Here are all 198 questions on ভাষা asked in UPSC Assamese Literature Optional Paper I (2009–2026), arranged under the 8 topics of this unit. Within each topic the latest questions come first.
Each question ends with a code such as [2024/15m/3b] – the year, the marks, the word limit (where UPSC set one) and the question number in the paper.

1.1] অসমীয়া ভাষাৰ উৎপত্তি আৰু বিকাশ
30 questions
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: অসমীয়া ভাষাৰ বিকাশৰ স্তৰকেইটাৰ পৰিচয় দি এটি টোকা লিখাঁ । [2026/10m/1a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: চমু টোকা লিখাঁ:
(i) প্ৰাচীন ভাৰতীয় আৰ্যভাষা
(ii) নিৰ্দিষ্টতাবাচক প্ৰত্যয়
(iii) অসমীয়া ভাষাৰ ব্যঞ্জনবৰ্ণ [2026/15m/3b]তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: চমু টোকা লিখাঁ:
(i) কানাই বৰশীবোৱা শিলালিপি
(ii) ‘চৰ্যাপদ’ৰ ভাষাগত বৈশিষ্ট্য
(iii) মান্য ভাষা আৰু উপভাষাৰ মাজত পাৰ্থক্য [2026/15m/3c]তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: মূল ইণ্ডো-য়ুৰোপীয় ভাষা-পৰিয়ালৰ পৰা কিদৰে অসমীয়া ভাষাৰ উদ্ভৱ হৈছিল, আলোচনা কৰাঁ । [2025/10m/1a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: চৰ্যাপদৰ সময়ৰ পৰা শংকৰদেৱৰ সময়লৈকে অসমীয়া ভাষাৰ বিকাশৰ ধাৰাটো আলোচনা কৰাঁ । [2025/20m/2a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: ভাৰতীয় আৰ্যভাষাত অসমীয়া ভাষাৰ স্থান নিৰ্ধাৰণ কৰাঁ । [2024/10m/1a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া ভাষাৰ বিকাশত পালি, প্ৰাকৃত, অপভ্ৰংশ স্তৰসমূহৰ বিস্তৃতভাৱে আলোচনা কৰাঁ । [2024/20m/2a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: অসমীয়া ভাষাৰ উদ্ভৱৰ কাল নিৰ্ণয় কৰি ইয়াৰ বিকাশৰ গতিধাৰা সম্পৰ্কে বিৱৰি লিখাঁ । [2022/10m/1a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া ব্ৰজাৱলী বা ব্ৰজবুলি ভাষাৰ বৈশিষ্ট্যসমূহ নিৰ্ণয় কৰি ইয়াৰ ৰচনাৰ কাল সম্পৰ্কে আলোচনা কৰাঁ । [2022/20m/4a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘চৰ্যাপদ’ৰ ৰচনাকাল সম্পৰ্কে উল্লেখ কৰি ইয়াৰ ভাষাৰ বৈশিষ্ট্য নিৰূপণ কৰাঁ । [2022/15m/6b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: উদ্ভৱ কালৰ পৰা অসমীয়া ভাষাৰ ক্ৰমবিকাশৰ ৰূপ নিৰ্ণয় কৰা। [2020/10m/1a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: কাল আৰু বৈশিষ্ট্য অনুসৰি ভাৰতীয় আৰ্য ভাষাৰ স্তৰসমূহ বিভাজন কৰি দেখুওৱা আৰু অসমীয়া ভাষাৰ উৎস বিচাৰ কৰা। [2020/20m/3a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: চৰ্যাগীতৰ ভাষিক বৈশিষ্ট্য সম্পৰ্কে এটি টোকা লিখা। [2020/10m/5c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশৰ বিষয়ে বহলাই আলোচনা কৰা। [2019/10m/1a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখা: অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কত থকা প্ৰধান মত দুটা কি কি? তুমি কোনটো মত নিৰ্ভৰযোগ্য বুলি ভাবা, যুক্তিসহ আলোচনা কৰা। [2018/10m/1a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰা: ভাৰতীয় আৰ্যভাষাক কেইটা স্তৰ বা ভাগত ভাগ কৰা হৈছে? প্ৰতিটো স্তৰৰ সময় আৰু বৈশিষ্ট্য উল্লেখ কৰি নব্য-ভাৰতীয় আৰ্যভাষা হিচাপে অসমীয়া ভাষাৰ উৎসৰ বিষয়ে লিখা। [2018/20m/3a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰা: “অসমীয়া ভাষা মাগধী প্ৰাকৃতৰ পৰা উদ্ভৱ হৈছে।” উক্ত কথাষাৰিৰ যুক্তিযুক্ততা প্ৰতিপন্ন কৰা। [2018/15m/4c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ । অসমীয়া ভাষাৰ মূল নিৰ্ণয় কৰি ইয়াৰ উদ্ভৱ আৰু ক্ৰমবিকাশ দেখুওৱাঁ । [2017/10m/1a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ । চৰ্যাপদৰ ভাষা সম্পৰ্কে এটি টোকা লিখাঁ । [2017/10m/5e]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: ঐতিহাসিক দৃষ্টিভংগীৰে অসমীয়া ভাষাৰ উদ্ভৱ আৰু বিকাশ সম্পৰ্কে আলোচনা কৰা । [2016/10m/1a]
তলৰ পাঁচটো প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ: অসমীয়া ভাষাৰ উৎস আৰু ইয়াৰ ঐতিহাসিক ক্ৰমবিকাশ সম্পৰ্কে এটি ৰচনা যুগুত কৰাঁ । [2015/10m/1a]
ভাৰতীয় আৰ্যভাষাক কেইটা ভাগত ভাগ কৰা হয়? এই ভাষাৰ পৰা কি কি স্তৰৰ মাজেদি আহি কি ৰূপত অসমীয়া ভাষাৰ উদ্ভৱ হল লিখাঁ । [2015/15m/2b]
তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিবা । ‘অসমীয়া ভাষাটো মাগধী প্ৰাকৃতৰ প্ৰাচ্য অপভ্ৰংশৰ পৰা উদ্ভৱ হোৱা বুলি কোৱা হয় – এই মত কিমানদূৰ গ্ৰহণযোগ্য আলোচনা কৰাঁ । [2014/10m/1a]
তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিবা । প্ৰত্ন অসমীয়াৰ প্ৰথম সাহিত্যিক নিদৰ্শন চৰ্যাগীতৰ ভাষাৰ লগত অসমীয়া ভাষাৰ মিল-অমিল বিচাৰ কৰাঁ । [2014/10m/1b]
তলৰ চাৰিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 কৈ শব্দৰ ভিতৰত লিখিবা: অসমীয়া ভাষাৰ উদ্ভৱ আৰু ক্ৰমবিকাশ সম্পৰ্কে চমুকৈ লিখাঁ। [2013/10m/1a]
তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: মধ্য-ভাৰতীয় আৰ্য ভাষাক কেইটা আৰু কি কি স্তৰত ভাগ কৰা হৈছে? সময় উল্লেখ কৰি প্ৰতিটো স্তৰৰ ভাষাগত বৈশিষ্ট্যলৈ আঙুলিয়াই এটি আলোচনা যুগুত কৰাঁ । [2012/12m/1a]
তলৰ চাৰিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 কৈ শব্দৰ ভিতৰত লিখিবাঁ: অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কে ভাষাবিজ্ঞানীসকলে ব্যক্ত কৰা অভিমতসমূহ বিশ্লেষণ কৰি কোনটো অভিমত তুমি গ্ৰহণযোগ্য বুলি ভাবা, যুক্তি সহকাৰে লিখাঁ । [2011/15m/1a]
যি কোনো তিনিটা প্ৰশ্ন বাছি লৈ প্ৰতিটোৰ উত্তৰ 200 (দুশ) শব্দৰ ভিতৰত লিখাঁ: প্ৰচীন ভাৰতীয় আৰ্যভাষা বুলিলে কি বুজা? ইয়াৰ স্তৰকেইটা কি কি আৰু সেই স্তৰবোৰৰ মাজেদি আহি অসমীয়া ভাষাৰ কেনেকৈ উদ্ভৱ হ’ল, লিখাঁ । [2010/20m/1a]
যি কোনো তিনিটা প্ৰশ্ন বাছি লৈ প্ৰতিটোৰ উত্তৰ 200 (দুশ) শব্দৰ ভিতৰত লিখাঁ: চৰ্যাপদসমূহে অসমীয়া সাহিত্যৰ কোনটো স্তৰ নিৰ্দেশ কৰে? চৰ্যাৰ ভাষাত থকা অসমীয়া ভাষাৰ ধ্বনিগত আৰু ৰূপগত বৈশিষ্ট্য কেতবোৰ দেখুৱাই ইয়াৰ ভাষাক সন্ধ্যাভাষা বোলাৰ কাৰণ ব্যাখ্যা কৰাঁ । [2010/20m/5b]
যি কোনো তিনিটা প্ৰশ্ন বাছিলৈ প্ৰতিটোৰ উত্তৰ 200 (দুইশ) শব্দৰ ভিতৰত লিখাঁ: অসমীয়া ভাষাৰ মূল কি? এই ভাষাৰ জন্ম আৰু ক্ৰমবিকাশ সম্পৰ্কে আলোচনা কৰাঁ । [2009/20m/1a]
1.2] অসমীয়া গদ্যৰ বিকাশ
31 questions
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: অসমীয়া গদ্যসাহিত্যলৈ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য্যৰ অৱদান সম্পৰ্কে চমুকৈ লিখাঁ । [2026/10m/1d]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া গদ্যৰ বিকাশত বুৰঞ্জী সাহিত্যৰ স্থান নিৰ্ণয় কৰি বুৰঞ্জীৰ গদ্যৰ প্ৰধান বৈশিষ্ট্যসমূহ লিখাঁ । [2026/15m/4c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: ‘কথা-গীতা’ আৰু ‘কথা-ভাগৱত’ৰ আধাৰত ৰচোঁতাৰ গদ্যৰীতিৰ বিচাৰ কৰাঁ । [2025/15m/2c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: বুৰঞ্জী আৰু চৰিতপুথিৰ গদ্যশৈলীৰ এটি তুলনামূলক নিবন্ধ যুগুত কৰাঁ । [2025/15m/3b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: বুৰঞ্জীৰ গদ্য সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰাঁ । [2024/10m/1c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া গদ্য-সাহিত্যৰ জনক হিচাপে ভট্টদেৱৰ গদ্যৰ বিশ্লেষণ কৰাঁ । [2024/15m/2b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: চৰিত পুথিৰ গদ্য সম্পৰ্কে এটি আলোচনা আগবঢ়োৱাঁ । [2022/10m/1b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া গদ্যৰ ইতিহাসত শঙ্কৰোত্তৰ কালৰ গদ্যৰ অৱদানৰ বিষয়ে বিৱৰি লিখাঁ । [2022/20m/3a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: বুৰঞ্জী সাহিত্যৰ ৰচনাকাল নিৰ্ণয় কৰি ইয়াৰ গদ্যৰ এক চমু আলোচনা আগবঢ়োৱাঁ । [2022/15m/4b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: অসমীয়া ব্ৰজবুলি গদ্যৰ বৈশিষ্ট্য বিশ্লেষণ কৰা। [2020/10m/1b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: প্ৰাচীন অসমীয়া গদ্যৰ ক্ৰমবিকাশৰ ধাৰাটো বিশ্লেষণ কৰা। [2020/15m/2c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: বুৰঞ্জীৰ গদ্যৰ লক্ষণসমূহ চমুকৈ আলোচনা কৰি এটি প্ৰবন্ধ লিখা। [2019/10m/1b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: ‘গুৰু-চৰিত-কথা’ৰ গদ্যশৈলীৰ বিশেষত্ব আলোচনা কৰা। [2019/15m/3c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখা: অসমীয়া ব্ৰজবুলি গদ্যৰ জনক কোন? তেওঁৰ গদ্যৰ বিষয়ে চমুকৈ লিখা। [2018/10m/1b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰা: অসমীয়া গদ্যসাহিত্যলৈ বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য্যৰ অৱদান সম্পৰ্কে চমুকৈ লিখা। [2018/15m/3c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰা: ব্যৱহাৰিক গদ্য হিচাপে অসমীয়া বুৰঞ্জী-সাহিত্যৰ গদ্যৰ বিশেষত্ব সম্পৰ্কে আলোচনা কৰা। [2018/20m/4a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ । গুৰুচৰিতৰ গদ্য সম্পৰ্কে এটি চমু প্ৰৱন্ধ লিখাঁ । [2017/10m/1b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: অসমীয়া গদ্য-সাহিত্যৰ জনক কোন? তেওঁৰ গদ্যৰ নমুনা দি বিশদভাৱে আলোচনা কৰা । [2016/10m/1b]
