Menu Close

খণ্ড ক: প্ৰাচীন আৰু বৈষ্ণৱ সাহিত্য – Assamese Literature Optional PYQs (Paper II, Unit 1)

Here are all 203 questions on খণ্ড ক: প্ৰাচীন আৰু বৈষ্ণৱ সাহিত্য asked in UPSC Assamese Literature Optional Paper II (2009–2026), arranged under the 7 topics of this unit. Within each topic the latest questions come first.

Each question ends with a code such as [2024/15m/3b] – the year, the marks, the word limit (where UPSC set one) and the question number in the paper.

Topic-wise weightage graph of খণ্ড ক: প্ৰাচীন আৰু বৈষ্ণৱ সাহিত্য, Assamese Literature Optional Paper II
Topic-wise weightage of খণ্ড ক: প্ৰাচীন আৰু বৈষ্ণৱ সাহিত্য (Assamese Literature Optional Paper II) – share of marks asked from each topic.

1.1] মাধৱ কন্দলি – ‘ৰামায়ণ’ (অযোধ্যা কাণ্ড)

28 questions

  1. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: ‘অযোধ্যা কাণ্ড’ৰ জৰিয়তে মাধৱ কন্দলিৰ কাব্যিক প্ৰতিভা বিচাৰ কৰাঁ । [2026/10m/1a]

  2. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘অযোধ্যা কাণ্ড’ৰ আধাৰত চিত্ৰকূট বনৰ নৈসৰ্গিক চিত্ৰ অংকনত মাধৱ কন্দলিয়ে কিদৰে মৌলিকতা দেখুৱাইছে সেই বিষয়ে এটি নিবন্ধ লিখাঁ । [2026/15m/3c]

  3. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ: মাধৱ কন্দলিৰ ‘ৰামায়ণ’ৰ ‘অযোধ্যা কাণ্ড’ত ৰামৰ অভিষেকৰ বতৰা পোৱাৰ পিছত মন্থৰাই কৈকেয়ীক কেনেদৰে কুমন্ত্ৰণা দিছিল, বিৱৰি লিখাঁ । [2025/10m/1a]

  4. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: মাতৃ কৌশল্যাৰ বুজনি যুক্তিৰে খণ্ডন কৰি ৰামে বনলৈ যাবলৈ প্ৰস্তুত হোৱাৰ সময়ত কৌশল্যাই কিৰূপে পুত্ৰক আশীৰ্বাদ দিছিল, ‘অযোধ্যা কাণ্ড’ৰ আলমত বৰ্ণনা কৰাঁ । [2025/15m/2c]

  5. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ: ‘অযোধ্যাকাণ্ড’ৰ আধাৰত মাধৱ কন্দলিৰ অনুবাদৰীতিৰ বিষয়ে আলোচনা কৰাঁ । [2024/10m/1b]

  6. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: কন্দলিৰ ৰামায়ণৰ ‘অযোধ্যাকাণ্ড’ৰ আলমত সীতা আৰু লক্ষ্মণ সহিতে ৰাম বনবাসলৈ যোৱাৰ সময়খিনি বৰ্ণনা কৰাঁ । [2024/15m/2c]

  7. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: মাধৱ কন্দলিৰ ৰামায়ণৰ ‘অযোধ্যাকাণ্ড’ৰ আধাৰত ৰামচন্দ্ৰৰ অভিষেকৰ বাবে সজাই তোলা অযোধ্যাৰ বৰ্ণনা কৰি এটা টোকা লিখাঁ । [2022/10m/1a]

  8. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: মাধৱ কন্দলিৰ ‘অযোধ্যাকাণ্ড’ত প্ৰতিফলিত হোৱা তদানীন্তন অসমীয়া সমাজ-জীৱনৰ এটি আভাস দিয়াঁ । [2022/15m/3b]

  9. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত হ’ব লাগিব: পিতৃৰ মৃত্যু আৰু ৰামচন্দ্ৰৰ বনবাসৰ কথা শুনি ভৰতে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল? [2020/10m/1a]

  10. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ৰামায়ণৰ ‘অযোদ্ধা কাণ্ড’ৰ কাব্যিক সৌন্দৰ্যৰ সম্যক আভাস দিয়াঁ। [2020/15m/4c]

  11. তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখা: মাধৱ কন্দলিৰ ‘অযোধ্যাকাণ্ড’ৰ ৰামচন্দ্ৰক যুৱৰাজ পতাৰ প্ৰস্তাৱ আৰু অভিষেকৰ আয়োজন সম্পৰ্কীয় বৰ্ণনাখিনি তোমাৰ নিজৰ ভাষাত দাঙি ধৰা। [2019/10m/1a]

  12. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা: “‘অযোধ্যাকাণ্ড’ মাধৱ কন্দলিৰ কাব্যিক প্ৰতিভাৰ উজ্জ্বল নিদৰ্শন।” এই উক্তিৰ সাৰ্থকতা প্ৰতিপন্ন কৰি এটি আলোচনা আগবঢ়োৱা। [2019/20m/3a]

  13. তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ: মাধৱ কন্দলিৰ ‘অযোধ্যাকাণ্ড’ত সমসাময়িক সমাজ-জীৱনৰ চিত্ৰ কেনেদৰে প্ৰতিফলিত হৈছে তাৰ এটি বিশ্লেষণ আগবঢ়োৱাঁ। [2018/10m/1d]

  14. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: মাধৱ কন্দলিৰ ‘অযোধ্যাকাণ্ড’ত ৰামচন্দ্ৰই অভিষেকৰ সলনি পত্নী সীতা আৰু ভ্ৰাতৃ লক্ষ্মণৰ সৈতে কেনেদৰে বনবাসলৈ যাব লগা হ’ল সেই কথাৰ বিৱৰণ দিয়াঁ। [2018/15m/4b]

  15. তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখা: মাধৱ কন্দলিৰ ‘ৰামায়ণ’ৰ ‘অযোধ্যা কাণ্ড’ত ৰামৰ অভিষেকৰ বতৰা পোৱাৰ পিছত মন্থৰাই কৈকেয়ীক কি মন্ত্ৰণা দিছিল, বিৱৰি লিখা। [2017/10m/1a]

  16. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ কৰা: মাতৃ কৌশল্যাৰ বুজনি যুক্তিৰে খণ্ডন কৰি ৰামে বনলৈ যাবলৈ প্ৰস্তুত হোৱাৰ সময়ত কৌশল্যাই কিৰূপে পুত্ৰক আশীৰ্বাদ দিছিল, ‘অযোধ্যা কাণ্ড’ৰ আলমত বিচাৰ কৰা। [2017/15m/2c]

  17. তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিব: মাধৱ কন্দলিৰ ‘অযোধ্যা কাণ্ড’ ৰ ৰামৰ বনগমনৰ কথাখিনি তোমাৰ ভাষাত লিখাঁ । [2016/10m/1a]

  18. তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: মাধৱ কন্দনিয়ে ৰামৰ বনগমনৰ সময়ত কৌশল্যা আৰু কৈকেয়ীৰ চৰিত্ৰ দুটাৰ কথোপকথন কিদৰে অঙ্কণ কৰিছে, আলোচনা কৰাঁ । [2016/15m/4c]

  19. তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিব: ৰামচন্দ্ৰৰ বনবাস যাত্ৰাৰ কথা শুনি ভৰতে কেনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল, বিৱৰি লিখা। [2015/10m/1a]

  20. তলৰ তিনিটা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: ‘ৰামায়ণ’ৰ (অযোধ্যা কাণ্ড) কাব্যিক সৌন্দৰ্যৰ বিষয়ে ফঁহিয়াই আলোচনা কৰা। [2015/15m/2b]

  21. তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিব: মাধৱ কন্দলিৰ ‘ৰামায়ণ’ৰ ‘অযোধ্যা কাণ্ড’ত দশৰথৰ মৃত্যু আৰু ৰামৰ বন-গমনৰ বাৰ্তা শুনি ভৰতে কৈকেয়ীক কিদৰে তিৰস্কাৰ কৰিছিল, তোমাৰ ভাষাত লিখাঁ। [2014/10m/1a]

  22. তলৰ পাঁচটা প্ৰশ্নৰ উত্তৰ সংক্ষেপে লিখাঁ। প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150টা শব্দৰ ভিতৰত হ’ব লাগিব: মাধৱ কন্দলিৰ ‘অযোধ্যাকাণ্ড’ত প্ৰকাশ পোৱা কাব্যিক সৌন্দৰ্যৰ বিষয়ে আলোচনা কৰাঁ । [2013/10m/1a]

  23. তলৰ প্ৰশ্ন দুটাৰ উত্তৰ চমুকৈ কিন্তু বিচৰা বিষয় নিৰ্দেশ কৰি লিখাঁ: মাধৱ কন্দলিৰ ‘ৰামায়ণ’ৰ ‘অযোধ্যাকাণ্ড’ৰ ঘাই ৰস কি? কোনবোৰ ঘটনা আৰু কোনবোৰ চৰিত্ৰৰ আধাৰত এই ৰস প্ৰকাশ পাইছে, আলোচনা কৰাঁ । [2013/25m/2b]

  24. তলৰ পাঁচোটা প্ৰশ্নৰ উত্তৰ সংক্ষেপে লিখা । প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত হ’ব লাগিব: দশৰথৰ মৃত্যুৰ পিছত অযোধ্যা নগৰৰ অৱস্থা কেনে হোৱা বুলি মাধৱ কন্দলিয়ে বৰ্ণনা কৰিছে? [2012/12m/1b]

