতিমা’ত ৰোমাণ্টিক ভাৱধাৰাৰ কি কি আভাস পোৱা যায়, আলোচনা কৰাঁ। [2014/10m/5c]
তলৰ পাঁচটা প্ৰশ্নৰ উত্তৰ সংক্ষেপে লিখাঁ । প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150টা শব্দৰ ভিতৰত হ’ব লাগিব: ‘প্ৰতিমা’ৰ কবিতাকেইটিৰ মাজত ৰোমাণ্টিক কবিতাৰ কোনকেইটি দিশ বেছি স্পষ্ট হৈ আছে, আলোচনা কৰাঁ । [2013/10m/5c]
তলৰ পাঁচোটা প্ৰশ্নৰ উত্তৰ সংক্ষেপে লিখা । প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত হ’ব লাগিব: চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘তেজীমলা’ কবিতাটি তুমি এটি মালিতা বুলি ভাবা নে এটি গীতি-কবিতা বুলি ভাবা, যুক্তি দৰ্শোৱা । [2012/12m/5b]
তলৰ চাৰিটা প্ৰশ্নৰ উত্তৰ সংক্ষেপে লিখা । প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত হ’ব লাগিব: ‘প্ৰতিমা’ কবিতাটিৰ মাজেদি কবিজনাৰ ৰোমান্তিক ভাবাদৰ্শ কেনেভাবে প্ৰতিফলিত হৈছে, তাৰ আভাস দিয়া । [2011/15m/5d]
তলৰ যি কোনো তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 200 (দুশ) শব্দৰ ভিতৰত লিখিবাঁ: চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘বনকুঁৱৰী’ বা ‘নিয়ৰ’ কবিতাটি সম্পৰ্কে এটি আলোচনা লিখাঁ । [2010/20m/5b]
তলৰ যি কোনো তিনিটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 200 (দুইশ) শব্দৰ ভিতৰত লিখিবাঁ: “‘প্ৰতিমা’খন সৰু, কিন্তু নিভাঁজ সোণৰ ।” এই উক্তিৰ আধাৰত চন্দ্ৰকুমাৰ আগৰৱালাৰ কাব্য-প্ৰতিভাৰ পৰিচয় দিয়াঁ । [2009/20m/5a]
2.4] পদ্মনাথ গোহাঞিবৰুৱা – ‘গাঁওবুঢ়া’
22 questions
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: প্ৰহসন বুলিলে কি বুজা? প্ৰহসনৰ বৈশিষ্ট্যসমূহ ‘গাঁওবুঢ়া’ নাটকৰ আধাৰত বিচাৰ কৰাঁ । [2026/15m/7b]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘গাঁওবুঢ়া’ নাটকত ভোগমন গাঁওবুঢ়াৰ জীৱনৰ কাৰুণ্য আৰু দুৰ্দশাৰ ছবি কেনেদৰে ৰূপায়িত হৈছে, বিৱৰি লিখাঁ । [2025/15m/6b]
তলত দিয়া প্ৰশ্নবোৰৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ: পদ্মনাথ গোহাঞিবৰুৱাৰ ‘গাঁওবুঢ়া’ নাটকখনৰ চৰিত্ৰসমূহৰ মুখত দিয়া সংলাপৰ বিষয়ে আলোচনা কৰাঁ । [2024/10m/5e]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: বায়নৰ ল’ৰা ভোগমনে গাঁওবুঢ়াৰ পদবী পোৱাৰ পাছত ঘৰে-বাহিৰে যি দুৰ্দশাৰ সন্মুখীন হৈছিল সেয়া পদ্মনাথ গোহাঞিবৰুৱাই কেনেদৰে বৰ্ণনা কৰিছে সেয়া তোমাৰ ভাষাত লিখাঁ । [2024/15m/8c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: পদ্মনাথ গোহাঞিবৰুৱাই ‘গাঁওবুঢ়া’ নাটকত কিদৰে গাঁৱলীয়া জীৱনৰ নিখুঁত পৰিবেশ ৰচনাত দক্ষতা দেখুৱাইছে, এটি আলোচনা আগবঢ়োৱাঁ । [2022/15m/6c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত হ’ব লাগিব: ‘গাঁওবুঢ়া’ নাটকত নাট্যকাৰে কেনেদৰে হাস্যৰস সৃষ্টি কৰিছিল? [2020/10m/5c]
তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখা: “পদ্মনাথ গোহাঞি বৰুৱাৰ ‘গাঁওবুঢ়া’ নাটখনত প্ৰহসনৰ লক্ষণ দুই এটা আছে যদিও বেছি ভাগ লক্ষণ লঘু কমেদিৰ লগতহে মিলে।” ‘গাঁওবুঢ়া’ নাটকৰ আধাৰত মন্তব্যটি বিচাৰ কৰা। [2019/10m/5e]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা: ‘গাঁওবুঢ়া’ নাটকৰ আধাৰত সেই সময়ৰ অসমত প্ৰচলিত প্ৰশাসনীয় ব্যৱস্থাত গাঁওবুঢ়াৰ ভূমিকা আৰু তেওঁৰ আৰ্থ-সামাজিক নিৰাপত্তা সম্পৰ্কত নাটখনত উন্মোচিত হোৱা দুৰ্ভাগ্যজনক দিশ সম্পৰ্কে আলোচনা কৰা। [2019/15m/8b]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: “হাস্যৰসৰ অন্তৰালত থকা কাৰুণ্যৰ এটি ক্ষীণ স্ৰোতে নাটকখনক (গাঁওবুঢ়া) আকৰ্ষণীয় কৰি তুলিছে।” এই মন্তব্যৰ আঁত ধৰি ‘গাঁওবুঢ়া’ নাটকত হাস্য আৰু কাৰুণ্যৰ চিত্ৰ কেনেদৰে প্ৰয়োগ ঘটিছে, বিশ্লেষণ কৰাঁ। [2018/20m/7a]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ কৰা: ‘গাঁওবুঢ়া’ নাটকত ভোগমন গাঁওবুঢ়াৰ জীৱনৰ কাৰুণ্য আৰু দুৰ্দশাৰ ছবি কেনেদৰে ৰূপায়িত হৈছে, বিৱৰি লিখা। [2017/15m/6b]
তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘গাঁওবুঢ়া’ নাটকত সেই সময়ৰ অসমৰ সামাজিক চিত্ৰ কেনেদৰে ফুটি উঠিছে লিখাঁ । [2016/10m/5d]
তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: “ ‘গাঁওবুঢ়া’ অসমীয়া ধেমেলীয়া নাটৰ ভিতৰত উল্লেখযোগ্য ।” – কি কি কাৰণত এই মন্তব্য কৰা হৈছে, আলোচনা কৰাঁ । [2016/15m/8c]
তলৰ তিনিটা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: ‘গাঁওবুঢ়া’ নাটকখন এখন প্ৰহসন নে হাস্যৰসাত্মক নাটক–যুক্তি সহকাৰে প্ৰতিপন্ন কৰা। [2015/15m/6b]