তলৰ পাঁচটো প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ: অসমীয়া গদ্য সাহিত্যৰ বিকাশত ভট্টদেৱৰ অৱদানৰ বিষয়ে আলোচনা কৰাঁ । [2015/10m/1b]
অসমীয়া গদ্যৰ বিকাশৰ সকলো দিশ সামৰি এটি টোকা লিখাঁ । [2015/15m/2c]
তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিবা । অংকীয়া নাটৰপাৎ গুৰুবৰিত কথালিকে এই সময়ছোৱাৰ অসমীয়া গদ্যৰ বিকাশৰ এটি চমু আভাস দিয়াঁ । [2014/10m/1e]
কথাগীতা-কথা ভাগৱতৰ পৰা অৰুনোদইৰ আগলৈকে, এই সময়ছোৱাৰ গদ্যৰ বিষয়ে আলোচনা কৰাঁ । [2014/15m/2b]
‘গুৰু-চৰিত-কথা’ ৰ গদ্যৰ ভাষা কেনেধৰণৰ? উদাহৰণৰ সৈতে বিবৰি লিখাঁ । [2014/15m/4c]
তলৰ চাৰিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 কৈ শব্দৰ ভিতৰত লিখিবা: অসমীয়া গদ্য সাহিত্যৰ ইতিহাসৰ চমু বিৱৰণ দিয়াঁ। [2013/10m/1b]
তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: অসমীয়া গদ্য-সাহিত্যৰ বিকাশত ভট্টদেৱৰ গদ্যৰ গুৰুত্ব বিচাৰ কৰি এটি তুলনামূলক আলোচনা আগবঢ়োৱাঁ । [2012/12m/1e]
‘অৰুণোদয়’ৰ গদ্যৰীতি সম্পৰ্কে এটি চমু নিবন্ধ যুগুত কৰাঁ । [2012/30m/4a]
‘গুৰু-চৰিত-কথা’ৰ গদ্যৰ ভাষা সম্পৰ্কে আলোচনা কৰাঁ । [2012/30m/4b]
আৰম্ভণিৰ পৰা ঊনবিংশ শতিকাৰ সমাপ্তিলৈকে অসমীয়া গদ্যৰ গতিধাৰাৰ এটি সমীক্ষা উপস্থাপন কৰাঁ । [2011/0m/4a]
‘কথা-ভাগৱত’ আৰু ‘কথা-গুৰুচৰিত’ৰ ভাষাৰ মৌলিক পৃথকতাসমূহ দেখুৱাই আলোচনা এটি দাঙি ধৰাঁ । [2011/60m/4b]
যি কোনো তিনিটা প্ৰশ্ন বাছি লৈ প্ৰতিটোৰ উত্তৰ 200 (দুশ) শব্দৰ ভিতৰত লিখাঁ: অসমীয়া গদ্যৰ বিকাশত বুৰঞ্জীৰ গদ্যৰ ভূমিকা সম্পৰ্কে আলোচনা কৰি এটি টোকা লিখাঁ । [2010/20m/1b]
যি কোনো তিনিটা প্ৰশ্ন বাছিলৈ প্ৰতিটোৰ উত্তৰ 200 (দুইশ) শব্দৰ ভিতৰত লিখাঁ: ‘অসমীয়া গদ্যৰ ইতিহাস’–এই শীৰ্ষক এটি চমু প্ৰবন্ধ যুগুত কৰাঁ । [2009/20m/1b]
1.3] অসমীয়া স্বৰধ্বনি আৰু ব্যঞ্জনধ্বনি
22 questions
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: অসমীয়া ভাষাৰ বিশিষ্ট স্বৰবৰ্ণবোৰ নিৰ্ণয় কৰি আখৰৰ লগত মিল অমিল দেখুওৱাঁ । [2026/10m/1e]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: অসমীয়া ভাষাৰ স্বৰধ্বনিসমূহৰ বৈশিষ্ট্য আৰু ব্যৱহাৰ সন্দৰ্ভত এটি নিবন্ধ যুগুতোৱাঁ । [2025/10m/1d]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া ব্যঞ্জনবৰ্ণসমূহৰ বিষয়ে এটি পৰিচয়মূলক টোকা লিখি তাৰে যি কোনো পাঁচোটা বৰ্ণৰ শব্দৰ আদি, মধ্য আৰু অন্ত্য স্থানত হোৱা প্ৰয়োগ দেখুওৱাঁ । [2025/15m/3c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া ভাষাত বিশিষ্ট ব্যঞ্জনধ্বনি কেইটা? উচ্চাৰণৰ স্থান আৰু ধৰণ অনুযায়ী ব্যঞ্জনধ্বনিসমূহৰ এখন তালিকা প্ৰস্তুত কৰি সিহঁতৰ প্ৰয়োগ উদাহৰণসহ দেখুওৱাঁ । [2024/20m/3a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া ধ্বনি বিজ্ঞানত দ্বিস্বৰ আৰু শ্ৰুতিধ্বনিৰ ভূমিকা নিৰূপণ কৰাঁ । [2024/15m/4c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: অসমীয়া ভাষাৰ স্বৰধ্বনি (Vowel phonemes) কেইটা আৰু কি কি? উচ্চাৰণৰ স্থান আৰু উচ্চাৰণৰ ধৰণ অনুযায়ী স্বৰধ্বনিসমূহৰ তালিকা প্ৰস্তুত কৰি দেখুওৱাঁ । [2022/10m/1c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া ব্যঞ্জনধ্বনি (Consonant phonemes) কেইটা আৰু কি কি? যি কোনো পাঁচোটাৰ আদি আৰু মধ্য স্থানত হোৱা প্ৰয়োগ দেখুওৱাঁ । [2022/15m/3c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: অসমীয়া ভাষাৰ ব্যঞ্জন ধ্বনিকেইটাৰ এখন তালিকা প্ৰস্তুত কৰি প্ৰত্যেকৰে প্ৰয়োগ দেখুওৱা। [2020/10m/1c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া ভাষাৰ স্বৰধ্বনি (Vowel phonemes) কেইটা আৰু কি কি? স্বৰধ্বনিৰ তালিকা প্ৰস্তুত কৰি প্ৰত্যেকৰে প্ৰয়োগ দেখুওৱা। [2019/20m/2a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখা: অসমীয়া ভাষাত উচ্চাৰিত বিশিষ্ট স্বৰধ্বনি কেইটা আৰু কি কি? শব্দৰ আদি আৰু মধ্য স্থানত এই স্বৰকেইটাৰ প্ৰয়োগ দেখুওৱা। [2018/10m/1c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখা: অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জনধ্বনিসমূহক কি কি ভিত্তিত, কেনেদৰে শ্ৰেণীবিভাজন কৰা হৈছে, তালিকাভুক্ত কৰি বিৱৰণ দিয়া। [2018/10m/1e]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ । অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জন ধ্বনি কেইটাৰ আখৰৰ লগত থকা পাৰ্থক্য দেখুৱাই এখনি তালিকা প্ৰস্তুত কৰাঁ । [2017/10m/1c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব । বিশিষ্ট ধ্বনি কাক বোলে? অসমীয়া ভাষাৰ বিশিষ্ট স্বৰ ধ্বনি কেইটাৰ বিষয়ে উদাহৰণ দি আলোচনা কৰাঁ । [2017/25m/4b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া ভাষাত বিশিষ্ট স্বৰধ্বনি কেইটা আৰু কি কি? ইহঁতৰ প্ৰয়োগ সম্পৰ্কে উদাহৰণ দি আলোচনা কৰা । [2016/25m/4a]