  25. তলৰ প্ৰশ্ন দুটাৰ উত্তৰ চমুকৈ কিন্তু বিচৰা বিষয় নিৰ্দেশ কৰি লিখা: ৰামায়ণত মন্থৰা চৰিত্ৰটোৰ ভূমিকা কি? ৰামায়ণৰ কাহিনীভাগত মন্থৰাৰ অৱদান বিচাৰ কৰা । [2012/30m/2b]

  26. তলৰ চাৰিটা প্ৰশ্নৰ উত্তৰ সংক্ষেপে লিখা । প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত হ’ব লাগিব: ‘অযোধ্যা কাণ্ড’ ৰামায়ণৰ কাব্যিক বিশেষত্ব চমুকৈ আলোচনা কৰা । [2011/15m/1b]

  27. ‘ৰামায়ণ’ৰ অযোধ্যাকাণ্ডটি আটাইতকৈ গুৰুত্বপূৰ্ণ কাণ্ড বুলি কিয় গণ্য কৰা হয়? বিষয়বস্তুৰ আধাৰত তথ্য আৰু যুক্তিৰে উত্তৰ দিয়াঁ । [2010/60m/2]

  28. ‘অযোধ্যা কাণ্ড’ত মাধৱ কন্দলিয়ে পাঠক-শ্ৰোতাৰ মনোৰঞ্জনকাৰী কি কি সমল সংযোগ কৰি মূল ৰামায়ণৰ পৰা আঁতৰি আহিছে, বিশ্লেষণ কৰি দেখুওৱাঁ । [2009/60m/2]

Cover of the UPSC Prelims Topic-wise PYQ book with detailed explanations

From the Optional Province team

Preparing for Prelims too?

Our UPSC Prelims Topic-wise PYQ Book covers every Prelims question with detailed explanations, so you can see exactly where UPSC asks from. Now available as a hard copy and an eBook.

Buy Hard Copy on AmazonBuy eBook (PDF)

Download a free sample

1.2] শংকৰদেৱ – ‘পাৰিজাত হৰণ’

30 questions

  1. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: ‘পাৰিজাত হৰণ’ নাটত সত্যভামা চৰিত্ৰটোৰ মাজেৰে কি কি দিশৰ উন্মেষণ ঘটিছে, আলোচনা কৰাঁ । [2026/10m/1b]

  2. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘পাৰিজাত হৰণ’ নাটত কি কি ৰসৰ সমাৱেশ ঘটিছে, বহলাই আলোচনা কৰাঁ । [2026/20m/2a]

  3. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ: “ ‘পাৰিজাত হৰণ’ নাটত ৰুক্মিণীক এগৰাকী সৰ্বগুণসম্পন্না নাৰীৰূপে চিত্ৰিত কৰা হৈছে ।” এই কথাষাৰৰ যথাৰ্থতা বিচাৰ কৰাঁ । [2025/10m/1b]

  4. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘পাৰিজাত ফুল’ক কেন্দ্ৰ কৰি শংকৰদেৱৰ ‘পাৰিজাত হৰণ’ নাটখনৰ বিষয়বস্তুৱে কেনেদৰে বিকাশ লাভ কৰিছে, আলোচনা কৰাঁ । [2025/20m/4a]

  5. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ: ‘পাৰিজাত হৰণ’ নাটখনৰ কাহিনীভাগৰ মূল উৎস কি? উৎস গ্ৰহণ কৰি ৰচনা কৰিলেও নাটখনত নাট্যকাৰ শংকৰদেৱে কেনেদৰে মৌলিক চিন্তা তথা সৃজনী-প্ৰতিভাৰ ৰহণ সানিছিল? [2024/10m/1a]

  6. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: অংকীয়া নাটৰ বৈশিষ্ট্যসমূহ ‘পাৰিজাত হৰণ’ নাটখনত কেনেদৰে প্ৰকাশ পাইছে, উপযুক্ত উদাহৰণসহ আলোচনা কৰাঁ । [2024/20m/3a]

  7. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: শ্ৰীমন্ত শংকৰদেৱৰ ‘পাৰিজাত হৰণ’ নাটৰ মুখ্য নাৰী চৰিত্ৰসমূহৰ মাজত কিদৰে স্বভাৱৰ বৈপৰীত্য আৰু সমধৰ্মিতা প্ৰকাশ পাইছে, আলোচনা কৰাঁ । [2022/20m/2a]

  8. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘পাৰিজাত হৰণ’ নাটৰ নাৰদ চৰিত্ৰটো অৱতাৰণা কৰাত শংকৰদেৱৰ নাট্য-প্ৰতিভা কিদৰে পৰিস্ফুট হৈছে, ব্যাখ্যা কৰাঁ । [2022/15m/3c]

  9. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত হ’ব লাগিব: সত্যভামাৰ কি কাৰণে ঈৰ্ষা জন্মিছিল আৰু সেই ঈৰ্ষাৰ জুই কেনেকৈ নিৰ্বাপিত হৈছিল? [2020/10m/1b]

  10. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘পাৰিজাত হৰণ’ নাটখনক শংকৰদেৱৰ সৰ্বশ্ৰেষ্ঠ নাট বোলাৰ যথাৰ্থতা আলোচনা কৰাঁ। [2020/20m/4a]

  11. তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখা: ‘পাৰিজাত হৰণ’ নাটৰ মূল উল্লেখ কৰা আৰু নাটখনৰ কোন কোন দিশত নাট্যকাৰে মৌলিক প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছে, বিচাৰ কৰা। [2019/10m/1b]

  12. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা: ‘পাৰিজাত হৰণ’ নাটৰ নাৰদ আৰু সত্যভমা চৰিত্ৰ দুটাৰ বিষয়ে এটি বিশ্লেষণাত্মক আলোচনা আগবঢ়োৱা। [2019/15m/2c]

  13. তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ: শংকৰদেৱৰ ছয়খন নাটকৰ ভিতৰত ‘পাৰিজাত হৰণ’ক কি কি কাৰণত শ্ৰেষ্ঠ বুলি কোৱা হয়, বিশ্লেষণ কৰাঁ। [2018/10m/1b]

  14. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: শংকৰদেৱৰ ‘পাৰিজাত হৰণ’ নাটকৰ নাট্যবস্তু বিকাশত পাৰিজাত ফুলপাহে কি ভূমিকা পালন কৰিছে, আলোচনা কৰাঁ। [2018/15m/3b]

  15. তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখা: শংকৰদেৱৰ ‘পাৰিজাত হৰণ’ নাটত নাৰদ চৰিত্ৰটিয়ে কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিছে, তোমাৰ ভাষাত লিখা। [2017/10m/1b]

  16. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ কৰা: “শংকৰদেৱে ‘পাৰিজাত হৰণ’ নাটৰ নাৰী চৰিত্ৰকেইটা পাৰস্পৰিক বৈপৰীত্য (contrast) আৰু সমধৰ্মিতা (parallelism)-ৰ আধাৰত অংকন কৰিছে।” এই কথাষাৰৰ তাৎপৰ্য স্পষ্টভাৱে বুজাই লিখা। [2017/20m/3a]

  17. তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘পাৰিজাত হৰণ’ নাটৰ দুটি বিপৰীতধৰ্মী নাৰী চৰিত্ৰৰ বিশ্লেষণ আগবঢ়োৱাঁ । [2016/10m/1b]

  18. তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: শঙ্কৰদেৱে ‘পাৰিজাতহৰণ নাট’ৰ কাহিনীটো কোন কোন মূল গ্ৰন্থৰ পৰা গ্ৰহণ কৰিছে আৰু তেওঁ নিজস্ব নাটকীয় কলাকৌশল কিদৰে প্ৰয়োগ কৰিছে, আলোচনা কৰাঁ । [2016/20m/3a]

  19. তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘পাৰিজাত হৰণ’ নাটখনত নাৰদৰ চৰিত্ৰটোৰ মাজেৰে সমাজ-জীৱনৰ চিত্ৰ কিদৰে প্ৰতিফলিত হৈছে লিখাঁ । [2016/15m/4b]

  20. তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘পাৰিজাত হৰণ’ নাটকত নাৰীৰ স্বভাৱজনিত ঈৰ্ষা কেনেধৰণে প্ৰতিফলিত হৈছে, লিখা। [2015/10m/1b]

  21. তলৰ তিনিটা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: ‘পাৰিজাত হৰণ’ নাটৰ কাহিনীভাগ বিশ্লেষণ কৰি নাটকীয় তাৎপৰ্য ব্যাখ্যা কৰা। [2015/15m/4c]

  22. তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিব: “ ‘পাৰিজাত হৰণ’ নাটত ৰুক্মিণীক এগৰাকী সৰ্বগুণসম্পন্না নাৰীৰূপে চিত্ৰিত কৰা হৈছে।” এই কথাষাৰৰ যথাৰ্থতা বিচাৰ কৰাঁ। [2014/10m/1b]

  23. তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘পাৰিজাত হৰণ’ নাটত সমধৰ্মিতাৰ ভেটিত অঙ্কিত শচী আৰু সত্যভামাৰ চৰিত্ৰ দুটাৰ বিষয়ে বিশদভাৱে আলোচনা কৰাঁ। [2014/20m/2a]