তলৰ তিনিটা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: ‘গাঁওবুঢ়া’ নাটকৰ ৰত্ন মৌজাদাৰ আৰু মঙলা লগুৱা চৰিত্ৰ দুটিৰ বিষয়ে এটি টোকা লিখা। [2015/15m/7c]
তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘গাঁওবুঢ়া’ নাটকত ভোগমনৰ চৰিত্ৰটোৰ মাজেৰে ইংৰাজৰ কুশাসনৰ ছবি কিদৰে ফুটি ওলাইছে, লিখাঁ। [2014/10m/5e]
তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘গাঁওবুঢ়া’ নাটকখনত প্ৰহসনৰ লক্ষণবোৰ কিদৰে পৰিস্ফুট হৈছে, বিচাৰ কৰাঁ। [2014/15m/7b]
তলৰ প্ৰশ্ন দুটাৰ চমু কিন্তু মূল বিষয়-নিৰ্দেশক উত্তৰ লিখাঁ: গোহাঞিবৰুৱাৰ ‘গাঁওবুঢ়া’ নাটকৰ সংলাপসমূহে নাটখনিৰ সফলতাত কেনে অৰিহণা যোগাইছে, আলোচনা কৰাঁ । [2013/25m/6a]
তলৰ প্ৰশ্ন দুটাৰ চমু কিন্তু মূল বিষয়-নিৰ্দেশক উত্তৰ লিখা: পদ্মনাথ গোহাঞিবৰুৱাৰ ‘গাওঁবুঢ়া’ নাটকখনিক ধেমেলীয়া নাটকৰ শাৰীত থ’ব পাৰিনে? যুক্তি সহকাৰে বিচাৰ কৰা । [2012/30m/6a]
তলৰ প্ৰশ্ন দুটাৰ উত্তৰ চমুকৈ লিখা: ‘গাওঁবুঢ়া’ নাটকত অসমীয়া সমাজ-জীৱনৰ চিত্ৰ কেনেধৰণে প্ৰতিফলিত হৈছে আৰু কাহিনীভাগত অৱতাৰণা কৰা হাস্যৰসৰ বিষয়েও চমুকৈ লিখা । [2011/30m/7a]
তলৰ প্ৰশ্ন দুটাৰ উত্তৰ চমুকৈ লিখা: ‘গাওঁবুঢ়া’ নাটকৰ আধাৰত ‘জোনাকী যুগ’ৰ অন্যতম শ্ৰেষ্ঠ নাট্যকাৰ হিচাপে পদ্মনাথ গোহাঁইবৰুৱাৰ পৰিচয় আৰু নাট্য-প্ৰতিভাৰ বিষয়ে লিখা । [2011/30m/7b]
তলৰ যি কোনো তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 200 (দুশ) শব্দৰ ভিতৰত লিখিবাঁ: “‘গাঁওবুঢ়া’ নাটকত হাস্যৰস কৰুণৰসত পৰিণত হ’ল ।” মন্তব্যটিৰ যথাৰ্থতা দেখুওৱাঁ । [2010/20m/5d]
তলৰ যি কোনো তিনিটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 200 (দুইশ) শব্দৰ ভিতৰত লিখিবাঁ: ‘গাঁওবুঢ়া’ নাটকৰ ভোগমন চৰিত্ৰই ট্ৰেজিক চৰিত্ৰ হিচাপে কিমানদূৰ সফলতা লাভ কৰিছে, বিচাৰ কৰাঁ । [2009/20m/5b]
2.5] ৰজনীকান্ত বৰদলৈ – ‘মনোমতী’
20 questions
তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: বৰপেটাৰ দৌল উৎসৱৰ পৰম্পৰাগত ৰীতি-নীতি ‘মনোমতী’ উপন্যাসৰ মাজেৰে কিদৰে প্ৰকাশ পাইছে সেই বিষয়ে এটি টোকা লিখাঁ । [2026/10m/5c]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘মনোমতী’ উপন্যাসত সাধাৰণ পুৰুষ-মহিলাৰ স্বদেশ-স্বজাতিৰ প্ৰতি থকা গভীৰ শ্ৰদ্ধা-প্ৰীতিৰ কিদৰে পৰিস্ফুৰণ ঘটিছে, আলোচনা কৰাঁ । [2026/15m/8b]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘মনোমতী’ উপন্যাসত মানৰ আক্ৰমণৰ চিত্ৰ কেনেদৰে প্ৰতিফলিত হৈছে, আলোচনা কৰাঁ । [2025/20m/7a]
তলত দিয়া প্ৰশ্নবোৰৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ: ৰজনীকান্ত বৰদলৈৰ ‘মনোমতী’ উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰটো বিশ্লেষণ কৰাঁ । [2024/10m/5c]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: “ৰজনীকান্ত বৰদলৈৰ ‘মনোমতী’ উপন্যাসৰ পটভূমি ঐতিহাসিক হ’লেও সামাজিক জীৱন প্ৰৱাহৰ চিত্ৰ তাত সুন্দৰকৈ চিত্ৰিত হোৱা দেখা যায় ।” কথাষাৰ বিশ্লেষণ কৰাঁ । [2024/20m/8a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ৰজনীকান্ত বৰদলৈয়ে উপন্যাস ৰচনাৰ ক্ষেত্ৰত বুৰঞ্জী-প্ৰসিদ্ধ ঘটনাৱলীক পটভূমি হিচাপে লোৱাৰ মূল কাৰণ কি কি আছিল বুলি তুমি ভাবা? বুৰঞ্জীমূলক উপন্যাস হিচাপে ‘মনোমতী’ৰ এটি আলোচনা যুগুত কৰাঁ । [2022/15m/7c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত হ’ব লাগিব: ‘মনোমতী’ উপন্যাসত লক্ষ্মীকান্ত আৰু মনোমতীৰ মিলন ক’ত, কেতিয়া আৰু কেনেকৈ হৈছিল? [2020/10m/5b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: মনোমতী চৰিত্ৰটি বিশ্লেষণ কৰাঁ। [2020/15m/7c]
তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখা: ৰজনীকান্ত বৰদলৈৰ ‘মনোমতী’ উপন্যাসত থকা ঐতিহাসিক চৰিত্ৰকেইটাৰ বিষয়ে আলোচনা কৰা। [2019/10m/5b]
তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ: কি পটভূমিত ৰজনীকান্ত বৰদলৈৰ ‘মনোমতী’ উপন্যাসখনিৰ কাহিনীভাগ গঢ় লৈ উঠিছে, বিচাৰ কৰাঁ। [2018/10m/5d]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ কৰা: ‘মনোমতী’ উপন্যাসত মানৰ আক্ৰমণৰ চিত্ৰ কেনেদৰে প্ৰতিফলিত হৈছে, ফঁহিয়াই লিখা। [2017/15m/6c]
তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘মনোমতী’ উপন্যাসৰ পটভূমি আৰু চৰিত্ৰ চিত্ৰণৰ বিশেষত্ব ব্যাখ্যা কৰাঁ । [2016/10m/5e]
তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: “ৰজনীকান্ত বৰদলৈৰ উপন্যাসসমূহৰ ভিতৰত ‘মনোমতী’ কে শ্ৰেষ্ঠ বুলিব পাৰি ।” – এই কথাষাৰৰ যুক্তিযুক্ততা বিচাৰ কৰাঁ । [2016/15m/7c]
তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘মনোমতী’ উপন্যাসত বৰপেটাৰ দৌলোৎসৱ, বৈষ্ণৱ ৰীতি-নীতি, নামনিৰ বিয়াৰ কেনে ছবি ফুটি উঠিছে, বৰ্ণনা কৰা। [2015/10m/5c]
তলৰ তিনিটা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: ‘মনোমতী’ উপন্যাসৰ নাৰী চৰিত্ৰকেইটিৰ এক বিশ্লেষণ দাঙি ধৰা। [2015/15m/6c]
তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘মনোমতী’ উপন্যাসত লক্ষ্মীকান্ত আৰু মনোমতীৰ মিলন কেতিয়া, ক’ত আৰু কেনেকৈ হৈছিল, লিখাঁ। [2014/15m/6c]
তলৰ পাঁচটা প্ৰশ্নৰ উত্তৰ সংক্ষেপে লিখাঁ । প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150টা শব্দৰ ভিতৰত হ’ব লাগিব: ‘মনোমতী’ উপন্যাসৰ নামকৰণ যুক্তিযুক্ত হৈছে বুলি ভাবানে, যুক্তি দৰ্শোৱাঁ । [2013/10m/5e]
তলৰ পাঁচোটা প্ৰশ্নৰ উত্তৰ সংক্ষেপে লিখা । প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত হ’ব লাগিব: ‘মনোমতী’ উপন্যাসত লক্ষ্মীকান্ত আৰু মনোমতীৰ মিলন কেতিয়া, ক’ত, কেনেকৈ হ’ল, লিখা । [2012/12m/5c]
তলৰ চাৰিটা প্ৰশ্নৰ উত্তৰ সংক্ষেপে লিখা । প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত হ’ব লাগিব: ‘মনোমতী’ উপন্যাসৰ ঐতিহাসিক পটভূমি তোমাৰ ভাষাত দাঙি ধৰা । [2011/15m/5b]
‘মনোমতী’ উপন্যাসত সমকালীন অসমৰ ৰাজনৈতিক আৰু সামাজিক দুৰৱস্থাৰ ছবিখন কেনেদৰে ফুটাই তোলা হৈছে, আলোচনা কৰাঁ । [2009/60m/6]
2.6] বাণীকান্ত কাকতি – ‘পুৰণি অসমীয়া সাহিত্য’
21 questions
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: পুৰণি সাহিত্য কি কি দিশত সীমাবদ্ধ বুলি বাণীকান্ত কাকতিয়ে উনুকিয়াইছে, তোমাৰ ভাষাত লিখাঁ । [2026/20m/7a]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: “বৰগীতবোৰ ওখ নৈতিক আৰু আধ্যাত্মিক ভাৱৰ ওপৰত প্ৰতিষ্ঠিত ।” বাণীকান্ত কাকতিয়ে উত্থাপন কৰা উক্ত কথাষাৰৰ আলমত বৰগীতৰ বিষয়বস্তু সম্পৰ্কে আলোচনা কৰাঁ । [2025/20m/3a]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: “নামঘোষাত প্ৰধানতঃ তিনিটা ভাবৰ ধাৰা মিহলি হৈ বিশাল আনন্দ সাগৰৰ ফালে প্ৰৱাহমান হৈছে পুণ্য-শ্লোক শঙ্কৰ-স্মৃতি, মাধৱদেৱৰ আত্ম-লঘিমা আৰু কৃষ্ণ-ভক্তি-মাহাত্ম্য ।” বাণীকান্ত কাকতিৰ পুৰণি অসমীয়া সাহিত্যৰ অন্তৰ্গত ‘নামঘোষা’ প্ৰবন্ধৰ আলমত উক্ত কথাফাঁকি বিচাৰ কৰাঁ । [2025/20m/8a]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: বাণীকান্ত কাকতিৰ ‘পুৰণি অসমীয়া সাহিত্য’ৰ অন্তৰ্গত প্ৰৱন্ধৰাজিৰ অন্তৰ্গত বধকাব্য শীৰ্ষক প্ৰৱন্ধটোত কাকতিয়ে অসমীয়া সাহিত্যৰ অনুপম সম্পদ বধকাব্যসমূহৰ বিশ্লেষণ কেনেদৰে উপস্থাপন কৰিছে, বিৱৰি লিখাঁ । [2024/15m/6c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘পুৰণি অসমীয়া সাহিত্য’ পুথিখনৰ অন্তৰ্গত ‘বধ-কাব্য’ শীৰ্ষক নিবন্ধত বধ-কাব্যসমূহক য়ুৰোপীয় সাহিত্যৰ ৰোমাঞ্চ কাব্যবোৰৰ দৰে সাম্যভাব প্ৰৱৰ্তনৰ চেষ্টাৰ পৰা উদ্ভূত বুলি কিয় কোৱা হৈছে, আলোচনা কৰাঁ । [2022/15m/8c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘পুৰণি অসমীয়া সাহিত্য’ৰ আলমত ‘বৰগীত’ সম্বন্ধে বহলাই আলোচনা কৰাঁ। [2020/20m/8a]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা: “আমাৰ বধকাব্যবোৰক আদৰ্শাত্মক হিচাপে ৰোমাঞ্চ কাব্যৰ লগত আৰু পৌৰাণিক হিচাপে গ্ৰীক-পৌৰাণিক বীৰ-সকলৰ কাহিনীৰ লগত তুল্যভাৱে ৰিজাব পাৰি।” উক্ত মন্তব্যটি বাণীকান্ত কাকতিৰ ‘বধকাব্য’ প্ৰবন্ধৰ আলমত বিচাৰ কৰা। [2019/15m/7c]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা: ‘পুৰণি অসমীয়া সাহিত্য’ গ্ৰন্থখনৰ আধাৰত বাণীকান্ত কাকতিৰ সমালোচনাৰীতি সম্পৰ্কে এটি আলোচনা আগবঢ়োৱা। [2019/15m/8c]
তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ: বাণীকান্ত কাকতিৰ ‘পুৰণি অসমীয়া সাহিত্য’ শীৰ্ষক গ্ৰন্থখনিৰ অন্তৰ্গত ‘নাম-ঘোষা’ নামৰ প্ৰবন্ধটিত মাধৱদেৱৰ প্ৰতিভাক কেনেদৰে পৰিচয় কৰাই দিয়া হৈছে সেই বিষয়ে এটি আভাস দিয়াঁ। [2018/10m/5e]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘পুৰণি অসমীয়া সাহিত্য’ শীৰ্ষক গ্ৰন্থখনিৰ আধাৰত বাণীকান্ত কাকতিক সাহিত্যৰ সমালোচক হিচাপে এটি নাতিদীৰ্ঘ প্ৰবন্ধ যুগুত কৰাঁ। [2018/15m/8c]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ কৰা: “বৰগীতবোৰ ওখ নৈতিক আৰু আধ্যাত্মিক ভাৱৰ ওপৰত প্ৰতিষ্ঠিত।” বাণীকান্ত কাকতিয়ে কৰা উক্ত মন্তব্যৰ তাৎপৰ্য বিচাৰ কৰা। [2017/15m/3c]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ কৰা: “নামঘোষাত প্ৰধানতঃ তিনিটা ভাবৰ ধাৰা মিহলি হৈ বিশাল আনন্দ-সাগৰৰ ফালে প্ৰৱাহমান হৈছে–পুণ্যশ্লোক শংকৰ-স্মৃতি, মাধৱদেৱৰ আত্ম-লঘিমা আৰু কৃষ্ণ-ভক্তি মাহাত্ম্য।” ‘নামঘোষা’ প্ৰবন্ধৰ আলমত উক্ত কথাফাঁকিৰ তাৎপৰ্য ব্যাখ্যা কৰা। [2017/20m/7a]
তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘পুৰুনি অসমীয়া সাহিত্য’ গ্ৰন্থখনত ড. কাকতিয়ে ‘বধকাব্য’ শীৰ্ষক প্ৰবন্ধটোত বধকাব্যৰ মূল্যায়ন কিদৰে কৰিছে আলোচনা কৰাঁ । [2016/20m/6a]
তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘পুৰণি অসমীয়া সাহিত্য’ৰ আধাৰত বৰগীতৰ সংজ্ঞা নিৰূপণ কৰি ইয়াক কিহৰ লগত ৰিজাব পাৰি, লিখা। [2015/10m/5d]
তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘পুৰণি অসমীয়া সাহিত্য’ পুথিখনত অসমৰ ‘লৌকিক গীত’ সম্পৰ্কে ড০ কাকতিয়ে কি কি দিশত আলোকপাত কৰিছে, স্পষ্টভাৱে আলোচনা কৰাঁ। [2014/20m/7a]
তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘পুৰণি অসমীয়া সাহিত্য’ৰ অন্তৰ্গত ‘কাণখোৱা’ নামৰ প্ৰবন্ধটোত আছে “এপিনে ইয়াত শিশুজীৱনৰ নিকপটীয়া প্ৰাণৰ প্ৰতিবিম্ব পৰিছে, আনপিনে প্ৰশান্ত ভক্তিভাৱ পূৰ্ণচন্দ্ৰৰ নিচিনাকৈ বিৰাজ কৰিছে ।” এই উক্তিৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰাঁ। [2014/20m/8a]
তলৰ পাঁচটা প্ৰশ্নৰ উত্তৰ সংক্ষেপে লিখাঁ । প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150টা শব্দৰ ভিতৰত হ’ব লাগিব: বাণীকান্ত কাকতিৰ ‘পুৰণি অসমীয়া সাহিত্য’ পুথিখনিৰ বিষয়ে এটি পৰিচয়সূচক প্ৰবন্ধ লিখাঁ । [2013/10m/5d]
তলৰ প্ৰশ্ন দুটাৰ চমু কিন্তু মূল বিষয় নিৰ্দেশ কৰি উত্তৰ লিখা: বাণীকান্ত কাকতিৰ ‘বৰগীত’ প্ৰৱন্ধটিৰ আধাৰত রৰগীতৰ ভাব, বিষয় আৰু ৰচনাশৈলীৰ বিশেষত্ব দেখুওৱা । [2012/30m/7a]
তলৰ প্ৰশ্ন দুটাৰ চমু কিন্তু যথাযোগ্য উত্তৰ লিখা: ‘বধ কাব্য’ বুলিলে কি বুজা? বাণীকান্ত কাকতিৰ ‘পুৰণি অসমীয়া সাহিত্য’ৰ অন্তৰ্ভুক্ত প্ৰৱন্ধৰ আধাৰত পৰিচয় দিয়া । [2012/30m/8a]
তলৰ চাৰিটা প্ৰশ্নৰ উত্তৰ সংক্ষেপে লিখা । প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত হ’ব লাগিব: ডঃ বাণীকান্ত কাকতিৰ দৃষ্টিভঙ্গীত ‘বৰগীত’ কি? ইয়াক কিহৰ লগত তুলনা কৰিছে, আলোচনা কৰা । [2011/15m/1d]
বাণীকান্ত কাকতিয়ে ‘নামঘোষা’ৰ যিকেইটি প্ৰধান বৈশিষ্ট্য দাঙি ধৰিছে, সেই বৈশিষ্ট্যকেইটিৰ আধাৰত এটি প্ৰবন্ধ যুগুত কৰাঁ । [2010/60m/6]
2.7] জ্যোতিপ্ৰসাদ আগৰৱালা – ‘কাৰেঙৰ লিগিৰী’
24 questions
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: “ ‘কাৰেঙৰ লিগিৰী’ত জ্যোতিপ্ৰসাদৰ বৈপ্লৱিক চিন্তা-চৰ্চাৰ স্পষ্ট আভাস পোৱা যায় ।” কথাষাৰৰ সত্যাসত্য নিৰূপণ কৰাঁ । [2026/20m/6a]
তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ: জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘কাৰেঙৰ লিগিৰী’ নাটকৰ সুন্দৰ কোঁৱৰ চৰিত্ৰটিৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ বিচাৰ কৰাঁ । [2025/10m/5c]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘কাৰেঙৰ লিগিৰী’ নাটকৰ শেৱালি চৰিত্ৰটিৰ আত্মত্যাগৰ মাজেদি প্ৰেমৰ মহত্ত্ব কেনেদৰে প্ৰকাশ পাইছে, বিচাৰ কৰাঁ । [2025/15m/8b]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘কাৰেঙৰ লিগিৰী’ নাটকখনৰ মূল পুৰুষ চৰিত্ৰকেইটা বিশ্লেষণ কৰাঁ । [2024/15m/6b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: ‘কাৰেঙৰ লিগিৰী’ নাটকৰ সংলাপ সম্পৰ্কে এটি টোকা লিখাঁ । [2022/10m/5d]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: “ ‘কাৰেঙৰ লিগিৰী’ নাটকখনৰ কাহিনী বিকাশত সংঘাতে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ।” মন্তব্যটোৰ আধাৰত নাটকখনৰ মাজেৰে প্ৰতিফলিত হোৱা সংঘাতৰ বিভিন্ন স্বৰূপৰ বিশ্লেষণ কৰাঁ । [2022/15m/8b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘কাৰেঙৰ লিগিৰী’ত কাঞ্চনমতীৰ চৰিত্ৰটি কেনেদৰে চিত্ৰিত কৰা হৈছে? [2020/15m/6b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘কাৰেঙৰ লিগিৰী’ৰ সুন্দৰ কোঁৱৰৰ মানসিক দ্বন্দ্বৰ বিশ্লেষণ কৰাঁ। [2020/15m/8b]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা: “ ‘কাৰেঙৰ লিগিৰী’ অসমীয়া নাট-কাৰেঙৰ লেখৰ লিগিৰী মাথোন নহয়, সেই কাৰেঙৰ সবাতো ধুনীয়া কুঁৱৰী, যাৰ সমুখত নাটঘৰৰ সকলো তীৰ্থযাত্ৰীয়ে আঁঠু লয়।” কথাষাৰৰ আধাৰত কাৰেঙৰ লিগিৰীৰ বিষয়ে এটি আলোচনা আগবঢ়োৱা। [2019/20m/6a]
তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ: জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটকৰ সাধাৰণ বৈশিষ্ট্যসমূহৰ বিষয়ে উল্লেখ কৰাঁ। [2018/10m/5a]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘কাৰেঙৰ লিগিৰী’ নাটকত পুৰণিৰ লগত নতুনৰ সংঘাতৰ চিত্ৰ কেনেদৰে অঙ্কন কৰা হৈছে তাৰ এটি সমীক্ষা আগবঢ়োৱাঁ। [2018/20m/6a]
তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখা: ‘কাৰেঙৰ লিগিৰী’ নাটকৰ সুন্দৰ কোঁৱৰ চৰিত্ৰটিৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ বিচাৰ কৰা। [2017/10m/5c]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ কৰা: ‘কাৰেঙৰ লিগিৰী’ নাটকৰ শেৱালি চৰিত্ৰটিৰ আত্মত্যাগৰ মাজেদি প্ৰেমৰ মহত্ব কেনেদৰে প্ৰকাশ পাইছে, বিশদভাৱে বিশ্লেষণ কৰা। [2017/15m/8c]
তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘কাৰেঙৰ লিগিৰী’ নাটকৰ “কাঞ্চনকুমাৰীৰ চৰিত্ৰ নিভাঁজ কেঁচা সোণৰ দৰে পৱিত্ৰ আৰু উজ্জ্বল ।” – এই কথাষাৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰাঁ । [2016/15m/6b]
তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: “ ‘কাৰেঙৰ লিগিৰী’ নাটখনত নাট্যকাৰে চৰিত্ৰ সৃষ্টিত দক্ষতাৰ পৰিচয় দিছে ।” – এই মন্তব্যৰ যথাৰ্থতা প্ৰতিপন্ন কৰাঁ । [2016/20m/8a]
তলৰ তিনিটা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: ‘কাৰেঙৰ লিগিৰী’ৰ সুন্দৰ কোঁৱৰ চৰিত্ৰটিৰ মাজেদি কেনেকৈ পুৰণি ৰীতি-নীতিৰ বিৰোধী অথচ দুৰ্বল, আদৰ্শবাদী কিন্তু ভাবপ্ৰৱণ, আত্মকেন্দ্ৰিক অথচ উদাৰ মানসিকতাৰ প্ৰতিফলন ঘটিছে, বৰ্ণনা কৰা। [2015/15m/7b]
তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘কাৰেঙৰ লিগিৰী’ নাটকখনৰ কাঞ্চনকুমাৰীৰ চৰিত্ৰটো চিত্ৰণত জ্যোতিপ্ৰসাদৰ প্ৰতিভা কিদৰে অভিব্যক্ত হৈছে, সম্যকভাৱে আলোচনা কৰাঁ। [2014/15m/6b]
তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘কাৰেঙৰ লিগিৰী’ নাটকখনত অনঙ্গৰাম আৰু সুন্দৰ কোঁৱৰৰ চৰিত্ৰ দুটা বিশ্লেষণ কৰাঁ। [2014/15m/7c]
তলৰ পাঁচটা প্ৰশ্নৰ উত্তৰ সংক্ষেপে লিখাঁ । প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150টা শব্দৰ ভিতৰত হ’ব লাগিব: ‘কাৰেঙৰ লিগিৰী’ত প্ৰকাশ পোৱা সুন্দৰ কোঁৱৰৰ মানসিক দ্বন্দ্বই চৰিত্ৰটোৰ আকৰ্ষণীয়তা কেনেদৰে বৃদ্ধি কৰিছে, আলোচনা কৰাঁ । [2013/10m/5a]
তলৰ পাঁচোটা প্ৰশ্নৰ উত্তৰ সংক্ষেপে লিখা । প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত হ’ব লাগিব: ‘কাৰেঙৰ লিগিৰী’ৰ শেৱালিৰ চৰিত্ৰটিৰ বিষয়ে চমু টোকা লিখা । [2012/12m/5d]
তলৰ প্ৰশ্ন দুটাৰ উত্তৰ চমুকৈ লিখা: সমস্যা-প্ৰধান নাটক হিচাপে ‘কাৰেঙৰ লিগিৰী’ নাটকৰ এটা পৰ্যালোচনা দাঙি ধৰা । [2011/30m/8a]
তলৰ প্ৰশ্ন দুটাৰ উত্তৰ চমুকৈ লিখা: ‘কাৰেঙৰ লিগিৰী’ নাটকৰ আলমত ‘বিপ্লৱী মনীষাৰ প্ৰতীক’ হিচাপে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই অংকন কৰা সুন্দৰ কোঁৱৰৰ চৰিত্ৰটি বিশ্লেষণ কৰা । [2011/30m/8b]
তলৰ যি কোনো তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 200 (দুশ) শব্দৰ ভিতৰত লিখিবাঁ: জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘কাৰেঙৰ লিগিৰী’ নাটকৰ শেৱালি চৰিত্ৰটিৰ মূল্যায়ন কৰাঁ । [2010/20m/5c]
তলৰ যি কোনো তিনিটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 200 (দুইশ) শব্দৰ ভিতৰত লিখিবাঁ: ‘কাৰেঙৰ লিগিৰী’ত ৰোমাণ্টিক ভাৱাদৰ্শৰ প্ৰভাৱ দেখুৱাই এটি চমু নিবন্ধ যুগুত কৰাঁ । [2009/20m/5d]
2.8] বীণা বৰুৱা (বিৰিঞ্চিকুমাৰ বৰুৱা) – ‘জীৱনৰ বাটত’
24 questions
তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: সংঘাতময় জীৱনৰ উপলব্ধি ‘জীৱনৰ বাটত’ উপন্যাসৰ তগৰ চৰিত্ৰটোৰ যোগেদি কেনেদৰে প্ৰকাশ পাইছে, আলোচনা কৰাঁ । [2026/10m/5e]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: সমালোচকসকলে ‘জীৱনৰ বাটত’ উপন্যাসক “অসমীয়া জাতীয় জীৱনৰ তাৎপৰ্যপূৰ্ণ এটা শতাব্দীৰ ইতিহাস” আখ্যা দিয়াৰ অন্তৰালত নিহিত কাৰণসমূহ ফঁহিয়াই দেখুওৱাঁ । [2026/15m/7c]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘জীৱনৰ বাটত’ উপন্যাসখনত অসমীয়া নিম্ন মধ্যবিত্ত শ্ৰেণীৰ ৰূপায়ণৰ লগতে পাৰিবাৰিক জীৱনৰ প্ৰাত্যহিক চিত্ৰাঙ্কনত ঔপন্যাসিকৰ দক্ষতা কেনেদৰে প্ৰকাশ পাইছে, আলোচনা কৰাঁ । [2025/20m/6a]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘জীৱনৰ বাটত’ উপন্যাসত ঔপন্যাসিক বীণা বৰুৱাই প্ৰয়োগ কৰা ভাষাৰীতি সম্পৰ্কে এটি আলচ প্ৰস্তুত কৰাঁ । [2024/15m/7b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: “ ‘জীৱনৰ বাটত’ উপন্যাসৰ পুৰুষ চৰিত্ৰৰ তুলনাত নাৰী চৰিত্ৰবোৰ অধিক উজ্জ্বল, অধিক গতিশীল আৰু প্ৰাণস্পন্দনশীল ।” মন্তব্যটিৰ আধাৰত উপন্যাসখনত তগৰৰ স্থান নিৰূপণ কৰাঁ । [2022/10m/5b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘জীৱনৰ বাটত’ উপন্যাসখনৰ মাজেৰে প্ৰকাশ পোৱা অসমৰ লোক-সংস্কৃতি সম্পৰ্কে এটি নিবন্ধ যুগুতোৱাঁ । [2022/20m/7a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: “ ‘জীৱনৰ বাটত’ উপন্যাসৰ কাহিনীত অদৃষ্টবাদৰ ছায়া সুস্পষ্ট।” কথাষাৰৰ যথাৰ্থতা বিশ্লেষণ কৰাঁ। [2020/20m/6a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘জীৱনৰ বাটত’ উপন্যাসত পুৰণি আৰু নতুন চিন্তা-ভাবনাৰ বিৰোধ কেনেদৰে প্ৰকাশ কৰা হৈছে, আলোচনা কৰাঁ। [2020/20m/7a]
তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখা: ‘জীৱনৰ বাটত’ উপন্যাসৰ তগৰ চৰিত্ৰটিৰ বিষয়ে এটি বিশ্লেষণাত্মক আলোচনা আগবঢ়োৱা। [2019/10m/5c]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা: পৰম্পৰাগত উপন্যাস (Traditional Novel) হিচাপে ‘জীৱনৰ বাটত’ উপন্যাসৰ এটি পৰ্যালোচনা দাঙি ধৰা। [2019/20m/7a]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: “ ‘জীৱনৰ বাটত’ উপন্যাসখনত নতুন জীৱন ধাৰাৰ প্ৰতিনিধিবিলাক আত্মকেন্দ্ৰিক আৰু স্বাৰ্থপৰ। অৰ্থাগম আৰু প্ৰতিষ্ঠাই সিহঁতৰ জীৱনৰ মূল মন্ত্ৰ।” উপন্যাসখনৰ কোনকেইটা চৰিত্ৰত এই বৈশিষ্ট্যসমূহ দেখিবলৈ পোৱা যায়–সেই বিষয়ে এটি আলোচনা প্ৰস্তুত কৰাঁ। [2018/20m/8a]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ কৰা: মহাকাব্যিক উপন্যাস হিচাপে ‘জীৱনৰ বাটত’ উপন্যাসখনিৰ এটি পৰ্যালোচনা আগবঢ়োৱা। [2017/20m/6a]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ কৰা: ‘জীৱনৰ বাটত’ উপন্যাসখনত সেই সময়ৰ সামাজিক জীৱনৰ কেনে চিত্ৰ ফুটি উঠিছে তাৰ আভাস দিয়া। [2017/15m/7c]
তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘জীৱনৰ বাটত’ – উপন্যাসখনৰ কমলাকান্ত আৰু ধৰনী মাষ্টৰৰ চৰিত্ৰ দুটা বিশ্লেষণ কৰাঁ । [2016/20m/7a]
তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘জীৱনৰ বাটত’ উপন্যাসখনক অসমীয়া উপন্যাস সাহিত্যৰ এক মাইলৰ খুটি বুলিব পাৰি – কথাষাৰৰ যথাৰ্থতা প্ৰমাণ কৰাঁ । [2016/15m/8b]
তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘জীৱনৰ বাটত’ উপন্যাসত শাহু-বোৱাৰীৰ চিৰন্তন বৈৰীতা কেনেভাৱে স্নেহ-বন্ধনলৈ উত্তীৰ্ণ হৈছে, বিৱৰি লিখা। [2015/10m/5e]
তলৰ তিনিটা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: ‘জীৱনৰ বাটত’ উপন্যাসখনত কেনেদৰে উপমা, অলংকাৰ আৰু খণ্ডবাক্য ঠাহ খাই আছে–দুই-এটা উদাহৰণসহ লিখা। [2015/15m/8c]
তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘জীৱনৰ বাটত’ উপন্যাসখনত ধৰণী মাষ্টৰৰ চৰিত্ৰটোৰ মাজেৰে গান্ধীবাদৰ আদৰ্শ কিদৰে পৰিস্ফুট হৈছে, আলোচনা কৰাঁ। [2014/10m/5d]
তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: “ ‘জীৱনৰ বাটত’ উপন্যাসখনিৰ মাজেদি প্ৰবাহিত হৈ আছে নিৰন্তৰ এটি ভাগ্যবাদী সুৰ ।” তগৰৰ জীৱনবৃত্তৰ আধাৰত এই কথাষাৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰাঁ। [2014/15m/8b]
তলৰ পাঁচটা প্ৰশ্নৰ উত্তৰ সংক্ষেপে লিখাঁ । প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150টা শব্দৰ ভিতৰত হ’ব লাগিব: ‘জীৱনৰ বাটত’ উপন্যাসখনিক মহাকাব্যিক উপন্যাস বোলাৰ কাৰণসমূহ চমুকৈ আলোচনা কৰাঁ । [2013/10m/5b]
তলৰ প্ৰশ্ন দুটাৰ চমু কিন্তু যথাযোগ্য উত্তৰ লিখাঁ: ‘জীৱনৰ বাটত’ উপন্যাসৰ তগৰৰ চৰিত্ৰটো সমালোচনাৰ দৃষ্টিৰে আলোচনা কৰাঁ । [2013/25m/8b]
তলৰ পাঁচোটা প্ৰশ্নৰ উত্তৰ সংক্ষেপে লিখা । প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত হ’ব লাগিব: বীণা বৰুৱাৰ ‘জীৱনৰ বাটত’ উপন্যাসখনৰ সামগ্ৰিক মূল্যাংকন কৰা । [2012/12m/5e]
তলৰ চাৰিটা প্ৰশ্নৰ উত্তৰ সংক্ষেপে লিখা । প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত হ’ব লাগিব: ‘জীৱনৰ বাটত’ উপন্যাসত বীণা বৰুৱাই ‘তগৰ’ৰ চৰিত্ৰটি কেনেভাবে উপস্থাপিত কৰিছে, চমুকৈ আঁতি-গুৰি মাৰি লিখা । [2011/15m/5c]
‘জীৱনৰ বাটত’ উপন্যাসৰ কাহিনী আৰু চৰিত্ৰ–এই দুটাৰ কোনটোৱে তোমাক অধিক আকৰ্ষণ কৰে, যুক্তিসহ বুজাই লিখাঁ । [2009/60m/7]
2.9] বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য – ‘মৃত্যুঞ্জয়’
23 questions
তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: ‘মৃত্যুঞ্জয়’ উপন্যাসৰ ধনপুৰ চৰিত্ৰটিৰ এটি বিশ্লেষণাত্মক আলোচনা যুগুতোৱাঁ । [2026/10m/5d]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ ‘মৃত্যুঞ্জয়’ নামৰ উপন্যাসখনত ৰাজনৈতিক চিন্তা-চেতনাৰ কেনেদৰে প্ৰতিফলন ঘটিছে, উদাহৰণসহ বিশ্লেষণ কৰাঁ । [2026/15m/6b]
তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ: ‘মৃত্যুঞ্জয়’ উপন্যাসৰ মাজেৰে সমকালীন অসমীয়া সমাজ-জীৱনৰ প্ৰতিচ্ছবি কেনেদৰে পৰিস্ফুট হৈছে, আলোচনা কৰাঁ । [2025/10m/5d]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ ‘মৃত্যুঞ্জয়’ উপন্যাসৰ নাৰী চৰিত্ৰকেইটিৰ বিষয়ে এটি বিশ্লেষণ আগবঢ়োৱাঁ । [2025/15m/8c]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: “কেঁচা বৰলক জোকাই ল’লে গা সাৰিবলৈ টান”–‘মৃত্যুঞ্জয়’ উপন্যাসৰ আৰম্ভণিৰ এই প্ৰথম বাক্যটো কোনে, কাক কৈছিল? এই বাক্যটোৰ পটভূমিৰ ৰাজনৈতিক পৰিৱেশটো উপন্যাসখনত কেনেদৰে বৰ্ণিত হৈছে, আলোচনা কৰাঁ । [2024/20m/7a]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘মৃত্যুঞ্জয়’ উপন্যাসৰ যি কোনো দুটা মুখ্য চৰিত্ৰ বিশ্লেষণ কৰি এটি নিৱন্ধ যুগুত কৰাঁ । [2024/15m/8b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ অহিংস আৰু সশস্ত্ৰ স্বৰূপ দুটি ‘মৃত্যুঞ্জয়’ উপন্যাসৰ মাজেৰে কিদৰে ফুটি উঠিছে, এটি আভাস দিয়াঁ । [2022/10m/5e]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত হ’ব লাগিব: ‘মৃত্যুঞ্জয়’ত ৰেল বগৰোৱাৰ পৰিকল্পনা কোনে, ক’ত আৰু কেনেকৈ কৰিছিল? [2020/10m/5e]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা: বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ ‘মৃত্যুঞ্জয়’ উপন্যাসখনৰ মাজেৰে ভাৰতীয় স্বাধীনতা আন্দোলনৰ সাধনা আৰু সংঘাতৰ ছবিখন কেনেদৰে প্ৰতিফলিত হৈছে, বিচাৰ কৰা। [2019/15m/7b]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ ‘মৃত্যুঞ্জয়’ উপন্যাসৰ নাৰী চৰিত্ৰকেইটিৰ বিষয়ে এটি সমীক্ষা আগবঢ়োৱাঁ। [2018/15m/7c]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ ‘মৃত্যুঞ্জয়’ উপন্যাসত বৈষ্ণৱ ধৰ্ম তথা সত্ৰীয়া পৰিৱেশৰ চিত্ৰ কেনেদৰে প্ৰকাশ পাইছে, বিচাৰ কৰাঁ। [2018/15m/8b]
তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখা: ‘মৃত্যুঞ্জয়’ উপন্যাসৰ মাজেৰে তদানীন্তন অসমীয়া সমাজৰ প্ৰতিচ্ছবি কেনেদৰে পৰিস্ফুট হৈছে, আলোচনা কৰা। [2017/10m/5d]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ কৰা: “ভট্টাচাৰ্যৰ ‘মৃত্যুঞ্জয়’ নামৰ উপন্যাসখনত পুৰুষ চৰিত্ৰৰ প্ৰাধান্য বিশেষভাৱে লক্ষ্য কৰা যায়।” উক্ত কথাখিনিৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰা। [2017/20m/8a]
তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘মৃত্যুঞ্জয়’ উপন্যাস খত ভাৰতীয় স্বাধীনতা আন্দোলনৰ কোনটোদিশ প্ৰতিবিম্বিত হৈছে আলোচনা কৰাঁ । [2016/15m/6c]
তলৰ তিনিটা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: ‘মৃত্যুঞ্জয়’ উপন্যাসৰ পটভূমি বিচাৰ কৰি এক আলোচনা যুগুত কৰা। [2015/20m/7a]
তলৰ তিনিটা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: ‘মৃত্যুঞ্জয়’ উপন্যাসত স্বাধীনতা সংগ্ৰামীসকলৰ ওপৰত পুলিচ আৰু চিপাহীয়ে চলোৱা উৎপীড়নৰ কেনে প্ৰতিচ্ছবি ফুটি উঠিছে, বৰ্ণনা কৰা। [2015/20m/8a]
তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: তোমাৰ মতে ‘মৃত্যুঞ্জয়’ উপন্যাসখনৰ আটাইতকৈ আকৰ্ষণীয় চৰিত্ৰটোৰ বিষয়ে এটা প্ৰবন্ধ ৰচনা কৰাঁ। [2014/20m/6a]
তলৰ প্ৰশ্ন দুটাৰ চমু কিন্তু মূল বিষয় নিৰ্দেশ কৰি উত্তৰ লিখাঁ: ‘মৃত্যুঞ্জয়’ উপন্যাসৰ মহদা গোসাঁইৰ চৰিত্ৰটোৰ মাজেৰে ফুটি উঠা আদৰ্শৰ সংঘাতৰ বিষয়ে আলোচনা কৰাঁ । [2013/25m/7b]
তলৰ প্ৰশ্ন দুটাৰ চমু কিন্তু মূল বিষয়-নিৰ্দেশক উত্তৰ লিখা: “‘মৃত্যুঞ্জয়’ উপন্যাসৰ ঘটনা-প্ৰবাহৰ মাজেদি স্বাধীনতা লাভৰ বাবে হিংসাৰ পথ গ্ৰহণীয়তা প্ৰশ্নৰ সন্মুখীন হৈছে ।” এই মন্তব্যটিৰ যুক্তিযুক্ততা বিচাৰ কৰা । [2012/30m/6b]
তলৰ প্ৰশ্ন দুটাৰ উত্তৰ চমুকৈ লিখা: কি কি সাহিত্যিক গুণৰ বাবে ‘মৃত্যুঞ্জয়’ উপন্যাসখনে সৰ্ব্বভাৰতীয় ‘জ্ঞানপীঠ’ বঁটা লাভ কৰিবলৈ সক্ষম হ’ল, সেই বিষয়ে এটি আলোচনা যুগুত কৰা । [2011/30m/6a]
তলৰ প্ৰশ্ন দুটাৰ উত্তৰ চমুকৈ লিখা: ‘মৃত্যুঞ্জয়’ উপন্যাসৰ আলমত অসমত ঘটা ’৪২ৰ গণ-বিপ্লৱৰ আভাস দিয়া । সেই বিপ্লৱী-সংগ্ৰামী নেতাসকলক ‘বাস্তৱ জীৱনৰ পৰা বুটলি লোৱা’ বোলা ঔপন্যাসিকৰ মন্তব্যৰ সংক্ষেপে যথাৰ্থতা দৰ্শোৱা । [2011/30m/6b]