তলৰ পাঁচটো প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ: অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনি কেইটা আৰু ইহঁতৰ উচ্চাৰণ-প্ৰণালী সম্পৰ্কে তথ্যসম্বলিত আলোচনা আগবঢ়োৱাঁ । [2015/10m/1c]
অসমীয়া ভাষাত প্ৰয়োগ হোৱা বিশিষ্ট ব্যঞ্জনধ্বনি কেইটাৰ তালিকা প্ৰস্তুত কৰি ইহঁতৰ প্ৰয়োগ দেখুওৱাঁ । [2015/15m/3b]
তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিবা । উচ্চাৰণৰ স্থান অনুযায়ী অসমীয়া বিশিষ্ট ব্যঞ্জন ধ্বনিবোৰক ভাগ কৰি দন্তমূলীয় ধ্বনিকেইটাৰ বিষয়ে লিখাঁ । [2014/10m/1d]
তলৰ চাৰিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 কৈ শব্দৰ ভিতৰত লিখিবা: অসমীয়া ভাষাৰ স্বৰধ্বনি কেইটা আৰু কি কি? এখন তালিকা প্ৰস্তুত কৰি দেখুওৱাঁ। [2013/10m/1c]
তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: “সংস্কৃত বৰ্ণমালাৰ আৰ্হিত অসমীয়া বৰ্ণমালা প্ৰস্তুত কৰা হৈছে যদিও অসমীয়াত সংস্কৃতৰ আটাইবোৰ বৰ্ণ উচ্চাৰিত নহয়।” এই উক্তিৰ ভিত্তিত সংস্কৃত আৰু অসমীয়া বৰ্ণমালাৰ এক তুলনামূলক আলোচনা কৰাঁ । [2012/12m/1b]
তলৰ চাৰিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 কৈ শব্দৰ ভিতৰত লিখিবাঁ: অসমীয়া ভাষাৰ ব্যঞ্জনবৰ্ণবোৰৰ উচ্চাৰণস্থান আৰু উচ্চাৰণৰ ধৰণ অনুযায়ী এখন তালিকা প্ৰস্তুত কৰাঁ । [2011/15m/1b]
যি কোনো তিনিটা প্ৰশ্ন বাছি লৈ প্ৰতিটোৰ উত্তৰ 200 (দুশ) শব্দৰ ভিতৰত লিখাঁ: অসমীয়া ভাষাৰ বিশিষ্ট স্বৰধ্বনি কেইটা আৰু কি কি, বৰ্ণবিজ্ঞানৰ আধাৰত প্ৰতিষ্ঠা কৰাঁ । লগতে উচ্চাৰণ অনুসৰি ইবোৰক তালিকাভুক্ত কৰি দেখুওৱাঁ । [2010/20m/1c]
যি কোনো তিনিটা প্ৰশ্ন বাছিলৈ প্ৰতিটোৰ উত্তৰ 200 (দুইশ) শব্দৰ ভিতৰত লিখাঁ: অসমীয়া ভাষাৰ বিশিষ্ট ব্যঞ্জনধ্বনি কেইটা আৰু কি কি? উচ্চাৰণৰ স্থান আৰু উচ্চাৰণৰ ধৰণ অনুসৰি ইয়াক তালিকাভুক্ত কৰি দেখুওৱাঁ আৰু যি কোনো পাঁচোটাৰ প্ৰয়োগ নিৰ্ণয় কৰাঁ । [2009/20m/1c]
1.4] ধ্বনি-পৰিৱৰ্তনৰ নিয়ম
3 questions
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: চমু টোকা লিখাঁ:
(i) সমীভৱন
(ii) ঘোষীভৱন
(iii) অনুনাসিকতা
(iv) স্বৰসঙ্গতি [2026/20m/3a]তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: অসমীয়া ভাষাত স্বৰ আৰু ব্যঞ্জনধ্বনি পৰিৱৰ্তনৰ দৃষ্টান্ত দি আলোচনা কৰা । [2016/10m/1c]
তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: শ্বাসাঘাত বুলিলে কি বুজা? মান্য অসমীয়া আৰু কামৰূপী উপভাষাত শ্বাসাঘাতৰ স্থান নিৰ্ণয় কৰি শ্বাসাঘাতৰ কাৰণে মান্য অসমীয়াৰ শব্দবোৰে কামৰূপী উপভাষাত কেনেধৰণৰ ৰূপ লয়, দেখুওৱাঁ । [2012/12m/1c]
1.5] অসমীয়া শব্দভাণ্ডাৰ আৰু ইয়াৰ উৎস
25 questions
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: অসমীয়া ভাষাত আৰ্যভিন্ন ভাষাৰ উপাদান সম্পৰ্কে উদাহৰণসহ আলোচনা কৰাঁ । [2026/10m/1c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া ভাষাৰ শব্দমালাৰ উৎসবোৰ নিৰ্ণয় কৰি প্ৰবন্ধ যুগুত কৰাঁ । [2026/20m/2a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: অসমীয়া ভাষাত অনাৰ্যমূলীয় শব্দৰ প্ৰভাৱ তথা প্ৰয়োগৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰাঁ । [2025/10m/1c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: কিছুমান সংস্কৃত শব্দ কোনো পৰিৱৰ্তন নোহোৱাকৈ অসমীয়া ভাষাত ব্যৱহৃত হয় আৰু কিছুমান পালি-প্ৰাকৃত-অপভ্ৰংশৰ স্তৰবোৰৰ মাজেৰে আহি পৰিৱৰ্তিত ৰূপত অসমীয়া ভাষাত ব্যৱহৃত হয় । এনে ধৰণৰ শব্দবোৰৰ বিষয়ে খৰচি মাৰি আলোচনা কৰাঁ । [2025/20m/4a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: অসমীয়া শব্দসম্ভাৰত বিদেশীমূলীয় শব্দসম্ভাৰৰ স্থান উদাহৰণসহ নিৰ্ণয় কৰাঁ । [2024/10m/1b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: “অসমীয়া ভাষাৰ শব্দ-ভাণ্ডাৰ বুলিলে এক ব্যাপক ক্ষেত্ৰ বুজায় ।” এই কথাষাৰৰ প্ৰাসংগিকতা উদাহৰণসহ বিশ্লেষণ কৰাঁ । [2024/20m/4a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া শব্দ-সম্ভাৰৰ অন্তৰ্গত তৎসম, অৰ্ধতৎসম আৰু তদ্ভৱ শব্দৰ প্ৰয়োগ উদাহৰণৰ সৈতে লিখাঁ । [2022/15m/2c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: অসমীয়া ভাষাৰ শব্দসম্ভাৰৰ উৎস নিৰ্ণয় কৰি উদাহৰণেৰে বুজাই লিখা। [2020/10m/1d]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া শব্দমালাত থকা