  24. তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: কি কি নাটকীয় কলাকৌশলৰ কাৰণে ‘পাৰিজাত হৰণ’ নাটখনক শঙ্কৰদেৱৰ সৰ্বশ্ৰেষ্ঠ নাট বোলা হৈছে, বিশ্লেষণ কৰাঁ। [2014/20m/4a]

  25. তলৰ প্ৰশ্ন দুটাৰ উত্তৰ চমুকৈ কিন্তু বিচৰা বিষয় নিৰ্দেশ কৰি লিখাঁ: শংকৰদেৱৰ ‘পাৰিজাত হৰণ’ নাটত ৰুক্মিণী আৰু সত্যভামাৰ বচন আৰু কাৰ্যকলাপৰ মাজেদি কৃষ্ণ-ভক্তিৰ মাহাত্ম্য কেনেদৰে প্ৰকাশ কৰা হৈছে, আলোচনা কৰাঁ । [2013/25m/2a]

  26. তলৰ পাঁচোটা প্ৰশ্নৰ উত্তৰ সংক্ষেপে লিখা । প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত হ’ব লাগিব: ‘পাৰিজাত হৰণ’ নাটৰ সকলো চৰিত্ৰতকৈ এই নাটৰ নাৰদক কিয় আকৰ্ষণীয় চৰিত্ৰ বুলি কোৱা হয়? [2012/12m/1a]

  27. তলৰ প্ৰশ্ন দুটাৰ চমু কিন্তু বিষয়-নিৰ্দেশক উত্তৰ লিখা: “‘পাৰিজাত হৰণ’ নাটৰ ঘাই লক্ষ্য শ্ৰীকৃষ্ণৰ ঐশ্বৰিক শক্তি আৰু মহত্ত্ব প্ৰতিষ্ঠা কৰা ।” মন্তব্যটিৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰা । [2012/30m/3a]

  28. তলৰ চাৰিটা প্ৰশ্নৰ উত্তৰ সংক্ষেপে লিখা । প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত হ’ব লাগিব: ‘পাৰিজাত হৰণ’ নাটকত শশী-সত্যভামাৰ বাদানুবাদৰ কাৰণ আৰু প্ৰকৃতি বৰ্ণনা কৰা । [2011/15m/1a]

  29. শঙ্কৰদেৱৰ ‘পাৰিজাতহৰণ’ নাটৰ ৰুক্মিণী, শচী আৰু সত্যভামা এই তিনিওটি নাৰী-চৰিত্ৰৰ সংলাপ আৰু আচৰণৰ মাজত ফুটি উঠা বিশেষত্ব সম্পৰ্কে আলোচনা কৰাঁ । [2010/60m/4]

  30. ‘পাৰিজাত হৰণ’ নাটত সম্পূৰ্ণ দুটা পৃথক ঘটনা সংযোজন কৰি শংকৰদেৱে নাট্যকাৰৰূপে কি অভিনৱত্ব আৰু প্ৰতিভাৰ পৰিচয় দিছে, বিশদভাৱে আলোচনা কৰাঁ । [2009/60m/4]

1.3] শংকৰদেৱ – ‘ৰাসক্ৰীড়া’ (‘কীৰ্তন ঘোষা’)

29 questions

  1. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: শ্ৰীমন্ত শংকৰদেৱে কিয় ‘ইটো ৰাসক্ৰীড়া কেলি নামে কামজয়’ বুলি উল্লেখ কৰিছে, বিশ্লেষণ কৰাঁ । [2026/10m/1c]

  2. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: “শ্ৰীকৃষ্ণৰ ৰাসক্ৰীড়াৰ অনুপম কাহিনীয়ে ভক্তিমাৰ্গৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিছে ।” কথাষাৰৰ যথাৰ্থতা বিচাৰ কৰাঁ । [2026/20m/4a]

  3. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ: “শৃঙ্গাৰ ৰসে যাৰ আছে ৰতি ।
    আকে শুনি হোক নিৰ্ম্মল মতি॥”
    ‘কীৰ্ত্তন-ঘোষা’ৰ ‘ৰাসক্ৰীড়া’ অধ্যায়ত শ্ৰীমন্ত শংকৰদেৱে উক্ত পদ দুফাঁকি সন্নিৱিষ্ট কৰাৰ কাৰণসমূহ বিশ্লেষণ কৰাঁ । [2025/10m/1c]

  4. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘কীৰ্ত্তন-ঘোষা’ৰ ‘ৰাসক্ৰীড়া’ অধ্যায়ত বৰ্ণিত গোপীসকলৰ কৃষ্ণপ্ৰেমৰ তাৎপৰ্য বিচাৰ কৰাঁ । [2025/15m/3c]

  5. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘কীৰ্ত্তন-ঘোষা’ৰ ‘ৰাসক্ৰীড়া’ অধ্যায়ত শৃংগাৰ ৰস আৰু ভক্তিৰস কেনেদৰে সংপৃক্ত হৈ আৰু অৱশেষত ভক্তিৰসে কেনেদৰে আধিপত্য বিস্তাৰ কৰিছে, বিচাৰ কৰাঁ । [2024/15m/3b]

  6. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: বৃন্দাবনৰ যমুনাতটত কৃষ্ণ আৰু গোপীসকলৰ মাজত ‘ৰাসক্ৰীড়া’ সংঘটিত হোৱা পূৰ্ণচন্দ্ৰৰ নিশাটো বৰ্ণনা কৰাঁ । [2024/15m/4b]

  7. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: ‘কীৰ্ত্তন-ঘোষা’ৰ ‘ৰাসক্ৰীড়া’ অধ্যায়ত কি কি ৰসৰ সমাৱেশ হৈছে, উদাহৰণসহ আলোচনা কৰাঁ । [2022/10m/1b]

  8. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘ৰাসক্ৰীড়া’ অধ্যায়ৰ কাব্যিক সৌন্দৰ্য বিশ্লেষণ কৰাঁ । [2022/15m/4b]

  9. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত হ’ব লাগিব: ৰাসক্ৰীড়াৰ সময়ত শ্ৰীকৃষ্ণই গোপিনীসকলক কি অপ্ৰিয় বাণী শুনাইছিল আৰু ফলত কি হৈছিল? [2020/10m/1d]

  10. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: “ভৈলন্ত মণ্ডলাকাৰ হাতে গলে ধৰি ।
    সবে বোলে মোকসে আলিঙ্গি আছে হৰি ।”
    এই কথাষাৰৰ পটভূমি আৰু তাৎপৰ্য ব্যাখ্যা কৰাঁ। [2020/20m/3a]

  11. তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখা: “ৰাসক্ৰীড়াত বৰ্ণিত গোপীসকলৰ ভক্তিক সকলো বৈষ্ণৱেই আদৰ্শ ভক্তি বুলি জ্ঞান কৰিছে।” কথাষাৰৰ তাৎপৰ্য বিশ্লেষণ কৰা। [2019/10m/1c]

  12. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা: ‘কীৰ্ত্তন-ঘোষা’ৰ ‘ৰাসক্ৰীড়া’ অধ্যায়ৰ জৰিয়তে শংকৰদেৱৰ কাব্য-প্ৰতিভা বিচাৰ কৰা। [2019/20m/4a]

  13. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘কীৰ্ত্তন-ঘোষা’ত শংকৰদেৱে ৰাসক্ৰীড়াৰ বৰ্ণনা দিবলৈ যোৱাৰ আগতে প্ৰকৃতি জগতৰ, বিশেষকৈ শৰৎ কালৰ মধুৰ পূৰ্ণিমাৰ মনোৰম চিত্ৰ কেনেদৰে অঙ্কন কৰিছে তাৰ এটি আলোচনা আগবঢ়োৱাঁ। [2018/20m/2a]

  14. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: শংকৰদেৱ বিৰচিত ‘কীৰ্ত্তন-ঘোষা’ৰ ৰাসক্ৰীড়া অধ্যায়ত কি কি ৰসৰ উদ্ৰেক ঘটিছে, উদাহৰণসহ আলোচনা কৰাঁ। [2018/20m/4a]

  15. তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখা: ‘ৰাসক্ৰীড়া’ক মহাপুৰুষে ‘কামজয় নামে ইটো কেশৱৰ কেলি’ বুলি কিদৰে প্ৰতিপন্ন কৰিছে, বিচাৰ কৰা। [2017/10m/1c]

  16. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ কৰা: “শৃঙ্গাৰ ৰসে যাৰ আছে ৰতি ।
    আকে শুনি হোক নিৰ্ম্মল মতি॥”
    ‘কীৰ্তন-ঘোষা’ৰ ‘ৰাসক্ৰীড়া’ অধ্যায়ত সন্নিৱিষ্ট উক্ত পদ দুফাঁকিৰ তাৎপৰ্য বিশ্লেষণ কৰা। [2017/15m/4c]

  17. তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিব: “ ‘ৰাসক্ৰীড়া’ ৰ মাজেৰে মূলতঃ শ্ৰীকৃষ্ণৰ ঐশ্বৰিক মাহাত্ম্যকে প্ৰধানভাৱে ফুটাই তোলা হৈছে ।” – কথাষাৰৰ যথাৰ্থতা প্ৰমান কৰাঁ । [2016/10m/1c]

  18. তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘কীৰ্তন যোষা[?]’ ৰ ‘ৰাসক্ৰীড়া’ অধ্যায়ত গোপীসকলৰ কৃষ্ণপ্ৰেমৰ তাৎপৰ্য্য বিচাৰ কৰাঁ । [2016/15m/3c]