“‘মৃত্যুঞ্জয়’ৰ মাজত শেষ পৰ্যন্ত গান্ধীজীৰ অহিংসাৰ বাণীৰ গুৰুত্বই ব্যঞ্জিত হৈছে ।” এই অভিমতটিৰ আধাৰত ‘মৃত্যুঞ্জয়’ৰ এটি মূল্যায়ন আগবঢ়োৱাঁ । [2010/60m/7]
‘মৃত্যুঞ্জয়’ উপন্যাসত অসমৰ কোনছোৱা কালৰ ৰাজনৈতিক ইতিহাস দাঙি ধৰা হৈছে, সেয়া আলোচনা কৰি ৰাজনৈতিক উপন্যাস হিচাপে ইয়াৰ সফলতা-বিফলতা বিচাৰ কৰাঁ । [2009/60m/8]
2.10] নৱকান্ত বৰুৱা – ‘সম্ৰাট’
19 questions
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: “নৱকান্ত বৰুৱাৰ কবিতাত ইতিহাস চেতনা, সমকাল চেতনা, মৃত্যুচেতনা, নিঃসংগতাবোধ আদি বিষয়সমূহেও প্ৰাধান্য লাভ কৰিছে ।” কথাষাৰ ‘সম্ৰাট’ কবিতাৰ প্ৰসংগত কিমানদূৰ প্ৰযোজ্য, যুক্তিসহ তোমাৰ মন্তব্য আগবঢ়োৱাঁ । [2026/20m/8a]
তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ: নৱকান্ত বৰুৱাৰ ‘সম্ৰাট’ কবিতাটিত দৃষ্টিহীন সম্ৰাটৰ মানসিক গ্লানিৰ চিত্ৰ কেনেদৰে ফুটি উঠিছে, বিশ্লেষণ কৰাঁ । [2025/10m/5e]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: নৱকান্ত বৰুৱাৰ কবিতাত আধুনিক কবিতাৰ কি কি বৈশিষ্ট্য প্ৰকাশ পাইছে, তোমাৰ পাঠ্যৰ আধাৰত বিচাৰ কৰাঁ । [2025/15m/7c]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘সম্ৰাট’ কবিতাটোত উল্লেখ থকা ‘জৰদ্গৱ অন্ধ সম্ৰাট’জন কোন? কবিতাটোত এই সম্ৰাটজনৰ মনস্তত্ত্ব কেনেকৈ প্ৰকাশ পাইছে? [2024/20m/6a]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: “চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘প্ৰতিমা’ আৰু নৱকান্ত বৰুৱাৰ ‘সম্ৰাট’ কবিতাই ৰোমাণ্টিক আৰু আধুনিক কবিতাক প্ৰতিনিধিত্ব কৰে ।” কথাষাৰৰ যথাৰ্থতা প্ৰতিপন্ন কৰি এটি তুলনামূলক আলোচনা আগবঢ়োৱাঁ । [2024/15m/7c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: ‘সম্ৰাট’ কবিতাত আধুনিকতাবাদী ধাৰণা কিদৰে প্ৰতিফলিত হৈছে, বিশ্লেষণ কৰাঁ । [2022/10m/5c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: নৱকান্ত বৰুৱাৰ কবিতাৰ বিশেষত্বসমূহ উল্লেখ কৰি ‘সম্ৰাট’ কবিতাটোৰ বিষয়বস্তু তোমাৰ ভাষাত বহলাই লিখাঁ । [2022/20m/8a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত হ’ব লাগিব: ‘সম্ৰাট’ত কবিয়ে কাৰ কথা বৰ্ণনা কৰিছে আৰু তেওঁ কিহৰ কাৰণে অনুশোচনা কৰিছে? [2020/10m/5d]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘সম্ৰাট’ কবিতাটি আধুনিক কবিতাৰ শাৰীত পৰেনে? শব্দচয়ন, ছন্দ আৰু ভাবৰ আধাৰত বিশ্লেষণ কৰাঁ। [2020/15m/8c]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা: ‘সম্ৰাট’ কবিতাটিৰ আধাৰত নৱকান্ত বৰুৱাৰ কাব্য-বৈশিষ্ট্য সম্পৰ্কে এটি আলোচনা আগবঢ়োৱা। [2019/15m/6c]
তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ: কবি হিচাপে নৱকান্ত বৰুৱাৰ পৰিচয় দি ‘সম্ৰাট’ কবিতাটিৰ বিষয়বস্তুৰ আভাস দিয়াঁ। [2018/10m/5b]
তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখা: নৱকান্ত বৰুৱাৰ ‘সম্ৰাট’ কবিতাত দৃষ্টিহীন সম্ৰাটৰ মানসিক গ্লানিৰ চিত্ৰ কেনেদৰে ফুটি উঠিছে, বিৱৰি লিখা। [2017/10m/5e]
তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ কৰা: নৱকান্ত বৰুৱাৰ ‘সম্ৰাট’ কবিতাত আধুনিক কবিতাৰ কি কি বৈশিষ্ট্য প্ৰকাশ পাইছে, বৰ্ণনা কৰা। [2017/15m/8b]
তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘সম্ৰাট’ কবিতাৰ মাজেৰে মানুহৰ প্ৰেমৰ চিৰন্তন মহত্বৰ প্ৰতি গভীৰ আস্থা কিদৰে ফুটি উঠিছে, আলোচনা কৰাঁ । [2016/15m/7b]
তলৰ তিনিটা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: ‘সম্ৰাট’ কবিতাৰ আধাৰত কবি নৱকান্ত বৰুৱাৰ কবি-প্ৰতিভা বিচাৰ কৰা। [2015/15m/8b]
তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: নৱকান্ত বৰুৱাৰ ‘সম্ৰাট’ কবিতাটোৰ মূল বক্তব্য কি, সম্যকভাৱে বিশ্লেষণ কৰাঁ। [2014/15m/8c]
তলৰ প্ৰশ্ন দুটাৰ চমু কিন্তু যথাযোগ্য উত্তৰ লিখাঁ: নৱকান্ত বৰুৱাৰ কাব্য-চিন্তাৰ বৈশিষ্ট্যৰ বিষয়ে ‘সম্ৰাট’ৰ আলমত আলোচনা কৰাঁ । [2013/25m/8a]
তলৰ প্ৰশ্ন দুটাৰ চমু কিন্তু মূল বিষয় নিৰ্দেশ কৰি উত্তৰ লিখা: “নৱকান্ত বৰুৱাৰ ‘সম্ৰাট’ আধুনিক ৰাষ্ট্ৰনায়কৰ যেন অসহায় আৰ্ত হৈ উঠিছে ।” মন্তব্যটিৰ বিচাৰ কৰা । [2012/30m/7b]
নৱকান্ত বৰুৱাৰ ‘সম্ৰাট’ কবিতাটিত আধুনিক মানুহৰ মনোদ্বন্দ্বৰ কেনেধৰণৰ প্ৰকাশ ঘটিছে, বিচাৰ কৰাঁ । [2010/60m/8]
« Previous: খণ্ড ক: প্ৰাচীন আৰু বৈষ্ণৱ সাহিত্য
Back to: Assamese Literature Optional PYQs – Topic-wise
Last updated: 2 November 2026