আৰ্য-ভিন্ন ভাষাসমূহৰ উপাদান বিশ্লেষণ কৰা। [2020/15m/4b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: অসমীয়া ভাষাৰ শব্দ-ভাণ্ডাৰত কি কি বেলেগ ভাষাৰ শব্দ পোৱা যায়, চমুকৈ আলোচনা কৰা। [2019/10m/1e]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখা: ড০ বাণীকান্ত কাকতিয়ে অসমীয়া ভাষাৰ শব্দসম্ভাৰক কেইটা আৰু কি কি ভাগত ভাগ কৰিছে? উদাহৰণসহ আলোচনা কৰা। [2018/10m/1d]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰা: অসমীয়া ভাষাৰ শব্দভাণ্ডাৰত থকা আৰ্যভিন্ন ভাষাৰ উপাদানবোৰৰ বিষয়ে আলোচনা কৰা। [2018/15m/3b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ । অসমীয়া শব্দমালাৰ উৎসবোৰ উল্লেখ কৰি যিবোৰৰ উদাহৰণৰ সৈতে আলোচনা কৰাঁ । [2017/10m/1d]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: অসমীয়া ভাষাত কি কি ভাষাৰ শাব্দিক প্ৰভাৱ পোৱা যায়, আলোচনা কৰা । [2016/10m/1d]
তলৰ পাঁচটো প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ: অসমীয়া ভাষাৰ শব্দসম্ভাৰত কি কি আৰ্যভিন্ন ভাষাৰ উপাদান পৰিলক্ষিত হয় তথ্যসহকাৰে আলোচনা কৰাঁ । [2015/10m/1e]
অসমীয়া ভাষাত বিদেশী শব্দৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰাঁ আৰু এই সম্পৰ্কীয় তোমাৰ মতামত বিশ্লেষণ সহকাৰে ব্যক্ত কৰাঁ । [2015/15m/4c]
তলৰ পাঁচোটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 150 টা শব্দৰ ভিতৰত লিখিবা । অসমীয়া ভাষাৰ শব্দভাণ্ডাৰত আৰ্যভিন্ন ভাষাৰ উপাদান সম্পৰ্কে আলোচনা কৰাঁ । [2014/10m/1c]
উৎসলৈ লক্ষ্য কৰি অসমীয়া ভাষাৰ শব্দভাঙাৰক কেইটা আৰু কি কি ভাগত ভগাব পাৰি? অসমীয়া ভাষাত বিদেশী শব্দৰ ভূমিকাৰ বিষয়ে আলোচনা কৰাঁ । [2014/20m/2a]
অসমীয়া ভাষাত আৰ্যভিন্ন ভাষাৰ উপাদান সম্পৰ্কে উদাহৰণ দি লিখাঁ। [2013/25m/2a]
অসমীয়া ভাষাৰ শব্দ সম্ভাৰত বিভিন্ন আৰ্য, আৰ্যভিন্ন ভাষাৰ শব্দৰ সমাবেশ ঘটিছে – কথাষাৰৰ যথাৰ্থতা প্ৰমাণ কৰি এক আলোচনা দাঙি ধৰাঁ। [2013/25m/2b]
কি কি আৰ্য-ভিন্ন ভাষাৰ শব্দই অসমীয়া শব্দ ভাণ্ডাৰ চহকী কৰিছে, সেই বিষয়ে উদাহৰণসহ আলোচনা কৰাঁ । [2012/30m/3b]
অসমীয়া ভাষাৰ শব্দ ভাণ্ডাৰলৈ কোন কোন জনগোষ্ঠীৰ ভাষাৰ শব্দৰ প্ৰৱেশ ঘটিছে, আলোচনা কৰাঁ । [2011/0m/2a]
অসমৰ ঠাইৰ নামত জীৱ-জন্তু আৰু গছ-গছনিৰ নাম সম্পৰ্কে এটি চমু আলোচনা যুগুত কৰাঁ । [2011/60m/2b]
অসমীয়া ভাষাৰ ঠাই নামবাচক আৰু নদী নামবাচক শব্দ কিছুমানৰ উৎপত্তি বা উৎস দেখুৱাই এটি নিবন্ধ যুগুত কৰাঁ । [2010/60m/2]
অসমীয়া ভাষাৰ শব্দমালাক কেই ভাগত ভগাব পাৰি? এই ভাষাৰ শব্দমালাত আৰ্য-ভিন্ন ভাষাৰ শব্দৰ প্ৰয়োগ সম্পৰ্কে ফঁহিয়াই আলোচনা কৰাঁ । [2009/60m/2]
1.6] অসমীয়া ৰূপতত্ত্ব
37 questions
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: স্বাৰ্থিক প্ৰত্যয় বুলিলে কি বুজা? অসমীয়া ভাষাৰ স্বাৰ্থিক প্ৰত্যয়ৰ ব্যৱহাৰৰ বিশেষত্ব দেখুৱাই টোকা প্ৰস্তুত কৰাঁ । [2026/15m/2b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: চমু টোকা লিখাঁ:
(i) প্ৰাচীন ভাৰতীয় আৰ্যভাষা
(ii) নিৰ্দিষ্টতাবাচক প্ৰত্যয়
(iii) অসমীয়া ভাষাৰ ব্যঞ্জনবৰ্ণ [2026/15m/3b]তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: কৃৎপ্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় বুলিলে কি বুজা? অসমীয়া ভাষাৰ কৃৎপ্ৰত্যয়বোৰ দেখুৱাই টোকা যুগুত কৰাঁ । [2026/15m/4b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া ভাষাৰ ৰূপতাত্ত্বিক দিশৰ প্ৰধান বৈশিষ্ট্যসমূহ উপযুক্ত উদাহৰণেৰে সৈতে আলোচনা কৰাঁ । [2025/20m/3a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া ভাষাত নিৰ্দিষ্টতাবাচক প্ৰত্যয় আৰু স্ত্ৰী প্ৰত্যয়ৰ প্ৰয়োগ কৰি কিধৰণে শব্দৰ গঠন কৰা হয়, বিশদভাৱে লিখাঁ । [2025/15m/4b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: নিৰ্দিষ্টতাবাচক প্ৰত্যয় আৰু বহুবচনাত্মক প্ৰত্যয় বুলিলে কি বুজা? অসমীয়া ভাষাত এই দুয়ো ধৰণৰ প্ৰত্যয়ৰ প্ৰয়োগ সম্পৰ্কে উদাহৰণসহ বুজাই লিখাঁ । [2024/15m/3c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: শব্দ-বিভক্তিৰ বিষয়ে এটি পৰিচয়মূলক টোকা লিখাঁ । [2024/15m/4b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া ভাষাৰ ক্ৰিয়ামূল (Verb root) বা ধাতুৰ উৎস বিচাৰ কৰি এটি প্ৰবন্ধ যুগুত কৰাঁ । [2022/15m/2b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ সূত্ৰ নিৰ্ণয় কৰি যি কোনো দহটা প্ৰত্যয়ৰ প্ৰয়োগ দেখুওৱাঁ । [2022/15m/3b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: অসমীয়া স্বাৰ্থিক প্ৰত্যয়সমূহৰ প্ৰয়োগ উদাহৰণেৰে স্পষ্ট