  19. তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিব: “কৃষ্ণৰ বিপ্ৰিয় বাণী শুনি গোপীগণ।
    পাইলন্ত দূৰন্ত চিন্তা বিমৰ্ষ বদন॥” [ৰাস-ক্ৰীড়া]
    শ্ৰীকৃষ্ণই গোপীসকলক কি কথা কৈছিল আৰু তাকে শুনি গোপীসকলে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল, লিখা। [2015/10m/1d]

  20. তলৰ তিনিটা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: “ধৰ্মৰ ৰক্ষক হুয়া মুৰাৰি ।
    ক্ৰীড়িলা কেনে পৰ গোপনাৰী॥
    হোৱন্ত হৰি যদি পুণ্যকাম ।
    কৰিলা কেনে গৰহিত কাম॥” [ৰাস-ক্ৰীড়া]
    কোনে, কি প্ৰসঙ্গত এই প্ৰশ্ন উত্থাপন কৰিছিল আৰু উত্তৰত কি জানিবলৈ পাইছিল, লিখা। [2015/20m/4a]

  21. তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘কীৰ্ত্তন-ঘোষা’ত শৃঙ্গাৰ ৰসাত্মক গোপীকৃষ্ণৰ ‘ৰাসক্ৰীড়া’ৰ মাজেৰে ভক্তিৰ মাহাত্ম্য কিদৰে প্ৰকাশ কৰা হৈছে, আলোচনা কৰাঁ। [2014/10m/1c]

  22. তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘কীৰ্ত্তন-ঘোষা’ৰ ‘ৰাসক্ৰীড়া’ অধ্যায়ত কৃষ্ণ আৰু গোপীসকলক যথাক্ৰমে পৰমাত্মা আৰু জীৱাত্মাৰ অৰ্থত গ্ৰহণ কৰি পৰমাত্মাৰ প্ৰতি জীৱাত্মাৰ আকৰ্ষণ আৰু মিলন বুলি অভিহিত কৰাৰ কাৰণ ব্যাখ্যা কৰাঁ। [2014/15m/2c]

  23. তলৰ পাঁচটা প্ৰশ্নৰ উত্তৰ সংক্ষেপে লিখাঁ। প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150টা শব্দৰ ভিতৰত হ’ব লাগিব: “কাম জয় নামে ইটো মাধৱৰ কেলি”–এই পদফাকিৰ আধাৰত ৰাসক্ৰীড়াৰ তাৎপৰ্য বিচাৰ কৰাঁ । [2013/10m/1c]

  24. তলৰ প্ৰশ্ন দুটাৰ চমু কিন্তু বিষয়-নিৰ্দেশক উত্তৰ লিখাঁ: ‘কীৰ্তন’ পুথিৰ ৰাসক্ৰীড়া অধ্যায়ত প্ৰকাশ পোৱা গোপীসকলৰ কৃষ্ণপ্ৰেমৰ তাৎপৰ্য আলোচনা কৰাঁ। [2013/25m/3a]

  25. তলৰ প্ৰশ্ন দুটাৰ উত্তৰ চমুকৈ কিন্তু বিচৰা বিষয় নিৰ্দেশ কৰি লিখা: ৰাসক্ৰীড়া কোনে, ক’ত, কেতিয়া কৰিছিল? ‘ৰাসক্ৰীড়া’ৰ মূল তত্ত্ব আৰু শিকনি কি? [2012/30m/2a]

  26. তলৰ প্ৰশ্ন দুটাৰ উত্তৰ চমুকৈ লিখা: “কৃষ্ণৰ অপ্ৰিয় বাণী শুনি গোপীগণ ।
    পাইলেক দুৰন্ত চিন্তা মলিন বদন ॥”
    শ্ৰীকৃষ্ণই গোপীসকলক কৰা এই কটাক্ষৰ প্ৰসঙ্গ আৰু তাৎপৰ্য ব্যাখ্যা কৰা । [2011/30m/2a]

  27. তলৰ প্ৰশ্ন দুটাৰ উত্তৰ চমুকৈ লিখা: “কামজয় নামে ইটো কেশৱৰ কেলি ।” এই উক্তিৰ আধাৰত কীৰ্ত্তনৰ অন্তৰ্গত ৰাসক্ৰীড়াৰ প্ৰকৃতাৰ্থ নিৰ্ণয় কৰা । [2011/30m/2b]

  28. তলৰ যি কোনো তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 200 (দুশ) শব্দৰ ভিতৰত লিখিবাঁ: ৰাসক্ৰীড়াক ‘ইটো কামজয় কৃষ্ণৰ কথা’ বুলি কিয় কোৱা হৈছে? ইয়াত কৃষ্ণ আৰু গোপীসকলে দৰাচলতে কাক কাক প্ৰতিনিধিত্ব কৰিছে? আলোচনা কৰাঁ । [2010/20m/1a]

  29. তলৰ যি কোনো তিনিটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 200 (দুইশ) শব্দৰ ভিতৰত লিখিবাঁ: “কামজয় নামে ইটো কেশৱৰ কেলি–” এই উক্তিৰ আধাৰত কীৰ্তনৰ অন্তৰ্গত ৰাস-ক্ৰীড়াৰ মহত্ত্ব বিচাৰ কৰাঁ । [2009/20m/1c]

1.4] মাধৱদেৱ – ‘বৰগীত’

29 questions

  1. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: মাধৱদেৱৰ বৰগীতৰ আধাৰত চিৰন্তন মাতৃৰ স্বৰূপ নিৰ্ণয় কৰাঁ । [2026/10m/1d]

  2. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: “শিশু-চৰিত্ৰৰ কল্পনা নৈপুণ্যত বৰগীতবোৰে কবিতা হিচাপে জগতৰ কাব্য-সাহিত্যত অতি ওখ ঠাই লাভ কৰিব পাৰে ।” মাধৱদেৱৰ বৰগীতৰ প্ৰসংগত কথাষাৰ ব্যাখ্যা কৰাঁ। [2026/15m/3b]

  3. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ: “বাৎসল্য প্ৰেম মাধৱদেৱৰ ভক্ত জীৱনৰ সৰ্বহ ।” মাধৱদেৱৰ বৰগীতৰ আধাৰত এই কথাষাৰৰ তাৎপৰ্য বিশ্লেষণ কৰাঁ । [2025/10m/1d]

  4. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: “বৰগীতবোৰ ওখ নৈতিক আৰু আধ্যাত্মিক ভাৱৰ ওপৰত প্ৰতিষ্ঠিত ।” বাণীকান্ত কাকতিয়ে উত্থাপন কৰা উক্ত কথাষাৰৰ আলমত বৰগীতৰ বিষয়বস্তু সম্পৰ্কে আলোচনা কৰাঁ । [2025/20m/3a]

  5. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ: মাধৱদেৱৰ লীলাপ্ৰধান বৰগীতসমূহত কৃষ্ণৰ চৰিত্ৰটো কেনেদৰে উপস্থাপন কৰা হৈছে? [2024/10m/1d]

  6. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতৰ আধাৰত বৰগীতৰ প্ৰধান বৈশিষ্ট্যসমূহ বিশ্লেষণ কৰি এটা নিৱন্ধ যুগুত কৰাঁ । [2024/20m/2a]

  7. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: মাধৱদেৱৰ বৰগীতত বাৎসল্য প্ৰেম সম্পৰ্কে এটি নিবন্ধ লিখাঁ । [2022/10m/1c]

  8. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: “ধাতু মুদ্ৰা এটিৰ এফালে ৰজাৰ চাব আৰু আনফালে মুদ্ৰাটিৰ বেচফেৰীৰ উল্লেখ থকাৰ দৰে গীতবোৰতো এফালে পৰমপুৰুষৰ মানৱী লীলাৰ ব্যক্তিত্বৰ চাব আৰু ভক্তৰ ভাষাত সেই চাবখিনিৰ মূল্যৰ ইংগিত আছে ।” মাধৱদেৱৰ বৰগীতৰ প্ৰসংগত কথাষাৰৰ যথাৰ্থতা নিৰূপণ কৰাঁ । [2022/20m/3a]

  9. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত হ’ব লাগিব: মাধৱদেৱে ৰচনা কৰা বৰগীতসমূহৰ মাজেৰে প্ৰধানকৈ কি ৰসৰ পৰিস্ফুৰণ ঘটিছিল আৰু সেই ৰস কিহলৈ উত্তীৰ্ণ হৈছিল? [2020/10m/1c]

  10. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘পুৰণি অসমীয়া সাহিত্য’ৰ আলমত ‘বৰগীত’ সম্বন্ধে বহলাই আলোচনা কৰাঁ। [2020/20m/8a]

  11. তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখা: মাধৱদেৱৰ বৰগীতৰ মাজেৰে শিশুকৃষ্ণৰ দুমুখীয়া ব্যক্তিত্ব ক’ত, কেনেদৰে ফুটি উঠিছে, বিচাৰ কৰা। [2019/10m/1d]

  12. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা: “মাধৱদেৱৰ বৰগীতৰ বৈশিষ্ট্য কৃষ্ণৰ বাল্যজীৱনৰ ছবি অংকন।” মন্তব্যটি উদাহৰণসহ বিচাৰ কৰা। [2019/15m/4b]

  13. তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ: বৰগীতৰ সংজ্ঞা নিৰূপণ কৰি মাধৱদেৱৰ বৰগীতৰ বিষয়বস্তু সম্পৰ্কে আলোচনা কৰাঁ। [2018/10m/1a]

  14. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: “মাধৱদেৱৰ বৰগীতসমূহ ভক্তপ্ৰাণৰ মৰ্মস্পৰ্শী প্ৰকাশ। দাস্য আৰু বাৎসল্য এই দুয়োটা ভাৱেৰেই বৰগীত তেওঁ ৰচনা কৰিছিল যদিও বাৎসল্য ভাৱৰ গীত অধিক।” এই মন্তব্যৰ আধাৰত মাধৱদেৱৰ বৰগীতত দাস্য আৰু বাৎসল্য ভাৱ কেনেদৰে নিহিত হৈ আছে তাৰ এটি বিশ্লেষণ কৰাঁ। [2018/20m/3a]

  15. তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখা: “বাৎসল্য প্ৰেম মাধৱদেৱৰ ভক্ত জীৱনৰ সৰ্বহ।” মাধৱদেৱৰ বৰগীতৰ আধাৰত এই কথাষাৰৰ তাৎপৰ্য বিশ্লেষণ কৰা। [2017/10m/1d]

  16. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ কৰা: “বৰগীতবোৰ ওখ নৈতিক আৰু আধ্যাত্মিক ভাৱৰ ওপৰত প্ৰতিষ্ঠিত।” বাণীকান্ত কাকতিয়ে কৰা উক্ত মন্তব্যৰ তাৎপৰ্য বিচাৰ কৰা। [2017/15m/3c]

  17. তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিব: মাধৱদেৱৰ ‘বৰগীত’ৰ মাজেৰে শিশুকৃষ্ণৰ বাল্যকালৰ বৰ্ণনা পোৱা গ’লেও সি ভক্তিৰসলৈ উন্নীত হৈছে – কথাষাৰ বিশ্লেষণ কৰাঁ । [2016/10m/1d]

  18. তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: বৰগীত সমূহৰ মাজেৰে আধ্যাত্মিক ভাৱ কিদৰে প্ৰতিফলিত হৈছে মাধৱদেৱৰ বৰগীতৰ আধাৰত বিশ্লেষণ কৰাঁ । [2016/15m/3b]

  19. তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিব: মাধৱদেৱ বিৰচিত বৰগীতসমূহৰ মাজেদি কি ৰসৰ, কেনেধৰণৰ পৰিস্ফুৰণ ঘটিছে, আলোচনা কৰা। [2015/10m/1c]

  20. তলৰ তিনিটা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: মাধৱদেৱৰ বৰগীতত শিশু কৃষ্ণৰ চৰিত্ৰ সম্পৰ্কে এটি আলোচনা আগবঢ়োৱা। [2015/15m/2c]

  21. তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘পুৰণি অসমীয়া সাহিত্য’ৰ আধাৰত বৰগীতৰ সংজ্ঞা নিৰূপণ কৰি ইয়াক কিহৰ লগত ৰিজাব পাৰি, লিখা। [2015/10m/5d]

  22. তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিব: মাধৱদেৱে বৰগীতত শিশুকৃষ্ণৰ বাল্যলীলাৰ বৰ্ণনাটোক কিদৰে ভক্তিৰ স্তৰলৈ উন্নীত কৰিছে, বিচাৰ কৰাঁ। [2014/10m/1e]

  23. তলৰ পাঁচটা প্ৰশ্নৰ উত্তৰ সংক্ষেপে লিখাঁ। প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150টা শব্দৰ ভিতৰত হ’ব লাগিব: মাধৱদেৱৰ বৰগীতত প্ৰকাশ পোৱা ভক্তিতত্ত্ব আৰু কৃষ্ণলীলাৰ বিষয়ে চমুকৈ আলোচনা কৰাঁ । [2013/10m/1e]

  24. তলৰ প্ৰশ্ন দুটাৰ চমু কিন্তু বিষয়-নিৰ্দেশক উত্তৰ লিখাঁ: মাধৱদেৱৰ বৰগীতৰ সকলো দিশ সামৰি এটি প্ৰবন্ধ যুগুত কৰাঁ । [2013/25m/3b]

  25. তলৰ পাঁচোটা প্ৰশ্নৰ উত্তৰ সংক্ষেপে লিখা । প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত হ’ব লাগিব: মাধৱদেৱৰ ‘বৰগীত’ত ফুটি উঠা শিশু কৃষ্ণৰ চৰিত্ৰ সম্পৰ্কে এটি টোকা লিখা । [2012/12m/1c]

  26. তলৰ প্ৰশ্ন দুটাৰ চমু কিন্তু মূল বিষয় নিৰ্দেশ কৰি উত্তৰ লিখা: বাণীকান্ত কাকতিৰ ‘বৰগীত’ প্ৰৱন্ধটিৰ আধাৰত রৰগীতৰ ভাব, বিষয় আৰু ৰচনাশৈলীৰ বিশেষত্ব দেখুওৱা । [2012/30m/7a]

  27. তলৰ চাৰিটা প্ৰশ্নৰ উত্তৰ সংক্ষেপে লিখা । প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত হ’ব লাগিব: ডঃ বাণীকান্ত কাকতিৰ দৃষ্টিভঙ্গীত ‘বৰগীত’ কি? ইয়াক কিহৰ লগত তুলনা কৰিছে, আলোচনা কৰা । [2011/15m/1d]

  28. তলৰ যি কোনো তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 200 (দুশ) শব্দৰ ভিতৰত লিখিবাঁ: মাধৱদেৱে মুঠ কিমান ‘বৰগীত’ ৰচনা কৰিছিল? তেওঁৰ ‘বৰগীত’সমূহ কোন বয়সৰ কৃষ্ণক লৈ ৰচনা কৰা? মাধৱদেৱৰ ‘বৰগীত’ৰ বিশেষত্ব বিচাৰ কৰাঁ । [2010/20m/1c]

  29. তলৰ যি কোনো তিনিটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 200 (দুইশ) শব্দৰ ভিতৰত লিখিবাঁ: মাধৱদেৱৰ বৰগীতত শিশু কৃষ্ণৰ বাল্য-জীৱনৰ ৰং-বিৰঙৰ ছবি কিদৰে ফুটি ওলাইছে, আলোচনা কৰাঁ । [2009/20m/1a]

1.5] মাধৱদেৱ – ‘ৰাজসূয়’

28 questions

  1. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: মাধৱদেৱৰ ‘ৰাজসূয়’ কাব্যৰ বিষয়বস্তুৰ সম্যক আভাস দাঙি ধৰাঁ । [2026/15m/2c]

  2. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: মাধৱদেৱৰ ‘ৰাজসূয়’ কাব্যৰ আধাৰত জৰাসন্ধ আৰু শিশুপাল চৰিত্ৰ বিশ্লেষণ কৰাঁ । [2026/15m/4b]

  3. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘ৰাজসূয়’ কাব্যখনৰ মাজেৰে মাধৱদেৱৰ কবিত্ব শক্তিৰ পৰিচয় কেনেদৰে ফুটি ওলাইছে, আলোচনা কৰাঁ । [2025/15m/2b]

  4. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘ৰাজসূয়’ কাব্যত ক’ত, কেনেদৰে একশৰণ ভক্তিৰ প্ৰকাশ ঘটিছে, উদাহৰণসহ আলোচনা কৰাঁ । [2025/15m/4b]

  5. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ৰাজসূয় যজ্ঞ কোনে, ক’ত আয়োজন কৰিছিল? এই যজ্ঞৰ নিমন্ত্ৰণ পাই দ্বাৰকাধিপতি কৃষ্ণই সগোত্ৰে-সবান্ধৱে কেনেদৰে যাত্ৰা কৰিছিল? [2024/15m/2b]

  6. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: মাধৱদেৱৰ ‘ৰাজসূয় কাব্য’ৰ ভাষাৰ লালিত্যৰ বিষয়ে কাব্যখনৰ পৰা উদ্ধৃতি দাঙি ধৰি লিখাঁ । [2024/15m/3c]

  7. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: “ৰাজসূয়ৰ ভাষা প্ৰাঞ্জল অসমীয়া আৰু সংস্কৃতিৰ পৰিচায়ক । পদৰ লালিত্য, অলংকাৰৰ মাধুৰ্য্য, ভাৱৰ গাম্ভীৰ্য্য, চিত্ৰৰ সৌন্দৰ্য্য আৰু ভক্তিৰ প্ৰাচুৰ্য্যই ইয়াক বাস্তৱিকতে মনোৰম কৰিছে ।” উক্তিষাৰৰ তাৎপৰ্য বিচাৰ কৰাঁ । [2022/15m/2b]

  8. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: মাধৱদেৱৰ ‘ৰাজসূয়’ কাব্যখনৰ বিষয়বস্তু কি? কাব্যখনত ভক্তিৰস কিদৰে প্ৰতিফলিত হৈছে, বিচাৰ কৰাঁ । [2022/15m/4c]

  9. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘ৰাজসূয় কাব্য’ৰ ইন্দ্ৰপ্ৰস্থ আৰু সুধৰ্মা সভাৰ বৰ্ণনাত মাধৱদেৱৰ কাব্য-প্ৰতিভা কেনেদৰে পৰিস্ফুট হৈছে, আলোচনা কৰাঁ। [2020/20m/2a]

  10. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘ৰাজসূয় কাব্য’ৰ ময়দানৱ চৰিত্ৰটি বিশ্লেষণ কৰাঁ। [2020/15m/3b]