কৰা। [2020/10m/1e]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: প্ৰত্যয় বুলিলে কি বুজা? অসমীয়া ভাষাৰ প্ৰত্যয়সমূহৰ শ্ৰেণীবিভাজন কৰি উদাহৰণসহ লিখা। [2020/15m/2b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া ভাষাৰ ধাতুৰূপ সম্পৰ্কে উদাহৰণসহ আলোচনা কৰা। [2020/15m/4c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: অসমীয়া ভাষাৰ স্বাৰ্থিক প্ৰত্যয়ৰ প্ৰয়োগ উদাহৰণৰ সৈতে দেখুওৱা। [2019/10m/1c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া ভাষাৰ কৃৎ প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়ৰ প্ৰয়োগ দেখুৱাই চমু আলোচনা দাঙি ধৰা। [2019/15m/2b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: নিৰ্দিষ্টতাবাচক প্ৰত্যয় বুলিলে কি বুজা? অসমীয়া ভাষাৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰৰ চমু আলোচনা কৰা। [2019/15m/2c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া ভাষাত ক্ৰিয়াৰ কাল কেইপ্ৰকাৰৰ আৰু কি কি? উদাহৰণৰ সৈতে লিখা। [2019/20m/4a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: ধাতু কাক বোলে আৰু কেইপ্ৰকাৰৰ? অসমীয়া ভাষাৰ ধাতুৰূপৰ বিষয়ে আলোচনা কৰা। [2019/15m/4c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰা: প্ৰাণীবাচক আৰু অপ্ৰাণীবাচক শব্দৰ পাছত যোগ হোৱা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰে কিদৰে শব্দ বা পদৰ পিছত বহি অৰ্থ প্ৰকাশ কৰে, উদাহৰণসহ আলোচনা কৰা। [2018/15m/2b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰা: অসমীয়া স্বাৰ্থিক প্ৰত্যয়বোৰ ক’ত আৰু কি অৰ্থত, কেনেদৰে ব্যৱহাৰ হয়, উদাহৰণসহ বৰ্ণনা কৰা। [2018/15m/2c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব । প্ৰত্যয় বুলিলে কি বুজা? অসমীয়া ভাষাত ব্যৱহৃত নিৰ্দ্দিষ্টতাবাচক প্ৰত্যয় সম্পৰ্কে উদাহৰণ সহ লিখাঁ । [2017/25m/2a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব । কৃৎপ্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়ৰ বিষয়ে উদাহৰণ সহ লিখাঁ । [2017/25m/2b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব । অসমীয়া ভাষাৰ ধাতুৰূপ সম্পৰ্কে উদাহৰণ সহ আলোচনা কৰাঁ । [2017/25m/4a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: শব্দ সাধনত সহায় কৰা 10টা প্ৰত্যয় উল্লেখ কৰি ইহঁতৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা । [2016/25m/2a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া ভাষাত প্ৰয়োগ হোৱা 10টা নিৰ্দিষ্টতাবাচক প্ৰত্যয়ৰ ভূমিকা সম্পৰ্কে আলোচনা কৰা । [2016/25m/2b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: ক্ৰিয়া বুলিলে কি বুজায়? ৰূপতাত্ত্বিক দৃষ্টিৰে অসমীয়া ভাষাৰ ক্ৰিয়াৰ বিভাজন কৰি আলোচনা কৰা । [2016/25m/4b]
তলৰ পাঁচটো প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ: ধাতু কাক বোলে? অসমীয়া ভাষাৰ ধাতুৰূপ – এই শীৰ্ষক এটি প্ৰৱন্ধ সকলো দিশ সামৰি উদাহৰণসহ লিখাঁ । [2015/10m/1d]
নিৰ্দ্দিষ্টতাবাচক প্ৰত্যয় আৰু স্বাৰ্থিক প্ৰত্যয়ৰ মাজত কি সম্পৰ্ক বা প্ৰভেদ আছে উদাহৰণ দি আলোচনা কৰাঁ । [2015/20m/2a]
অসমীয়া ভাষাত প্ৰয়োগ হোৱা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰৰ এখন তালিকা প্ৰস্তুত কৰি তাৰে দহোটাৰ প্ৰয়োগ দেখুওৱাঁ । [2014/15m/2c]
অসমীয়া ধাতুবোৰক কেইটা ভাগত ভগাব পাৰি? প্ৰতিটো ভাগৰ ধাতুৰ বিষয়ে চমুকৈ লিখাঁ । [2014/15m/3a]
শব্দৰ পাছত যোগ হয় কাৰণে নিৰ্দিষ্টতাবাকে প্ৰত্যয়বোৰক তদ্ধিত প্ৰত্যয়ৰ ভিতৰত ধৰা হয় । কিন্তু এই প্ৰত্যয়বোৰে নতুন অৰ্থবাচক শব্দ গঠন কৰেণে? অসমীয়াত এটা বুজোৱা নিৰ্দিষ্টতাবাচক (unit of one) প্ৰত্যয়বোৰব বিষয়ে লিখাঁ । [2014/20m/3b]
অসমীয়া ভাষাৰ ক্ৰিয়াৰ কাল সম্পৰ্কে বিবৰি লিখাঁ। [2013/25m/4a]
নিৰ্দিষ্টতাবাচক প্ৰত্যয় বুলিলে কি বুজা? অসমীয়া ভাষাত প্ৰয়োগ হোৱা নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰৰ আলোচনা কৰাঁ। [2013/25m/4b]
স্বাৰ্থিক প্ৰত্যয়বোৰৰ নিজা অৰ্থ আছেনে? নামপদ আৰু ক্ৰিয়াপদৰ পাছত যোগ হৈ সেইবোৰে কেনেধৰণৰ অৰ্থ প্ৰকাশ কৰে, আলোচনা কৰাঁ । [2012/30m/2a]
অসমীয়া ভাষাত ক্ৰিয়াৰ কাল কেইটা আৰু কি কি? ‘কৰ্’ আৰু ‘খা’ ধাতু দুটা কাল, ভাব আৰু পুৰুষ অনুযায়ী ৰূপ কৰি দেখুওৱাঁ । [2012/30m/2b]
তলৰ চাৰিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 কৈ শব্দৰ ভিতৰত লিখিবাঁ: অসমীয়া ভাষাৰ নিৰ্দ্দিষ্টতাবাচক প্ৰত্যয়বোৰৰ ব্যৱহাৰ কিদৰে কৰা হয়, উপযুক্ত উদাহৰণ দি ব্যাখ্যা কৰাঁ । [2011/15m/1c]
স্বাৰ্থিক প্ৰত্যয় বুলিলে কি বুজা? অসমীয়া ভাষাত তেনে স্বাৰ্থিক প্ৰত্যয় কোনবোৰ, লিখাঁ আৰু সেইবোৰৰ প্ৰয়োগ-বৈশিষ্ট্য দেখুওৱাঁ । [2010/60m/3]
ক্ৰিয়ামূল বা ধাতু কাক বোলে? অসমীয়া ক্ৰিয়ামূল বা ধাতুৰ উৎস অনুসৰি ইয়াৰ শ্ৰেণীবিভাজন কৰি দেখুওৱাঁ । [2009/60m/4]
1.7] উপভাষা
24 questions
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: অসমীয়া ভাষাৰ উপভাষাকেইটাৰ পৰিচয় দি টোকা যুগুত কৰাঁ । [2026/10m/1b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: মান্য অসমীয়া ভাষাৰ লগত কামৰূপী উপভাষাৰ ধ্বনিতাত্ত্বিক বিশেষত্বসমূহৰ এটি তুলনামূলক আলোচনা যুগুত কৰাঁ । [2026/15m/2c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: মান্য অসমীয়া হিচাপে স্বীকৃত ভাষাটোৰ লগত কামৰূপী উপভাষাৰ শব্দসম্ভাৰ আৰু বাক্যগঠনৰ দিশ সামৰি এটি আলচ যুগুতোৱাঁ । [2025/10m/1b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অঞ্চলভেদে অসমীয়া ভাষাৰ প্ৰধান ৰূপসমূহৰ বিষয়ে লিখাঁ । [2025/15m/2b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: কামৰূপীয়া উপভাষাৰ ধ্বনিগত বৈশিষ্ট্যসমূহৰ বিষয়ে এটি আলোচনা যুগুতোৱাঁ । [2024/10m/1d]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: কামৰূপীয়া উপভাষাৰ মান্য অসমীয়া ভাষাৰ লগত থকা মিল-অমিলসমূহ উদাহৰণসহ আলোচনা কৰাঁ । [2024/15m/3b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: অসমীয়া ভাষাৰ প্ৰধান উপভাষা কেইটা আৰু কি কি? ড০ বাণীকান্ত কাকতিয়ে উল্লেখ কৰা অনুসৰি ইয়াৰ সংক্ষিপ্ত বিৱৰণ দাঙি ধৰাঁ । [2022/10m/1d]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: কামৰূপী উপভাষা আৰু গোৱালপৰীয়া উপভাষাৰ ভৌগোলিক ক্ষেত্ৰ নিৰূপণ কৰি প্ৰত্যেকৰে পাঁচোটাকৈ ভাষাগত বৈশিষ্ট্য নিৰূপণ কৰাঁ । [2022/20m/2a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া ভাষাৰ প্ৰধান উপভাষা কি কি? এইবোৰৰ বৈশিষ্ট্য উদাহৰণসহ আলোচনা কৰা। [2020/20m/2a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: মান্য ভাষা বুলিলে কি বুজা? উপভাষা এটাই কেনে পৰিবেশত মান্য ভাষাৰ ৰূপ লয়? মান্য ভাষা সৃষ্টিত উপভাষাৰ গুৰুত্ব আলোচনা কৰা। [2020/15m/3c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: ভাষা আৰু উপভাষাৰ মাজত থকা সম্পৰ্কৰ বিষয়ে আলোচনা কৰা। [2019/10m/1d]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: মান্য অসমীয়া আৰু কামৰূপী উপভাষাৰ মাজত থকা শব্দগত আৰু ৰূপগত পাৰ্থক্যৰ বিষয়ে আলোচনা কৰা। [2019/15m/4b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰা: মান্য অসমীয়া ভাষা আৰু কামৰূপী উপভাষাৰ মাজত ধ্বনিগত, ৰূপগত আৰু শব্দগত দিশত থকা প্ৰধান পাৰ্থক্যবোৰ উদাহৰণসহ দেখুওৱা। [2018/20m/2a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টা শব্দৰ ভিতৰত লিখাঁ । অসমীয়া ভাষাৰ উপভাষা সম্পৰ্কে এটি নিৱন্ধ যুগুত কৰাঁ । [2017/10m/1e]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: ভাষা আৰু উপভাষাৰ মাজত কি সম্পৰ্ক আছে, আলোচনা কৰা । [2016/10m/1e]
অসমীয়া ভাষাৰ উপভাষা বিষয়ক এখনি ৰচনা যুগুত কৰাঁ । [2015/20m/3a]
কামৰূপী উপভাষাৰ প্ৰধান প্ৰধান বৈশিষ্ট্যসমূহ লিখাঁ আৰু মান্য অসমীয়াৰ লগত মিল বা অমিল দেখুওৱাঁ । [2015/15m/3c]
অসমীয়া ভাষাৰ প্ৰধান উপভাষাকেইটা? কামৰূপী উপভাষাৰ স্থানীয় ৰূপকেইটাৰ নামোল্লেখ কৰি উপভাষাটোৰ ভাষিক বৈশিষ্ট্যৰ বিষয়ে লিখাঁ । [2014/15m/4b]
তলৰ চাৰিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 কৈ শব্দৰ ভিতৰত লিখিবা: ‘অসমীয়া ভাষাৰ উপভাষা’ শীৰ্ষক এক সংক্ষিপ্ত আলোচনা যুগুত কৰাঁ। [2013/10m/1d]
তলৰ চাৰিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 কৈ শব্দৰ ভিতৰত লিখিবা: কামৰূপী উপভাষাৰ ধ্বনিগত আৰু ৰূপগত বৈশিষ্ট্য প্ৰাচীন অসমীয়া গদ্য সাহিত্যত কিদৰে সংৰক্ষিত হৈছে উদাহৰণসহ লিখাঁ। [2013/10m/1e]
তলৰ পাঁচটা প্ৰশ্নৰ প্ৰতিটোৰে উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: উপভাষা আৰু মান্য ভাষা সৃষ্টিৰ কাৰণসমূহ ব্যাখ্যা কৰি এটা উপভাষা কি কি কাৰণত মান্য ভাষালৈ ৰূপান্তৰ হয়, লিখাঁ । [2012/12m/1d]
তলৰ চাৰিটা প্ৰশ্নৰ প্ৰতিটোৰ উত্তৰ 150 কৈ শব্দৰ ভিতৰত লিখিবাঁ: উপভাষা বুলিলে কি বুজা? কামৰূপী উপভাষাৰ লগত অসমীয়া মান্যভাষাৰ ৰূপগত আৰু ধ্বনিগত পাৰ্থক্যবোৰ বিশ্লেষণ কৰাঁ । [2011/15m/1d]
অসমীয়া মান্য ভাষা আৰু কামৰূপী উপভাষাৰ মাজত থকা ধ্বনিগত, ৰূপগত আৰু শব্দগত পাৰ্থক্যবোৰ উদাহৰণসহ দেখুৱাই এটি আলোচনা যুগুত কৰাঁ । [2010/60m/4]
যি কোনো তিনিটা প্ৰশ্ন বাছিলৈ প্ৰতিটোৰ উত্তৰ 200 (দুইশ) শব্দৰ ভিতৰত লিখাঁ: উপভাষাৰ সৃষ্টি কেনেকৈ হয়? অসমীয়া ভাষাৰ প্ৰধান উপভাষা কামৰূপী উপভাষাৰ ভাষাগত বৈশিষ্ট্যবোৰ উল্লেখ কৰি চমু আলোচনা দাঙি ধৰাঁ । [2009/20m/1d]