  11. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা: “মাধৱদেৱৰ বাৎসল্য আৰু দাস্যভাবপ্ৰধান অন্যান্য ৰচনাসমূহৰ তুলনাত ‘ৰাজসূয়’ কাব্যত প্ৰায় সকলো ৰসৰ সমাহাৰ ঘটিছে।” মন্তব্যটিৰ আধাৰত ‘ৰাজসূয়’ কাব্যৰ ৰসসৌন্দৰ্যৰ বিষয়ে এটি নিবন্ধ যুগুত কৰা। [2019/20m/2a]

  12. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা: মাধৱদেৱৰ ‘ৰাজসূয়’ কাব্যৰ কৃষ্ণ চৰিত্ৰত কেনেদৰে পৰমপুৰুষত্ব আৰোপিত হৈছে, বিশ্লেষণ কৰি দেখুওৱা। [2019/15m/3c]

  13. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: মাধৱদেৱৰ ‘ৰাজসূয় কাব্য’ত শ্ৰীকৃষ্ণই সমদলে দ্বাৰকাৰ পৰা ইন্দ্ৰপ্ৰস্থলৈ যোৱাৰ বিৱৰণটো তোমাৰ ভাষাত লিখাঁ। [2018/15m/2b]

  14. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: মাধৱদেৱৰ ‘ৰাজসূয় কাব্য’ত ছন্দ আৰু অলংকাৰ প্ৰয়োগৰ যোগেদি মাধৱদেৱৰ কবি-প্ৰতিভা কেনেদৰে প্ৰকাশ পাইছে, বিশ্লেষণ কৰাঁ। [2018/15m/4c]

  15. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ কৰা: ‘ৰাজসূয়’ কাব্যখনৰ মাজেৰে মাধৱদেৱৰ কবিত্ব শক্তিৰ পৰিচয় কেনেদৰে ফুটি ওলাইছে, আলোচনা কৰা। [2017/15m/2b]

  16. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ কৰা: ‘ৰাজসূয়’ কাব্যত ক’ত, কেনেদৰে একশৰণ ভক্তিৰ প্ৰকাশ ঘটিছে, উদাহৰণসহ আলোচনা কৰা। [2017/15m/4b]

  17. তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘ৰাজসূয় কাব্য’ ত যাদৱসকলৰ ইন্দ্ৰপ্ৰস্থ যাত্ৰাৰ বৰ্ণনাত মাধৱদেৱৰ কবি-প্ৰতিভা কেনেদৰে প্ৰকাশ হৈছে আলোচনা কৰাঁ । [2016/20m/2a]

  18. তলৰ তিনিটা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: মাধৱদেৱৰ ‘ৰাজসূয় কাব্য’ৰ মাজেৰে কৃষ্ণভক্তিৰ মাহাত্ম্য কিদৰে প্ৰকাশিত হৈছে, লিখা। [2015/20m/2a]

  19. তলৰ তিনিটা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: ‘ৰাজসূয়’ কাব্যত মাধৱদেৱৰ কবি-প্ৰতিভা কেনেদৰে প্ৰস্ফুটিত হৈছে, বিৱৰি লিখা। [2015/15m/4b]

  20. তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘ৰাজসূয়’ কাব্যখনত ইন্দ্ৰপ্ৰস্থ আৰু সুধৰ্মা সভাৰ বৰ্ণনাত মাধৱদেৱৰ কাব্যিক দক্ষতা কিদৰে অভিব্যক্ত হৈছে, আলোচনা কৰাঁ। [2014/15m/2b]

  21. তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘ৰাজসূয়’ কাব্যখনত ময়দানৱৰ চৰিত্ৰটো অঙ্কন কৰোঁতে মাধৱদেৱে কাব্যিক প্ৰতিভাৰ পৰিচয় কেনেদৰে দিছে, ব্যাখ্যা কৰাঁ। [2014/15m/4b]

  22. তলৰ পাঁচটা প্ৰশ্নৰ উত্তৰ সংক্ষেপে লিখাঁ। প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150টা শব্দৰ ভিতৰত হ’ব লাগিব: ‘ৰাজসূয় কাব্য’ত থকা যাদৱসকলৰ ইন্দ্ৰপ্ৰস্থ যাত্ৰাৰ বৰ্ণনাৰ মাজত মাধৱদেৱৰ কবিত্বশক্তি কেনেদৰে প্ৰকাশ পাইছে, আলোচনা কৰাঁ । [2013/10m/1b]

  23. তলৰ পাঁচোটা প্ৰশ্নৰ উত্তৰ সংক্ষেপে লিখা । প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত হ’ব লাগিব: “মাধৱদেৱৰ কবিত্ব শক্তিৰ পৰিচয় পোৱা যায় ‘ৰাজসূয় কাব্য’ত ।” এই উক্তিৰ যথাৰ্থতা প্ৰতিপন্ন কৰা । [2012/12m/1e]

  24. তলৰ প্ৰশ্ন দুটাৰ চমু কিন্তু বিষয়-নিৰ্দেশক উত্তৰ লিখা: ‘ৰাজসূয় কাব্য’ত মাধৱদেৱে অংকন কৰা কৃষ্ণ-ভক্তি আৰু কৃষ্ণ-মাহাত্ম্য সম্পৰ্কে এটি টোকা লিখা । [2012/30m/3b]

  25. তলৰ প্ৰশ্ন দুটাৰ চমুকৈ উত্তৰ লিখা: ‘ৰাজসূয়’ৰ অতি আকৰ্ষণীয় বৰ্ণনাখণ্ড কি বা কোনখিনিত? ‘ৰাজসূয়’ৰ কাব্যিক মহত্ত্ব সংক্ষেপে বিশ্লেষণ কৰা । [2011/30m/3a]

  26. তলৰ প্ৰশ্ন দুটাৰ চমুকৈ উত্তৰ লিখা: ‘ৰাজসূয়’ কাব্যৰ ভিত্তিত মহাপুৰুষ মাধৱদেৱৰ কাব্যিক প্ৰতিভাৰ শ্ৰেষ্ঠত্ব নিৰূপণ কৰা । [2011/30m/3b]

  27. ‘ৰাজসূয়’ কাব্যত বৰ্ণিত ‘কৃষ্ণৰ নগৰ’ৰ স্থান আৰু দৈৰ্ঘ্য-প্ৰস্থৰ উল্লেখ কৰি নগৰখনৰ বিৱৰণ এটি দাঙি ধৰাঁ । [2010/60m/3]

  28. “মাধৱদেৱৰ দাস্য আৰু বাৎসল্য ভাৱপ্ৰধান অন্যান্য ৰচনাসমূহৰ তুলনাত ‘ৰাজসূয়’ কাব্যত প্ৰায় সকলো ৰসৰ সমাহাৰ ঘটিছে ।”
    মন্তব্যটোৰ আলমত ‘ৰাজসূয়’ কাব্যৰ কাহিনী-প্ৰৱাহ বিচাৰ কৰি কাব্যখনৰ ৰস-সৌন্দৰ্যৰ বিষয়ে এটি আলোচনা আগবঢ়োৱাঁ । [2009/60m/3]

1.6] বৈকুণ্ঠনাথ ভট্টাচাৰ্য (ভট্টদেৱ) – ‘কথা-ভাগৱত’ (প্ৰথম আৰু দ্বিতীয় স্কন্ধ)

30 questions

  1. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: “ভট্টদেৱৰ গদ্যৰ ভাষা গুৰুগম্ভীৰ সাধু ভাষা ।” উক্তিষাৰৰ যথাৰ্থতা ব্যাখ্যা কৰাঁ । [2026/15m/2b]

  2. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘কথা-ভাগৱত’ৰ আধাৰত অসমীয়া গদ্য-সাহিত্যত ভট্টদেৱৰ স্থান নিৰূপণ কৰাঁ । [2026/15m/4c]

  3. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ: ‘কথা-ভাগৱত’ৰ আধাৰত কবিৰত্ন বৈকুণ্ঠনাথ ভট্টাচাৰ্য্যৰ গদ্যৰীতিৰ প্ৰধান বিশেষত্বসমূহ চমুকৈ লিখাঁ । [2025/10m/1e]

  4. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘কথা-ভাগৱত’ৰ দ্বিতীয় স্কন্ধত হৰিভক্তিৰ মহিমা কিদৰে অভিব্যক্ত হৈছে, তোমাৰ ভাষাৰে বৰ্ণনা কৰাঁ। [2025/15m/3b]

  5. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ: “ ‘কথা-ভাগৱত’ৰ শব্দসম্ভাৰত সংস্কৃতীয়া শব্দৰ প্ৰয়োগেই অধিক”–কথাষাৰৰ সত্যাসত্য নিৰূপণ কৰি এটি প্ৰৱন্ধ যুগুত কৰাঁ । [2024/10m/1e]

  6. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘কথা-ভাগৱত’ৰ প্ৰথম দুটা স্কন্ধৰ আধাৰত বৈকুণ্ঠনাথ ভট্টাচাৰ্যৰ গদ্যৰীতি বিষয়ে এটি আলচ যুগুত কৰাঁ । [2024/20m/4a]

  7. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: ‘কথা-ভাগৱত’ৰ তোমাৰ নিৰ্বাচিত পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ মাহাত্ম্য কিদৰে ফুটি উঠিছে, নিজৰ ভাষাত বৰ্ণনা কৰাঁ । [2022/10m/1d]