1.8] অসমীয়া লিপিৰ বিৱৰ্তন (ঊনবিংশ শতিকালৈ)
28 questions
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: চমু টোকা লিখাঁ:
(i) কানাই বৰশীবোৱা শিলালিপি
(ii) ‘চৰ্যাপদ’ৰ ভাষাগত বৈশিষ্ট্য
(iii) মান্য ভাষা আৰু উপভাষাৰ মাজত পাৰ্থক্য [2026/15m/3c]তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: অসমীয়া লিপিৰ উদ্ভৱ আৰু বিকাশ দেখুওৱাঁ, লগতে প্ৰাচীন অসমীয়া আখৰৰ নিদৰ্শনযুক্ত শিলালিপি আৰু তাম্ৰলিপি কেইখনমানৰ নাম ক্ৰম অনুসৰি লিখাঁ । [2026/20m/4a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 টামান শব্দৰ ভিতৰত লিখাঁ: ত্ৰয়োদশ শতিকাৰ পৰা ঊনবিংশ শতিকালৈ অসমীয়া লিপিৰ বিকাশৰ বুৰঞ্জী বিচাৰ কৰাঁ । [2025/10m/1e]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: “অসমীয়া লিপিৰ উৎপত্তি আৰু বিকাশৰ লগত ভাৰতীয় লিপিৰ ইতিহাস ঘনিষ্ঠভাৱে জড়িত ।” এই উক্তিটোৰ সত্যাসত্য নিৰূপণ কৰাঁ । [2025/15m/4c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখিব লাগিব: গড়গঞা, বামুণীয়া আৰু কাইথেলী লিপিৰ বিষয়ে একোটাকৈ চমু টোকা প্ৰস্তুত কৰাঁ । [2024/10m/1e]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া লিপিৰ সৈতে ব্ৰাহ্মী আৰু কুটিল লিপিৰ সম্পৰ্ক বিচাৰ কৰাঁ । [2024/15m/2c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ 150 শব্দৰ ভিতৰত লিখাঁ: অসমীয়া লিপিৰ ইতিহাসৰ এক ৰূপৰেখা দাঙি ধৰাঁ । [2022/10m/1e]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখাঁ: আহোম যুগৰ অসমীয়া লিপি সম্পৰ্কে বিৱৰি লিখাঁ । [2022/15m/4c]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: কাইথেলী, বামুণীয়া আৰু গড়গঞা লিপিৰ বৈশিষ্ট্যসমূহ প্ৰদৰ্শন কৰা। [2020/15m/3b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া লিপিৰ ক্ৰমবিৱৰ্তিত ধাৰাটোৰ পৰিচয় দিয়া। [2020/20m/4a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া লিপিৰ বিকাশৰ ইতিহাস বৰ্ণনা কৰা। [2019/20m/3a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: ব্ৰাহ্মীলিপিৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। [2019/15m/3b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ কৰা: আহোম যুগত প্ৰয়োগ হোৱা লিপিসমূহৰ বিৱৰণ দাঙি ধৰি ইয়াৰ বৈশিষ্ট্য উল্লেখ কৰা। [2018/15m/4b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব । অসমীয়া লিপিৰ বিবৰ্ত্তণৰ ধাৰা সম্পৰ্কে এটি আলোচনা আগবঢ়োৱাঁ । [2017/25m/3a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব । ব্ৰাহ্মী লিপি আৰু খৰোষ্ঠী লিপিৰ বৈশিষ্ট্য দেখুৱাই এটি টোকা যুগুত কৰাঁ । [2017/25m/3b]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: অসমীয়া লিপিৰ বিকাশ সম্পৰ্কে ঐতিহাসিক দৃষ্টিভংগীৰে আলোচনা কৰা । [2016/25m/3a]
তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ লিখিব লাগিব: আহোম যুগত প্ৰয়োগ হোৱা লিপিসমূহৰ বিৱৰণ দি ইয়াৰ বৈশিষ্ট্য উল্লেখ কৰা । [2016/25m/3b]
অসমীয়া লিপিৰ উদ্ভৱ আৰু বিকাশ সম্পৰ্কে এখনি ৰচনা যুগুত কৰাঁ । [2015/20m/4a]
ব্ৰাহ্মী আৰু খৰোষ্ঠী লিপি কি? আহোম যুগৰ কাইথেলি আৰু গড়গঞা লিপিৰ লগত ইবোৰৰ কিবা সম্পৰ্ক আছে নে নাই আলোচনা কৰাঁ । [2015/15m/4b]
অসমীয়া লিপিৰ এক দীঘলীয়া ইতিহাস আছে – কথাষাৰৰ সক্ষমতা প্ৰমাণ কৰি এক আলোচনা দাঙ্গি ধৰাঁ । [2014/15m/3c]
1206 খ্ৰীষ্টাব্দৰ পৰা 1846 খ্ৰীষ্টাব্দৰ পৰা অসমীয়া লিপিৰ বিকাশৰ এটি চমু বিৱৰণ দিয়াঁ । [2014/20m/4a]
অসমীয়া লিপিৰ মূল কি? অসমীয়া লিপিৰ বিকাশ সম্পৰ্কে ফাঁহিয়াই লিখাঁ। [2013/25m/3a]
কায়থেলি আৰু গড়গঞা লিপিৰ বৈশিষ্ট্য বিচাৰ কৰি অসমীয়া লিপিৰ বিকাশত ইয়াৰ স্থান নিৰূপণ কৰাঁ। [2013/25m/3b]
প্ৰাচীন অসমীয়া লিপিৰ ইতিহাস দাঙি ধৰাঁ । [2012/30m/3a]
বামুণীয়া, গড়গঞা আৰু কায়থেলি লিপিৰ বিকাশ আৰু বৈশিষ্ট্য সম্পৰ্কে এটি প্ৰবন্ধ যুগুত কৰাঁ । [2011/0m/3a]
অমসীয়া লিপিৰ মূল বিচাৰ কৰি এটি আলোচনা প্ৰস্তুত কৰাঁ । [2011/60m/3b]
যি কোনো তিনিটা প্ৰশ্ন বাছি লৈ প্ৰতিটোৰ উত্তৰ 200 (দুশ) শব্দৰ ভিতৰত লিখাঁ: ব্ৰাহ্মী লিপিৰ পৰা কুটিল লিপিৰ মাজেদি বিকশিত হৈ কেনেকৈ অসমীয়া লিপিয়ে ছপা ৰূপত আত্মপ্ৰকাশ কৰিলে, সেই সম্পৰ্কে বহলাই আলোচনা কৰাঁ । [2010/20m/1d]
অসমীয়া লিপিৰ জন্ম আৰু ক্ৰমবিকাশৰ ইতিহাস নিৰ্ণয় কৰি এক চমু প্ৰবন্ধ যুগুত কৰাঁ । [2009/60m/3]
Next: সাহিত্য-সমালোচনা আৰু সাহিত্যৰ ৰূপ »
Back to: Assamese Literature Optional PYQs – Topic-wise
Last updated: 2 November 2026