  8. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: “দৈনন্দিন কথ্যভাষাক ভট্টদেৱে গ্ৰহণ কৰা নাই । কথ্যভাষাৰে এটা সাধু আৰু গম্ভীৰ ৰূপ গদ্যত ব্যৱহাৰ কৰিছে ।” এই উক্তিৰ আধাৰত ভট্টদেৱৰ গদ্যৰীতি সম্পৰ্কে এটি নিবন্ধ লিখাঁ । [2022/20m/4a]

  9. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত হ’ব লাগিব: ‘কথা ভাগৱত’ত বৰ্ণিত ভাগৱতৰ দশ লক্ষণ কি কি? [2020/10m/1e]

  10. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘কথা ভাগৱত’ৰ আলমত ভট্টদেৱৰ গদ্যৰীতিৰ বিষয়ে এটি প্ৰৱন্ধ যুগুত কৰাঁ। [2020/15m/2b]

  11. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা: বৈকুণ্ঠনাথ ভট্টাচাৰ্য্যৰ গদ্যৰীতিৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি? কোনো কোনোৱে ভট্টদেৱৰ গদ্যৰীতি কৃত্ৰিম বুলি ক’ব খোজে। এই সন্দৰ্ভত তোমাৰ মতামত কি, উদাহৰণসহ বুজাই লিখা। [2019/15m/2b]

  12. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা: বৈকুণ্ঠনাথ ভট্টাচাৰ্য্যৰ ‘কথাভাগৱত’ৰ অনুবাদৰীতি সম্পৰ্কে তোমাৰ পাঠ্যক্ৰমৰ আধাৰত এটি আলোচনা আগবঢ়োৱা। [2019/15m/4c]

  13. তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ: “কথাগীতা আৰু কথা-ভাগৱতৰ গদ্য তৎসম শব্দৰ দ্বাৰা ভাৰাক্ৰান্ত।” বাণীকান্ত কাকতিয়ে বৈকুণ্ঠনাথ ভট্টাচাৰ্যৰ ভাষাৰ বিষয়ে কৰা এই মন্তব্যৰ যুক্তিযুক্ততা বিচাৰ কৰাঁ। [2018/10m/1c]

  14. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: বৈকুণ্ঠনাথ ভট্টাচাৰ্যৰ ‘কথা-ভাগৱত’ৰ দ্বিতীয় স্কন্ধৰ যোগেদি শ্ৰীকৃষ্ণৰ মাহাত্ম্য কেনেদৰে প্ৰকাশ পাইছে, বিচাৰ কৰাঁ। [2018/15m/3c]

  15. তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখা: ‘কথা-ভাগৱত’ৰ আধাৰত কবিৰত্ন বৈকুণ্ঠনাথ ভট্টাচাৰ্যৰ গদ্যৰীতিৰ প্ৰধান বিশেষত্বসমূহ চমুকৈ লিখা। [2017/10m/1e]

  16. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ কৰা: ‘কথা-ভাগৱত’ৰ দ্বিতীয় স্কন্ধত ভট্টদেৱে হৰি ভক্তিৰ মহিমা কিদৰে ব্যক্ত কৰিছে, বহলাই লিখা। [2017/15m/3b]

  17. তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘কথাভাগৱত’ দ্বিতীয় স্কন্ধৰ তৃতীয় অধ্যায়ত “সাধুৰ সঙ্গত হৰিকথা শুনিলে সযত্নে জ্ঞান হয় ।” বুলি কোৱা কথাষাৰ ব্যাখ্যা কৰাঁ । [2016/15m/2b]

  18. তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: “ ‘কথা-ভাগৱত’ৰ গদ্যশৈলী অসমীয়া গদ্যৰ প্ৰথম স্তৰৰ চানেকি ।” – কথাষাৰৰ যথাৰ্থতা প্ৰমাণ কৰাঁ । [2016/20m/4a]

  19. তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘কথা ভাগৱত’ৰ প্ৰথম স্কন্ধৰ বিষয়বস্তুৰ চমু আভাস দিয়া। [2015/10m/1e]

  20. তলৰ তিনিটা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: ‘কথা-ভাগৱত’ৰ ভাষাগত বৈশিষ্ট্যৰ আভাস দিয়া। [2015/15m/3c]

  21. তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘কথা-ভাগৱত’ত ‘ভাগৱতৰ দশ লক্ষণ’ৰ কথাখিনি তোমাৰ ভাষাত লিখাঁ। [2014/10m/1d]

  22. তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘কথা-ভাগৱত’ৰ তোমাৰ পাঠ্যাংশৰ আধাৰত ভট্টদেৱৰ গদ্যৰীতিৰ বিশেষত্ববোৰ বিচাৰ কৰাঁ। [2014/15m/3b]

  23. তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘কথা-ভাগৱত’ৰ গদ্যৰীতি আৰু ‘গুৰু-চৰিত-কথা’ৰ গদ্যৰীতিৰ এটি তুলনামূলক আলোচনা যুগুত কৰাঁ। [2014/15m/3c]

  24. তলৰ পাঁচটা প্ৰশ্নৰ উত্তৰ সংক্ষেপে লিখাঁ। প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150টা শব্দৰ ভিতৰত হ’ব লাগিব: অসমীয়া কথা-সাহিত্যলৈ ভট্টদেৱৰ অৱদানৰ বিষয়ে ‘কথা-ভাগৱত’ৰ আলমত আলোচনা কৰাঁ । [2013/10m/1d]

  25. তলৰ প্ৰশ্ন দুটাৰ চমু কিন্তু মূল বিষয় নিৰ্দেশ কৰি উত্তৰ লিখাঁ: ‘কথা-ভাগৱত’ৰ প্ৰথম আৰু দ্বিতীয় অধ্যায়ৰ আলমত ভট্টদেৱৰ গদ্যশৈলীৰ বিষয়ে চমু আলোচনা আগবঢ়োৱাঁ । [2013/25m/4b]

  26. তলৰ পাঁচোটা প্ৰশ্নৰ উত্তৰ সংক্ষেপে লিখা । প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত হ’ব লাগিব: ‘কথা-ভাগৱত’ৰ আধাৰত ভট্টদেৱৰ গদ্যৰ প্ৰধান বিশেষত্বকেইটি কি কি বুলি ঠাৱৰ কৰিবা, লিখা । [2012/12m/1d]

  27. তলৰ প্ৰশ্ন দুটাৰ চমু কিন্তু মূল বিষয় নিৰ্দেশ কৰি উত্তৰ লিখা: ‘কথা-ভাগৱত’ৰ দ্বিতীয় স্কন্ধৰ বিষয়বস্তুৰ এটি পৰিচয় দিয়া । [2012/30m/4a]

  28. তলৰ চাৰিটা প্ৰশ্নৰ উত্তৰ সংক্ষেপে লিখা । প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত হ’ব লাগিব: ভট্টদেৱে কি কাৰণে আৰু এখন ভাগৱত ন কৈ প্ৰণয়ন কৰিবলৈ ল’লে? সেইখন ভাগৱতৰ বিশেষত্ব কি? [2011/15m/1c]

  29. তলৰ যি কোনো তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 200 (দুশ) শব্দৰ ভিতৰত লিখিবাঁ: ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি? তেওঁ ‘ভাগৱত-কথা’ৰ দ্বিতীয় স্কন্ধত মুখ্যতঃ কি বিষয় সামৰিছে? এই স্কন্ধৰ মূল তত্ত্ব কি, উল্লেখ কৰাঁ । [2010/20m/1b]

  30. তলৰ যি কোনো তিনিটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 200 (দুইশ) শব্দৰ ভিতৰত লিখিবাঁ: ভট্টদেৱৰ ‘কথা-ভাগৱত’ৰ দ্বিতীয় স্কন্ধৰ বিষয়বস্তু চমুকৈ আলোচনা কৰাঁ । [2009/20m/1b]

1.7] ‘গুৰুচৰিত-কথা’ (শংকৰদেৱৰ অংশ; সম্পা. মহেশ্বৰ নেওগ)

30 questions

  1. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: ‘গুৰু-চৰিত’ৰ আধাৰত তদানীন্তন সমাজৰ এটি ৰূপৰেখা দাঙি ধৰাঁ । [2026/10m/1e]

  2. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: চৰিত-সাহিত্য বুলিলে কি বুজা? চৰিত-সাহিত্যৰ বৈশিষ্ট্যসমূহ ‘গুৰু-চৰিত’ত কিদৰে প্ৰতিফলিত হৈছে, আলোচনা কৰাঁ । [2026/20m/3a]

  3. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘গুৰুচৰিত-কথা’ত সমকালীন অসমৰ ধৰ্মীয় জীৱনৰ চিত্ৰ কেনেদৰে প্ৰতিফলিত হৈছে, সেই বিষয়ে মহাপুৰুষ শংকৰদেৱৰ জীৱন-বৃত্তৰ আধাৰত বিশ্লেষণ কৰাঁ । [2025/20m/2a]

  4. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘চৰিত তোলা প্ৰথা’ৰ সংজ্ঞা দাঙি ধৰি মধ্যযুগত চৰিত-সাহিত্যৰ বিস্তৃতিৰ ক্ষেত্ৰত বিভিন্ন সত্ৰ অনুষ্ঠানৰ ভূমিকা সম্পৰ্কে বৰ্ণনা কৰাঁ । [2025/15m/4c]

  5. তলত দিয়া প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ: ‘গুৰু-চৰিত-কথা’ত মানৱ শংকৰদেৱৰ চৰিত্ৰত কেনেদৰে দৈৱত্ব আৰোপ কৰা হৈছে, উদাহৰণসহ আলোচনা কৰাঁ । [2024/10m/1c]

  6. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: মধ্যযুগীয় অসমীয়া সাহিত্যৰ অন্যতম সম্পদ চৰিত পুথিবোৰৰ কিছুমান আছিল ছন্দোবদ্ধ আৰু কিছুমান আছিল গদ্যত ৰচিত । গদ্যত ৰচিত ‘গুৰু-চৰিত-কথা’ৰ আধাৰত চৰিত পুথিৰ গদ্যৰ সাধাৰণ বৈশিষ্ট্যসমূহ আলোচনা কৰাঁ । [2024/15m/4c]

  7. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: ‘গুৰু-চৰিত-কথা’ত শংকৰদেৱৰ জন্ম আৰু বাল্যকালছোৱা কিদৰে অংকন কৰা হৈছে, এটি আলোচনা যুগুতোৱাঁ । [2022/10m/1e]

  8. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘গুৰু-চৰিত-কথা’ৰ গদ্য-ৰীতিৰ বৈশিষ্ট্যসমূহৰ এটি সম্যক আভাস দিয়াঁ । [2022/15m/2c]

  9. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘গুৰুচৰিত কথা’ৰ আলমত শংকৰদেৱ আৰু মহাৰাজ নৰনাৰায়ণৰ বাৰ্তালাপৰ আভাস দিয়াঁ। [2020/15m/2c]

  10. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘গুৰুচৰিত কথা’ৰ আধাৰত মধ্যযুগৰ অসমৰ সামাজিক আৰু অৰ্থনৈতিক অৱস্থাৰ আভাস দিয়াঁ। [2020/15m/3c]

  11. তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘গুৰুচৰিত কথা’ৰ গদ্যৰীতিৰ আভাস দিয়াঁ। [2020/15m/4b]

  12. তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখা: ‘গুৰুচৰিত-কথা’ৰ আধাৰত শংকৰদেৱৰ বাল্যকাল সম্বন্ধে এটি আলোচনা আগবঢ়োৱা। [2019/10m/1e]

  13. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখা: “‘গুৰুচৰিত-কথা’ৰ গদ্য মধ্যযুগৰ অসমীয়া গদ্য সাহিত্যৰ উৎকৃষ্ট নিদৰ্শন।” কথাষাৰ ব্যাখ্যা কৰি এটি নিবন্ধ যুগুত কৰা। [2019/15m/3b]

  14. তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150টা শব্দৰ ভিতৰত লিখাঁ: ‘গুৰুচৰিত-কথা’ৰ গদ্যৰীতিৰ বিষয়ে এটি সমীক্ষা আগবঢ়োৱাঁ। [2018/10m/1e]

  15. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমত চৰিত তোলা প্ৰথা ক’ত, কেনেদৰে আৰম্ভ হ’ল সেই বিষয়ে উল্লেখ কৰি মুখ্য চৰিত-পুথি কেইখনমানৰ বিষয়ে এটি নাতিদীৰ্ঘ প্ৰবন্ধ যুগুত কৰাঁ। [2018/15m/2c]

  16. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ কৰা: ‘গুৰুচৰিত-কথা’ত সমকালীন অসমৰ ধৰ্মীয় আৰু সামাজিক জীৱনৰ চিত্ৰ কিদৰে প্ৰতিফলিত হৈছে, বিশ্লেষণ কৰা। [2017/20m/2a]

  17. তলৰ তিনিওটা প্ৰশ্নৰ উত্তৰ কৰা: ‘গুৰুচৰিত-কথা’ৰ আধাৰত মাধৱদেৱৰ গুৰু-সেৱাৰ কেইটিমান নিদৰ্শন দাঙি ধৰি তেওঁৰ গুৰু-ভক্তিৰ পৰিচয় দিয়া। [2017/20m/4a]

  18. তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘গুৰু-চৰিত-কথা’ ত শঙ্কৰদেৱৰ জীৱনকথা কিদৰে বৰ্ণিত হৈছে লিখাঁ । [2016/10m/1e]

  19. তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘গুৰু-চৰিত-কথা’ ত তৎকালীন অসমৰ সামাজিক জীৱনৰ চিত্ৰ কিদৰে প্ৰতিফলিত হৈছে লিখাঁ । [2016/15m/2c]

  20. তলৰ তিনিটা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: ‘গুৰু-চৰিত-কথা’ত কেইজন গুৰুৰ জীৱন-বৃত্তান্ত সন্নিৱিষ্ট হৈছে আৰু তাত মাধৱদেৱৰ বিষয়ে কি কি গুৰুত্বপূৰ্ণ কথা আছে, লিখা। [2015/20m/3a]

  21. তলৰ তিনিটা প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: ‘গুৰু-চৰিত-কথা’ৰ আঁত ধৰি শংকৰদেৱে তেওঁৰ শৰণ-নীতি সম্পৰ্কে নৰনাৰায়ণৰ সম্মুখত কি কৈছিল, চমুকৈ লিখা। [2015/15m/3b]

  22. তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘গুৰু-চৰিত-কথা’ত শঙ্কৰদেৱৰ শিক্ষা আৰু ধৰ্মীয় জীৱনৰ কোনবোৰ দিশ সামৰি লোৱা হৈছে, আলোচনা কৰাঁ। [2014/20m/3a]

  23. তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘কথা-ভাগৱত’ৰ গদ্যৰীতি আৰু ‘গুৰু-চৰিত-কথা’ৰ গদ্যৰীতিৰ এটি তুলনামূলক আলোচনা যুগুত কৰাঁ। [2014/15m/3c]

  24. তলৰ তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 250 টা শব্দৰ ভিতৰত লিখিব লাগিব: ‘গুৰু-চৰিত-কথা’ৰ আধাৰত মধ্যযুগৰ অসমৰ শিক্ষাব্যৱস্থা আৰু অৰ্থনৈতিক অৱস্থাৰ কি আভাস পোৱা যায়, আলোচনা কৰাঁ। [2014/15m/4c]

  25. তলৰ প্ৰশ্ন দুটাৰ চমু কিন্তু মূল বিষয় নিৰ্দেশ কৰি উত্তৰ লিখাঁ: ‘গুৰু-চৰিত-কথা’ৰ আলমত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনৰ পটভূমি বৰ্ণনা কৰাঁ। [2013/25m/4a]

  26. তলৰ প্ৰশ্ন দুটাৰ চমু কিন্তু মূল বিষয় নিৰ্দেশ কৰি উত্তৰ লিখা: ‘গুৰু-চৰিত-কথা’ৰ আধাৰত শংকৰদেৱৰ প্ৰথমবাৰৰ তীৰ্থ-ভ্ৰমণৰ এটি পৰিচয় দিয়া । [2012/30m/4b]

  27. তলৰ প্ৰশ্ন দুটাৰ উত্তৰ চমুকৈ লিখা: “অসমীয়া গদ্য সাহিত্যৰ বিকাশত ‘গুৰু-চৰিত কথা’ নিঃসন্দেহে এটা মাইলৰ খুটা ।” কথাষাৰৰ যথাৰ্থতা দৰ্শোৱা আৰু যুক্তি সহকাৰে প্ৰতিপন্ন কৰা । [2011/30m/4a]

  28. তলৰ প্ৰশ্ন দুটাৰ উত্তৰ চমুকৈ লিখা: ‘গুৰু-চৰিত কথা’ৰ ভিত্তিত মহাপুৰুষ শংকৰদেৱৰ বাল্যকাল তথা ‘যি মূলা বাঢ়িব দু-পাততে চিন’ গুৰুজনাৰ পঢ়াশলীয়া জীৱনৰ বিষয়ে তোমাৰ ভাষাত লিখা । [2011/30m/4b]

  29. তলৰ যি কোনো তিনিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 200 (দুশ) শব্দৰ ভিতৰত লিখিবাঁ: ‘গুৰুচৰিত-কথা’ৰ আধাৰত শঙ্কৰদেৱে কৰা ‘চিহ্নযাত্ৰা’ৰ এটি বিৱৰণ দিয়াঁ । [2010/20m/1d]

  30. তলৰ যি কোনো তিনিটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 200 (দুইশ) শব্দৰ ভিতৰত লিখিবাঁ: ‘গুৰু চৰিত-কথা’ত শংকৰদেৱৰ শৈশৱ আৰু কৈশোৰৰ ছবি কিদৰে ফুটাই তোলা হৈছে, আলোচনা কৰাঁ । [2009/20m/1d]

Cover of the UPSC Mains Topic-wise and Year-wise PYQs book (2013–2026)

From the Optional Province team

Strengthen your GS papers

Our UPSC Mains Topic-wise & Year-wise PYQ Book (2013–2026) maps every GS question to the syllabus, so you know what UPSC asks and how often. Now available as a hard copy and an eBook.

Buy Hard Copy on AmazonBuy eBook (PDF)

Download a free sample

Spotted an error? Tell us.

We classify every PYQ with care, but mistakes can slip in. If a question is in the wrong topic, has a typo, the wrong year, or is missing, let us know. We review every report and update the page.

Report an Error

« Previous: অসমীয়া সাহিত্যৰ ইতিহাস · Next: খণ্ড খ: আধুনিক সাহিত্য »

Back to: Assamese Literature Optional PYQs – Topic-wise

Last updated: 2 November 2026